নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন–পঞ্চায়ত–জনসংযোগ পৰীক্ষাত হেতালি খেলা প্রাঞ্জল বৰুৱাকে ‘এছআই’ৰ পৰীক্ষাৰ দায়িত্ব

জালিয়াতিত লিপ্ত প্রতিষ্ঠানকে কিয় নিযুক্তি পৰীক্ষাৰ ঠিকা

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   ‘দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা’ৰ মন্ত্রোচ্চাৰণেৰে আকৌ এবাৰ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মন মেলিছে ৰাজ্য চৰকাৰে৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ তথাকথিত দুর্নীতিবিৰোধী যজ্ঞৰ পুৰোহিত এইবাৰো সেইসকলেই, যিয়ে ইয়াৰ পূর্বে সীমাহীন বেমেজালিৰ মাজেৰে অনুষ্ঠিত কৰিছিল কেইবাটাও নিযুক্তি পৰীক্ষা৷ অনেক গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো কিন্তু নিযুক্তি ছিণ্ডিকেট চক্রটো চৰকাৰৰ চকুত ধোৱা তুলসীৰ পাত হৈয়েই থাকিল৷ নিয়মমাফিক তদন্ত ঘোষণাৰে তেওঁলোকৰ দ্বাৰা সংঘটিত অনিয়মক বাৰম্বাৰ ঢ়াকি ৰখাৰ চেষ্টা চলোৱা হ’ল৷ যাৰ ভয়ংকৰ পৰিণতি এইবাৰ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাত পৰিস্ফুট হৈ পৰিল৷ যোৱা ২০ ছেপ্ঢেম্বৰত ৰাজ্যৰ ১৫৪টা কেন্দ্রত ৫৯৭টা উপ–পৰিদর্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু পৰীক্ষাৰ পূর্বেই ফাদিল হ’ল প্রশ্ণকাকত৷ যাৰ বাবে ৰাজ্যখনৰ ৬৬ হাজাৰ নিবনুৱা পৰীক্ষা কেন্দ্রৰ পৰা আশাহত হৈ উভতি আহিবলগীয়া হ’ল৷ এতিয়া এমাহৰ ভিতৰতে উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সেই অনুসৰি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে আকৌ এবাৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ যো–জা চলাইছে৷ লক্ষণীয় কথাটো হ’ল, সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাত চৰম ব্যর্থতা প্রদর্শন কৰা ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড আৰু একেকেইটা ঠিকাদাৰী প্রতিষ্ঠানকে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে৷ প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱাকৈ বা এই অক্ষমণীয় দুর্নীতিত লিপ্ত বাহিনীটোক সম্পূর্ণ উৎখাত নকৰাকৈ অনুষ্ঠিত কৰিবলৈ লোৱা এই পৰীক্ষা কিমান নিকা হ’ব, তাক লৈ এতিয়াৰ পৰাই সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ ৫৯৭টাকৈ পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ আৰক্ষী নিযুক্তি ব’র্ডে ঠিকা প্রদান কৰিছিল কেৰালাৰ কেলট্রন নামৰ এটা প্রতিষ্ঠানক৷ এই প্রতিষ্ঠানটোৰ পৰা আকৌ উপ–ঠিকা লাভ কৰে অসমৰ এমেইনটেক আৰু অক্ষয় টেলিকমিউনিকেচন নামৰ কোম্পানী দুটাই৷ এমেইনটেক নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী হ’ল প্রাঞ্জল বৰুৱা, কৌশিক সৰকাৰ আৰু জাকিৰ৷ আনহাতে, অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী হ’ল ৰাহুল বৈদ্য, ৰুবুল আলী আৰু ৰুবুল হাজৰিকা৷

এই আটাইকেইজন ব্যক্তিৰ পূর্বৰ কেৰিয়াত আছে অনেক মচিব নোৱাৰা দাগ৷ প্রাঞ্জল বৰুৱা আৰু ৰুবুল আলীৰ এমেইনটেক কনছালটেণ্ট আৰু অক্ষয় টেলিকমিউনিকেচনে ইয়াৰ পূর্বেও অনুষ্ঠিত কৰিছিল ৰাজ্য চৰকাৰৰ আন দুটা গুৰুত্বপূর্ণ বিভাগৰ পৰীক্ষা৷ পঞ্চায়ত নির্বাচনৰ পূর্বে তেওঁলোকে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৯ শতাধিক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল৷ ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে তেওঁলোকে ঘোষণা কৰা এই পৰীক্ষাৰ ফলাফলে সকলোকে স্তম্ভিত কৰি তুলিছিল৷ কিয়নো নিযুক্তি তালিকাৰ প্রথমৰ পৰা শেষলৈ বিভাগীয় মন্ত্রী নৱ দলে, উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি বিজেপি দলৰ অনেক নেতা–পালিনেতাৰ অঙহী–বঙহীৰ নামেৰে ভৰি আছিল৷ আনকি পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোতো প্রশ্নকাকত ফাদিল, কিছুসংখ্যক ‘বিশেষ’ পৰীক্ষার্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ আনকি কিছুসংখ্যক প্রার্থীয়ে সেইদিনা ৰাজপথত নামিও প্রতিবাদ সাব্যস্ত কৰিছিল৷ হাজাৰ হাজাৰ নিবনুৱাৰ ক্ষোভ নির্বাপিত কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সেই সময়ত এখন তদন্ত আয়োগ গঠন কৰি দিছিল৷ লুকা–চুৰি খেলাৰ দৰে আয়োগে ছেগাচোৰাকৈ শুনানিও গ্রহণ কৰিলে, কিন্তু তদন্তৰ প্রতিবেদন আজিলৈকে ৰাজহুৱা নহ’ল৷ তেনেকৈয়ে অভিযোগসমূহৰ মীমাংসা নোহোৱাকৈ প্রাঞ্জল বৰুৱা আৰু ৰুবুল আলীৰ প্রতিষ্ঠানে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ ৯ শতাধিক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে পুলিচ ভেৰিফিকেচন নোহোৱাকৈ প্রার্থীসকলক নিযুক্তি পত্র প্রদান কৰা হ’ল৷

জানিব পৰা মতে, প্রাঞ্জল বৰুৱা আৰু ৰুবুল আলীৰ প্রতিষ্ঠানৰ লগত চৰকাৰৰ বুজাবুজিৰ ক্ষেত্রত মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল বিজেপি নেতা দিবন ডেকাই৷ এইগৰাকী দিবন ডেকা প্রাঞ্জল বৰুৱাৰ অত্যন্ত ঘনিষ্ঠ ব্যক্তি৷ একে সময়তে তেওঁলোকৰ সু–সম্পর্ক আছিল মুখ্যমন্ত্রীৰ কার্যালয়ৰ এজন প্রভাৱশালী অস্থায়ী বিষয়াৰে৷ সেই সূত্রে প্রাঞ্জল বৰুৱাই জনসংযোগ বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে৷ জনসংযোগ বিভাগৰ পৰীক্ষাত অৱতীর্ণ হৈছিল ১০ সহস্রাধিক পৰীক্ষার্থী৷ সকলোকে আচৰিত কৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনাই এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল প্রাঞ্জল বৰুৱাৰ প্রতিষ্ঠানে৷ জনসংযোগ বিভাগৰ পৰীক্ষাতো বছা বছা প্রার্থীক মুকলিকৈ মোবাইল ফোন লৈ পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ দিয়া হৈছিল৷ অভিযোগ উঠিছিল যে ৰাইজক দেখুৱাবৰ বাবেহে আচলতে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে৷ নিযুক্তি পাবলগীয়া প্রার্থীসকলৰ তালিকা আগতীয়াকৈ প্রস্তুত কৰি ৰখা হৈছিল৷ যাৰ বাবে ১০ হাজাৰ প্রার্থী অৱতীর্ণ হোৱা পৰীক্ষাৰ ফলাফল ২৪ ঘণ্টাৰ ভিতৰতে ঘোষণা কৰা হ’ল৷ য’ত অর্হতা নোহোৱাকৈয়ে দিবন ডেকাৰ পত্নী বিভা কলিতাই চার্কুলেচন আৰু এডভাৰটাইজিং মেনেজাৰৰ চাকৰি লাভ কৰিলে৷ ইয়াকে লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পাছতো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ধৃতৰাষ্ট্রৰ ভূমিকা পালন কৰি গ’ল৷ একেজন প্রাঞ্জল বৰুৱাৰ প্রতিষ্ঠানে হায়দৰাবাদৰ এটা প্রতিষ্ঠানেৰে মিলি অনুষ্ঠিত কৰিছিল বন বিভাগৰ পৰীক্ষা৷ উক্ত পৰীক্ষাতো প্রশ্নকাকত ফাদিলকে ধৰি বহু অনিয়মৰ অভিযোগ উত্থাপন হৈছিল৷ আইনী মেৰপেঁচৰ ফলত আজিলৈকে বন বিভাগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা হোৱা নাই৷ এনে অনেক কু–কীর্তিৰ বাবে কুখ্যাত প্রাঞ্জল বৰুৱাৰ প্রতিষ্ঠানে এইবাৰ ৫৯৭টা উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা লাভ কৰে৷ পঞ্চায়ত–গ্রামোন্নয়, জনসংযোগ আদিত মুকলি অনিয়ম সংঘটিত কৰি বেপৰোৱা হৈ পৰা এমেইনটেক, অক্ষয় আদি প্রতিষ্ঠানৰ দালালৰ লগতে বিজেপি–গপৰ নেতা, পি কে দত্তৰ দৰে প্রাক্তন আৰক্ষীয়ে উপ–পৰিদর্শক পদৰ বাবে সমগ্র ৰাজ্যৰ পৰা বাধাহীনভাৱে ধন সংগ্রহ কৰি যায়৷ পৰীক্ষাৰ বহুদিন পূর্বে ধন সংগ্রহৰ এটা অডিঅ’ টেপ ফাদিল হৈছিল যদিও ৰাজ্য চৰকাৰৰ গৃহ বিভাগ, আৰক্ষী বাহিনীয়ে বিষয়টোক গাপ দি ৰখাৰ চেষ্টা কৰিলে৷

এমেইনটেক, অক্ষয় টেলিকমিউনিকেচনকে ধৰি প্রভাৱশালী দালাল চক্রৰ গাত এটা আঁচোৰো পৰিবলৈ নিদিলে সোণোৱাল চৰকাৰে৷ নিযুক্তিৰ এই বৃহৎ দুর্নীতি সুকলমেই সম্পন্ন হোৱাৰ পথত আছিল৷ কিন্তু দালাল বাহিনীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত এই বৃহৎ কেলেংকাৰি ৰাজহুৱা হৈ পৰিল৷ যাৰ বাবে পৰীক্ষাৰ দিনটোৰ পৰা সমগ্র ঘটনাপ্রবাহে নতুন মোৰ ল’লে৷ পোহৰলৈ আহিল পি কে দত্তৰ দৰে অসম আৰক্ষীৰ প্রাক্তন ডি আই জিৰ নাম৷ কিন্তু আৰম্ভণিৰ পৰাই তদন্ত প্রক্রিয়া সন্দেহৰ আৱর্তত সোমাই পৰিছে৷ কিয়নো প্রশ্নকাকত ফাদিলৰ বিষয়টো প্রথমতে আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰক অৱগত কৰিছিল বিজেপি নেতা দিবন ডেকাই৷ তেওঁ গৌতম মেছ নামৰ যুৱকজনৰ জৰিয়তে প্রদীপ কুমাৰক এই বিষয়ে জানিবলৈ দিছিল৷ প্রদীপ কুমাৰে ততালিকে দিবন ডেকা আৰু গৌতন মেছক লগত আনি চি আই ডিত এজাহাৰ দাখিল কৰে৷ কিন্তু প্রশ্নকাকত ফাদিলৰ ঘটনাত দিবন ডেকাৰ ভূমিকাৰ কোনো অনুসন্ধান নকৰাকৈ চি আই ডিয়ে তেওঁক যাবলৈ দিলে৷ ইয়াৰ পিছত নিযুক্তি কেলেংকাৰিত প্রাক্তন ডিআইজি পি কে দত্ত জড়িত থকাৰ কথা জানিব পৰা যায়৷ কিন্তু চি আই ডিৰ অভিযানৰ পূর্বে পি কে দত্তয়ো পলায়ন কৰিবলৈ সক্ষম হয়৷

অর্থাৎ দুয়োজন মূল অভিযুক্তই এতিয়া নিৰাপদ স্থানত আত্মগোপন কৰি আছে৷ ইপিনে, প্রশ্ণকাকতসমূহ ১৬ ছেপ্ঢেম্বৰত আহমেদাবাদৰ পৰা অসমলৈ অনা হৈছিল৷ কাহিলিপাৰাৰ ১০ নং আৰক্ষী বেটেলিয়নৰ মালখানাত জমা ৰখা হৈছিল প্রশ্নকাকতৰ টোপোলা৷ অর্থাৎ বেটেলিয়নটোৰ কমাণ্ডেণ্টৰ জিম্মাত প্রশ্নকাকতখিনি ৰখা হৈছিল৷ ইয়াৰ পিছত ১৮ ছেপ্টেম্বৰত প্রশ্নকাকতসমূহ জিলাই জিলাই প্রেৰণ কৰা হয়৷ সেই নিশা জিলা আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত আছিল এছ আই পৰীক্ষাৰ প্রশ্নকাকত৷ যিহেতু আৰম্ভণিৰ পৰা পৰীক্ষাৰ প্রশ্নকাকত আৰক্ষীৰ সুৰক্ষিত জিম্মাত আছিল, গতিকে ফাদিলৰ ঘটনাৰ লগত নিশ্চিতভাৱে শীর্ষ আৰক্ষী বিষয়াই জড়িত৷ পি কে দত্ত বা দিবন ডেকাই শীর্ষ আৰক্ষী বিষয়াৰ পৰাই আগতীয়াকৈ প্রশ্ণকাকত লাভ কৰাটো নিশ্চিত৷ কিন্তু আৰক্ষীৰ অপৰাধ শাখা বা চি আই ডিৰ তদন্তই এতিয়ালৈকে মূল ষড়যন্ত্রকাৰীসকল এজনকো ঢুকি পাবলৈ সক্ষম হোৱা নাই৷ এই বৃহৎ দুর্নীতিগ্রস্ত বাহিনীটোৰ উপস্থিতিতে পুনৰ এমাহৰ ভিতৰত এছ আই পদৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ৷ স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ এই ভূমিকা অত্যন্ত ৰহস্যজনক বিবেচিত হৈছে৷ সু–প্রশাসনৰ পতাকা উৰুৱাবলৈ গৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লাখ লাখ নিবনুৱাক লৈ পুনৰ হেতালি খেলিবলৈ লৈছে নেকি, তাক লৈও অনেক প্রশ্নৰ উদয় হৈছে৷

You might also like