নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীনদয়াল উপাধ্যায়ৰ আদর্শ সমাজত প্রতিষ্ঠা কৰাৰ বাবে বিজেপি সংকল্পবদ্ধ

জনসংঘৰ প্রতিষ্ঠাপকৰ জন্মবার্ষিকীত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  ভাৰতবর্ষৰ এজন প্রবাদপ্রতিম ব্যক্তি পণ্ডিত দীনদয়াল উপাধ্যায় এজন যথার্থতে মানৱতাবাদী লোক আছিল৷ তেওঁ সমাজৰ একেবাৰে শেষত থকা নিঃস্ব লোকজনেও যাতে অভাৱ–নাটনত থাকিব লগা নহয়, তাৰ বাবে জীৱনটো সমর্পিত কৰিছিল৷ গতিকে দীনদয়ালৰ আদর্শ সমাজত প্রতিষ্ঠা কৰাৰ বাবে বিজেপি সংকল্পবদ্ধ৷’– এই মন্তব্য নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শুকুৰবাৰে পুৱা দীনদয়াল উপাধ্যায়ৰ ১০৪সংখ্যক জন্মদিনত পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অধীনৰ দুটা বুথ ক্রমে ধাৰাপুৰৰ ৮২নং বুথ কমিটীৰ সভাপতি মণিমা কলিতা আৰু আজাৰাৰ ৯৫নং বুথ কমিটীৰ সভাপতি ভৱানী বৰুৱাৰ ঘৰত উপস্থিত হৈ পতাকা উত্তোলনেৰে জন্মবার্ষিকীৰ কার্যসূচীৰ শুভাৰম্ভ কৰি এই মন্তব্য আগবঢ়ায় মন্ত্রী ড০ শর্মাই৷ মন্ত্রী ড০ শর্মাই কয় যে দীনদয়াল উপাধ্যায়ৰ আদর্শ প্রতিষ্ঠা কৰাৰ বাবে বিজেপি চৰকাৰে কাম কৰি আছে আৰু কৰি যাব৷ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে মিছন–১০০ৰ লক্ষ্যৰে কাম কৰি আছে আৰু ৰাইজে নিশ্চিতভাৱে এই লক্ষ্যত উপনীত কৰাব বুলি তেওঁ মত ব্যক্ত কৰে৷ তেওঁৰ বিভাগ নহ’লেও আৰক্ষী উপ–পৰিদর্শকৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ কেলেংকাৰিত জড়িত সকলোৱে উচিত শাস্তি পাবই বুলি মন্ত্রী ড০ শর্মাই ব্যক্ত কৰে৷ কার্যসূচীত বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শর্মা, ৰাজ্যিক কার্যনির্বাহক প্রশান্ত মহন্ত আৰু অশোক কুমাৰ ভৰালী, ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, বিজেপিৰ মহানগৰ জিলা কমিটীৰ সভাপতি মৃগেন শৰণীয়া, সম্পাদক তপন দাস, ৰাণী মণ্ডল কমিটীৰ সভাপতি হৰকান্ত নাথ, সম্পাদক হিতেশ কলিতাকে ধৰি কেইবাজনো কার্যকর্তা, আজাৰা গাঁও পঞ্চায়তৰ সভাপতি কবিতা বডো ৰংপিকে ধৰি কেইবাজনো পঞ্চায়ত প্রতিনিধি আৰু বহুসংখ্যক লোক উপস্থিত থাকে৷ আনহাতে, বিজেপিৰ মহানগৰ কমিটীৰ সম্পাদক বলেশ্বৰ ৰংপিৰ নেতৃত্বত দলটোৰ কার্যকর্তাসকলে পশ্চিম গুৱাহাটীৰ কেইবাটাও বুথত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকীৰ কার্যসূচী ৰূপায়ণ কৰে৷

You might also like