নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায় মানৱতা… বনকৰা নাবালকক গৰম পানী ঢালি অমানৱীয় অত্যাচাৰ চলালে উচ্চ শিক্ষিত দম্পতীয়ে

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ   হেৰাই গৈছে মানৱতা। মানৱ জাতি  শিক্ষিত হৈছে যদিও নৈতিকতাহে গ্ৰহণ কৰিব পৰা নাই। তেনে এক অমনাৱীয় কাণ্ড সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ উচ্চ শিক্ষিত দম্পতীৰ ঘৰত। দম্পতীহালৰ ঘৰত কাম কৰা নাবালক শিশুক ঢালিলে গৰম পানী।গৰম পানী ঢালি চলালে অমানৱীয় অত্যাচাৰ। যাৰ ফলত গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হৈছে নাবালক শিশুটি।

উল্লেখ্য যে যোৱা ২৭ আগষ্টত মিলন নগৰৰ চিকিৎসক ডাঃ সিদ্ধিপ্ৰসাদ দেউৰীৰ ঘৰত শুই থকা বনকৰা নাবালকৰ গাত গৰম পানী ঢালি দিছিল দম্পতীহালে। গৰমপানী ঢলা বনকৰা লৰাটো বৰ্তমান চিকিৎসাধীন হৈছে। দম্পতীহালৰ বিৰুদ্ধে যোৱা ৩১ আগষ্টত ৰুজু কৰা হৈছিল গোচৰ।

সম্প্ৰতি পলাতক অৱস্থাতে আছে মূল অভিযুক্ত চিকিৎসক ডাঃ সিদ্ধিপ্ৰসাদ দেউৰী, আৰু প্ৰৱক্তা ড০ মিতালী কোঁৱৰ। এই দম্পত্তিহালৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

You might also like