নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্বৰান্বিত হ’ব বিটিআৰ চুক্তিৰ আন দফাসমূহ ৰূপায়ণৰ দিশ

ৰাজ্যপালৰ ঘোষণাক আদৰণি ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   বিটিআৰ চুক্তি অনুযায়ী বিটিএডিক অসমৰ ৰাজ্যপালে বিটিআৰ ৰূপে ঘোষণা কৰাত আদৰণি জনাইছে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে৷ শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ মৈদাৰখৰোস্থিত দলীয় কার্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত চৰকাৰৰ সদিচ্ছাক আদৰণি জনাই সভাপতি বডোৱে কয় যে এয়া সমগ্র বিটিআৰবাসীৰ বাবে এটা উল্লেখযোগ্য দিন৷ তাৰ বাবে দেশৰ প্রধানমন্ত্রী, গৃহমন্ত্রী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, এনডিএফবিৰ চাৰিওটা গোট, ইউবিপি’ৰ নেতৃবৃন্দলৈ কৃতজ্ঞতা জ্ঞাপন কৰে প্রমোদ বড়োৱে। তেওঁ কয় যে যোৱা ২০ ছেপ্ঢেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এমাহৰ ভিতৰত বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰক নির্দেশ দিছিল৷ সেই অনুযায়ী আজি বিটিআৰ চুক্তি ৰূপায়ণৰ প্রথম পদক্ষেপ হিচাপে বিটিএডিৰ সলনি বিটিআৰ হিচাপে ঘোষণা কৰিলে৷ ইয়াৰ জৰিয়তে বিটিআৰ চুক্তিৰ আন আন দফাসমূহ ৰূপায়ণৰ দিশ অধিক ত্বৰান্বিত হ’ব৷ লগতে বিটিআৰ চুক্তি অনুযায়ীয়েই কার্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বডো কছাৰীসকলক পার্বত্য জনজাতিৰ মর্যাদা দিয়া, বিটিআৰবহির্ভূত অসমৰ একৈশখন জিলাত বসবাস কৰা বড়োসকলৰ বাবে বডো কছাৰী স্বায়ত্ত পৰিষদ গঠন কৰাৰ বাবেও ক্ষিপ্র পদক্ষেপ গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰিছে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে৷ ইপিনে, বড়োসকলৰ সশস্ত্র সংগঠনবোৰক আলোচনাৰ মাধ্যমেৰে যেনেদৰে সমাজৰ মূলসুঁতিলৈ ঘূৰাই আনি শান্তিৰ পথ মুকলি কৰিছে, ঠিক তেনেকৈ যুদ্ধবিৰত সশস্ত্র আদিবাসী সংগঠনসমূহৰ উপৰি আন জাতি–জনগোষ্ঠীৰ অস্ত্রধাৰী সংগঠনসমূহৰ সমস্যাবোৰ আলাপ–আলোচনাৰ মাধ্যমেৰে সমাধানৰ পথ উদ্ভাৱন কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনায় প্রমোদ বড়োৱে৷ সংবাদ মেলত বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিটিএডিৰ সলনি বিটিআৰ কৰাটো অসাংবিধানিক বুলি মন্তব্য কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি প্রমোদ বড়োৱে কয় যে দেশৰ সংবিধানৰ গণ্ডীৰ ভিতৰত স্বাক্ষৰিত চুক্তি অনুযায়ী কাম কৰাটো অসাংবিধানিক হ’ব নোৱাৰে৷ ইপিনে, নির্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন প্রত্যাহাৰ কৰাৰ দাবীত আজি বিপিএফ দলে কোকৰাঝাৰ চহৰত উলিওৱা সমদলক এক নাটক আখ্যা দিয়ে বডোৱে৷ তেওঁ কয় যে বিপিএফ এতিয়াও বিজেপি মিত্রজোঁট চৰকাৰৰ অংশীদাৰ হৈ আছে৷ এতিয়াও বিপিএফৰ তিনিগৰাকীকৈ কেবিনেট মন্ত্রীয়ে মন্ত্রিত্ব এৰা নাই কিয় বুলিও প্রশ্ন উত্থাপন কৰে প্রমোদ বড়োৱে৷ আনক সমালোচনা আৰু সন্দেহ কৰাৰ আগতে নিজৰ মুখখন চাই লোৱা প্রয়োজন বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে প্রমোদ বড়োৱে৷

You might also like