নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা যুঁজৰ সমানে বিকাশ উন্নয়নত অগ্রসৰ অসম

ৰাজহুৱা শিক্ষাক লৈ আশাবাদী মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   ৰাজহুৱা স্বাস্থ্যখণ্ডৰ দৰে ৰাজহুৱা শিক্ষাখণ্ডক লৈও সম্পূর্ণ আশাবাদী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ভাষণ প্রসংগত মন্ত্রী ড০ শর্মাই এই আশা ব্যক্ত কৰি কয় যে এসময়ত ৰাজহুৱা স্বাস্থ্য আৰু ৰাজহুৱা শিক্ষা সম্পূর্ণৰূপে বিধ্বস্ত বুলি মানুহৰ মনত ধাৰণা আছিল৷ সেই ধাৰণাৰ বশৱর্তী হৈ মধ্যবিত্ত শ্রেণীয়ে স্বাস্থ্য সেৱাৰ ক্ষেত্রত নার্ছিং হোম আৰু শিক্ষা গ্রহণৰ ক্ষেত্রত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ যোৱাটো নিয়ম হিচাপে বনাই লৈছিল৷ কিন্তু এইবাৰ ক’ভিড কালত ৰাজহুৱা স্বাস্থ্যখণ্ডই সময়ৰ লগত নিজকে কেনেদৰে পৰিৱর্তন কৰিব পাৰে, শক্তিশালী কৰিব পাৰে সেয়া দেখুৱাই দিলে৷ যাৰ বাবে এতিয়া জনসাধাৰণে নার্ছিং হোমৰ পৰিৱর্তে মেডিকেল কলেজ হাস্পতাল বা বিভিন্ন চৰকাৰী হাস্পতালত চিকিৎসাধীন হ’বলৈ আগ্রহ প্রকাশ কৰিছে৷ সুদক্ষ নেতৃত্ব থাকিলে হাস্পতাল, মেডিকেল কলেজ, স্কুল–কলেজ সদায় জীৱন্ত আৰু প্রাণৱন্ত কৰি ৰাখিব পাৰি৷ অসমৰ ৰাজহুৱা স্বাস্থ্যখণ্ডৰ দৰে ৰাজহুৱা শিক্ষাখণ্ডই পৰিৱর্তনৰ দৃষ্টিভংগীৰে অগ্রসৰ হ’লে সমাজে নতুন গতি লাভ কৰিব৷ আনহাতে, ক’ৰোনা যুদ্ধৰ সমানে সমানে অসম বিকাশ আৰু উন্নয়নৰ দিশত অগ্রসৰ হোৱাৰ কথা উল্লেখ কৰি ভাষণত মন্ত্রী ড০ শর্মাই কয় যে এই ক’ভিড কালত দেশৰ সকলো ৰাজ্যই বিত্তীয় সংকোচনৰ নীতি গ্রহণ কৰিছে৷ নতুন নিযুক্তি বন্ধ ৰাখিছে৷ নতুন পদ সৃষ্টি বন্ধ ৰাখিছে৷ কিন্তু অসমে তিনি দিন আগেয়ে ব্যয় সংকোচন নীতি পৰিহাৰ কৰি উন্নয়নমূলক কাম–কাজ আগুৱাই নিব বিচাৰিছে৷ অসমৰ বাহিৰে দেশৰ আন কোনো ৰাজ্যই এই সময়ছোৱাত নতুন নিযুক্তি দিয়া নাই৷ কিন্তু অসম চৰকাৰে অহা ২৮ ফেব্রুৱাৰীৰ ভিতৰত শিক্ষা, স্বাস্থ্য, অসম আৰক্ষীকে ধৰি ৫০ হাজাৰ পদত নিযুক্তি দিয়াৰ লক্ষ্য স্থিৰ কৰিছে৷ অৰুণোদয়ৰ দৰে সমাজৰ সর্বস্পর্শী কল্যাণকামী আঁচনি গ্রহণ কৰিছে৷ ইফালে, নেতিবাচক চিন্তাৰ একাংশ লোকৰ বাবে অসমত ক’ৰোনা মহামাৰীৰ পর্যায়লৈ যোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত যি সময়ত ক’ৰোনাই ভয়ানক ৰূপ ধাৰণ কৰা নাছিল, সেই সময়ত এচামে আৰম্ভ কৰিলে ক’ৰোনা কোনো বেমাৰ নহয়, সংখ্যা বঢ়াই চৰকাৰে বিশ্ববেংকৰ পৰা টকা আনিব বিচাৰিছে৷ সেইসকলৰ তেনে ধৰণৰ নেতিবাচক চিন্তা আৰু অপব্যাখ্যাৰ বাবে ৰাজ্যখনত ক’ৰোনা মহামাৰী পর্যায়লৈ গ’ল৷ এই বছৰ এতিয়ালৈ জাপানিছ এনকেফেলাইটিছত ৪২গৰাকী লোকৰ মৃত্যু হৈছে৷ কিন্তু ক’ভিডত ৫০০ লোকৰ মৃত্যু হ’ল৷ ক’ভিডৰ পৰা সুস্থ হোৱাৰ পাছত কিমান লোকৰ মৃত্যু হ’ল, অহা তিনি মাহত আৰু কিমান মানুহৰ মৃত্যু হ’ব, সেয়া ক’ব নোৱাৰি৷ একাংশ লোকৰ নেতিবাচক চিন্তাৰ বাবেই, ৰাজনৈতিক অস্ত্র হিচাপে ক’ৰোনাক লোৱাৰ বাবেই আজি সমাজত বহুতেই মাস্ক নিপিন্ধা হৈছে, সামাজিক দূৰত্ব মানি নচলা হৈছে৷ আনহাতে, শিক্ষানুষ্ঠান খোলা সম্পর্কত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রৰ গাইডলাইন অনুসৰি অহা ২১ ছেপ্ঢেম্বৰৰ পৰা ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রী শিক্ষানুষ্ঠানলৈ আহিব৷ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ছাত্র–ছাত্রী শিক্ষানুষ্ঠানলৈ অহা–নহা সম্পর্কত অভিভাৱকে সিদ্ধান্ত গ্রহণ কৰিব৷

You might also like