নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেলেকী তৈলক্ষেত্রৰ ২নং তেলখাদৰ পাইপত বিস্ফোৰণ

বাঘজানসদৃশ কাণ্ড

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ তেল আৰু প্রাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চি অসম সম্পদৰ চূডান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই আজি গেলেকী তৈলক্ষেত্রত বাঘজানসদৃশ এক ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে সমগ্র গেলেকী অঞ্চল৷ অ’এনজিচি অসম সম্পদৰ অধীনৰ গেলেকী তৈলক্ষেত্রৰ ২নং খাদত এডাল গেছৰ পাইপত বিস্ফোৰণ হৈ অহৰহ গেছ নির্গত হৈ সমগ্র অঞ্চল আগুৰি ধৰে৷ তৈলখাদটোৰ সমীপৰ কেইবাখন গাঁৱৰ ৰাইজে গেছ নির্গমনৰ প্রকোপ দেখি গাঁও এৰি পলায়ন কৰে৷ অৱশ্যে অ’এনজিচিৰ কাৰিকৰী বিভাগৰ এটা উচ্চপদস্থ দল আৰু কেইবাখনো অগ্ণিনির্বাপকবাহন ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু গাঁওবাসীক আতংকিত নহ’বৰ বাবে আহ্বান জনায়৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, অ’এনজিচি অসম সম্পদৰ অধীনৰ গেলেকী তৈলক্ষেত্রৰ সেউজ চাপৰিস্থিত ২নং খাদত সোমবাৰে দিনৰ প্রায় ১২.৩০ বজাত জি জি এছ সংযোগী এডাল উচ্চ ক্ষমতাসম্পন্ন গেছ পৰিবাহী পাইপত হঠাৎ এক বিস্ফোৰণ হৈ ফাটি যায়৷ উচ্চ ক্ষমতাসম্পন্ন গেছ পাইপডাল ফাটি যোৱাৰ পিছতে মুহূর্তৰ ভিতৰতে সমগ্র অঞ্চলটোৰ কেইবাখনো গাঁও গেছৰ ধোঁৱাৰ মাজত আবদ্ধ হৈ পৰে৷ গেছ নির্গমন ইমানেই তীব্র আছিল যে বহু সময় নিগমৰ দক্ষ কর্মচাৰীও খাদটোত প্রৱেশ কৰিব পৰা নাছিল৷ তেলখাদটোৰ নির্গত গেছে সমগ্র অঞ্চল আগুৰি ধৰাত কেইবাখনো গাঁৱৰ ৰাইজে আতংকিত হৈ গাঁও এৰি পলায়ন কৰে৷পিছত অ’এনজিচি অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কার্যালয়ৰ পৰা কাৰিকৰী বিভাগৰ এটা উচ্চপদস্থ দল ঘটনাস্থলীত উপস্থিত হৈ কেইবা ঘণ্টাজোৰা প্রচেষ্টাৰ অন্তত গেছৰ নির্গমন বন্ধ কৰিবলৈ সক্ষম হয়৷ অ’এনজিচি কর্তৃপক্ষই স্থানীয় গাঁওবাসীক আতংকিত নহ’বৰ বাবে আহ্বান জনায়৷ স্মর্তব্য যে অ’এনজিচি অসম সম্পদৰ অধীনৰ অতি লাভজনক গেলেকী তৈলক্ষেত্রত ৬০ৰ দশকতে বহুওৱা তেল আৰু গেছ পৰিবাহী পাইপসমূহ অ’এনজিচি কর্তৃপক্ষই এইপর্যন্ত পৰিৱর্তন নকৰি এনেদৰে চলাই থকাৰ বাবেই সঘনে গেলেকী তৈলক্ষেত্রত পাইপ ফাটি এনে দুর্ঘটনা প্রায়ে সংঘটিত হৈ থকাৰ লগতে অঞ্চলটোৰ বিভিন্ন ভয়াৱহ প্রদূষণৰ কবললৈ ঠেলি দিছে৷

You might also like