নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–ডিব্রুগড়–নলবাৰীত মাৰাথন তালাচী

এছআইৰ প্রশ্ন কাকত ফাদিলৰে জড়িতৰ সন্ধানত চিআইডি–ক্রাইম ব্রাঞ্চ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   চৰকাৰী চাকৰিৰ নিযুক্তিত দালাল চক্রৰ শিপা কিমান গভীৰলৈ বিস্তৃত, সেয়া অসম আৰক্ষীৰ উপ–পৰিদর্শক, অর্থাৎ এছ আই পদৰ প্রশ্নকাকত ফাদিলৰ ঘটনাই জলজল–পটপট কৰি তুলিলে৷ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰে জড়িতৰ সন্ধানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি) আৰু ক্রাইম ব্রাঞ্চে চলোৱা তদন্তত পোহৰলৈ আহিব ধৰিছে ইটোৰ পাছত সিটো বিস্ফোৰক তথ্য৷ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক–যুৱতীক আশাহত কৰি ধনৰ লেনদেনেৰে চৰকাৰী চাকৰি বিক্রী কৰা দালাল চক্রৰ ‘কিং পিং’ ৰহস্যৰ আৱর্তত আছে যদিও চি আই ডি–ক্রাইম ব্রাঞ্চে সন্দেহজনক স্থানত অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে কেইবাজনো লোক জালত পৰিছে চি আই ডিব্ৰুগড় –ক্রাইম ব্রাঞ্চৰ অভিযানত৷ শুকুৰবাৰে  দিনটোতো অভিযানকাৰী দলে গুৱাহাটী–নলবাৰী–ডিব্ৰুহভিন্ন স্থানত মাৰাথন তালাচী চলায়৷ সন্ধিয়াৰ ভাগত চি আই ডিৰ এটা দলে দ্বিতীয়বাৰৰ বাবে প্রৱেশ কৰে অৱসৰপ্রাপ্ত আৰক্ষী মহাপৰিদর্শক (ডি আই জি) প্রশান্ত কুমাৰ দত্তৰ মালিকানাধীন মহানগৰীৰ বেতকুছিস্থিত হোটেল ভার্গৱ গ্রেণ্ডত৷ ইতিপূর্বে ভার্গৱ গ্রেণ্ডত অভিযান চলাই বহু তথ্য সংগ্রহ কৰিবলৈ সক্ষম হোৱা চি আই ডিৰ দলে আজিও দীর্ঘসময় ধৰি বিলাসী হোটেলখনৰ নথি–পত্র, চিচি টিভিৰ ফুটেজ, কম্পিউটাৰ আৰু কেইটামান নির্দিষ্ট কোঠা তন্ন তন্নকৈ পৰীক্ষা কৰে৷ অৱশ্যে বাতৰি লিখাপর্যন্ত চি আই ডিৰ অভিযান সন্দর্ভত আনুষ্ঠানিকভাৱে কোনো কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰা নাই৷ কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াজনৰ হোটেলখনত পুনৰবাৰ অভিযান চলোৱাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ কিয়নো অসম আৰক্ষীৰ এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰে জড়িতৰ তথ্য লাভ কৰি ক্রাইম ব্রাঞ্চে ইতিমধ্যে গ্রেপ্তাৰ কৰা শুৱালকুছি আৰক্ষী থানাৰ অন্তর্গত বামুন্দীৰ কুশল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা চি আই ডিয়ে আটক কৰিছিল প্রশান্ত কুমাৰ দত্তৰ মালিকানাধীন আন এখন হোটেল লখৰাৰ হোটেল ভার্গৱৰ মেনেজাৰ ৰাহুল ডেকাক৷

শুকুৰবাৰে মেনেজাৰ ৰাহুল ডেকাক চি আই ডিয়ে গ্রেপ্তাৰ কৰে৷ ইয়াৰ পাছতেই ৰাহুল ডেকাক চি আই ডিৰ জিম্মাৰ পৰা আনি নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিকেন্দ্র গণেশগুৰিৰ থেংক ইউ লজৰ স্বত্বাধিকাৰী প্রাঞ্জল শর্মাৰ সৈতে মুখামুখিকৈ জেৰা কৰে ক্রাইম ব্রাঞ্চে৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই সদৰী কৰা মতে, জেৰাকালত ৰাহুল ডেকাই কেতবোৰ বিস্ফোৰক তথ্য সদৰী কৰে৷ ৰাহুল ডেকাৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে সূত্রটোৱে সদৰী কৰা অনুসৰি হোটেল ভার্গৱত ধৃত মেনেজাৰজনে একাংশ প্রার্থীক আগতীয়াকৈ পৰীক্ষা দিয়াৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা কৰি দিছিল৷ ধৰা পৰাৰ ভয়ত ৰাহুল ডেকাই ইতিমধ্যে কেতবোৰ সামগ্রী নষ্ট কৰি পেলোৱাৰ কথা জেৰাকালত সদৰী কৰিছে৷ বিশেষকৈ কুশল দাসে যোগাৰ কৰা এছ আই পদৰ প্রার্থীৰ নাম হোটেল ভার্গৱৰ মেনেজাৰ ৰাহুল ডেকাই পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া প্রার্থীৰ তালিকাত অন্তর্ভুক্ত কৰিছিল৷ ২০ ছেপ্টেম্বৰৰ দিনা এই সমস্ত তথ্য–পাতি ৰাহুল ডেকাই পুৰি পেলায়৷

শুকুৰবাৰৰ দিনটোতেই চি আই ডিয়ে গুৱাহাটীৰ আন দুই স্থানতো তালাচী চলায়৷ প্রশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত বিতর্কিত বিজেপি নেতা দিবন ডেকাৰ চচলত থকা পেলেচিয়া গার্ডেন নামৰ এপার্টমেণ্টটোৰ ১নং ব্লকৰ ৬ চি নং ফ্লেটত চি আই ডিয়ে তালাচী চলায়৷ চি আই ডিৰ এক শীর্ষস্থানীয় সূত্রই এই তালাচীকালত ফ্লেটটোৰ পৰা এটা লেপটপ, বেংক একাউণ্টকে ধৰি কেতবোৰ আপত্তিজনক নথি–পত্র জব্দ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে দিবন ডেকাই বিগত ১০ দিন ধৰি নিজৰ ফ্লেটলৈ নোযোৱাৰ তথ্য লাভ কৰে চি আই ডিয়ে৷ ইয়াৰ উপৰি কাহিলিপাৰাৰ জটিয়াস্থিত কৃষ্ণা গার্ডেন নামৰ আন এটা এপার্টমেণ্টতো ক্রাইম ব্রাঞ্চৰ দলে অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে সদৰী কৰা অনুসৰি এই ফ্লেটটোৰ মালিক হ’ল বাবুল সাউদ নামৰ এজন ব্যক্তি৷ বাবুল সাউদে ফ্লেটটোত ৰাজীৱ ভৰালীক ভাৰালৈ দিছিল৷ পিছে ইয়াত যোগসূত্র আছে থেংক ইউ লজৰ স্বত্বাধিকাৰ প্রাঞ্জল শর্মাৰ৷ প্রাঞ্জল শর্মাৰ সঘন আহ–যাহ আছিল ৰাজীৱ ভৰালীৰ ভাৰালৈ লোৱা ফ্লেটলৈ৷ মহানগৰীৰ এই স্থানকেইটাৰ উপৰি  চি আই ডিৰ দল উপস্থিত হৈছিল আমিনগাঁৱৰ সংকটমোচন আশ্রমত৷ অসম আৰক্ষীৰ এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰে চি আই ডিৰ তদন্তত সংকটমোচন আশ্রমৰ নাম সাঙোৰ খাই পৰাটো তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷

ইফালে কালি নিশা ক্রাইম ব্রাঞ্চে মহানগৰীৰ খ্রীষ্টানবস্তিস্থিত এপল’ হাস্পতালত তালাচী চলাই প্রশ্ণকাকত ফাদিল সন্দর্ভত লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও ক্লু৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, এই তালাচীকালত দালাল চক্রটোৱে আগতীয়াকৈ অনুষ্ঠিত কৰা এছ আই পদৰ লিখিত পৰীক্ষাৰ ৪০খনকৈ উত্তৰবহী জব্দ কৰে৷ থেংক ইউ লজৰ স্বত্বাধিকাৰ প্রাঞ্জল শর্মাই এপল’ হাস্পতালত চাকৰি কৰিছিল৷ সেই সূত্রেই থেংক ইউ লজত আগতীয়াকৈ অনুষ্ঠিত কৰা উত্তৰবহী এপল’ হাস্পতালৰ নিজৰ ড্রয়াৰত প্রাঞ্জল শর্মাই লুকুৱাই ৰখা বুলি সন্দেহ কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ সমান্তৰালভাৱে শুকুৰবাৰৰ দিনটোত নলবাৰী আৰু ডিব্রুগড়তো প্রশ্ণকাকত ফাদিলক লৈ ব্যাপক অভিযান চলে৷ নলবাৰীত কালি গ্রেপ্তাৰ হোৱা নৱ ভাৰত নির্মাণ নামৰ অখ্যাত সংগঠনটোৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীক লৈ এই অভিযানকালত বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ ধৃত কুলদীপ ৰাজবংশীক নলবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ সমান্তৰালকৈ চহৰৰ মমাত নগৰস্থিত বাসগৃহটোত কেইবাঘণ্টাজোৰা তালাচী চলায়৷ নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত চলা এই অভিযানকালত কুলদীপ ৰাজবংশীৰ ঘৰৰ পৰা কেইবাটাও বেংকৰ পাছবুক, বহুসংখ্যক ডিমাণ্ড ড্রাফ্ট আৰু ধনৰ লেনদেনৰ হিচাপ–পত্রৰ লগতে ২৪খনকৈ ম’বাইল ফোনৰ ছিম কার্ড, ক’চিং চেণ্টাৰ সম্পর্কীয় তথ্য আৰু চাকৰিপ্রত্যাশীৰ তালিকাও জব্দ কৰে৷ ধনৰ লেনদেনৰ হিচাপ–পত্রত প্রায় ১.৮০ কোটি টকা লেনদেনৰ তথ্য সন্নিৱিষ্ট থকাৰ কথা নলবাৰী আৰক্ষীৰ এক সূত্রই সদৰী কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল কুলদীপ ৰাজবংশীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে পৰিবহণ বিভাগৰ চাকৰিৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ বহুকেইখন এডমিট কার্ড৷ এই অভিযান সন্দর্ভত নলবাৰী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সদৰী কৰা নাই যদিও তালাচীৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি নৱ ভাৰত নির্মাণ নামৰ সংস্থাটোৰ উদ্যোগত অসম আৰক্ষী, পৰিবহণ, বন বিভাগকে ধৰি বিভিন্ন চৰকাৰী চাকৰিৰ বাবে উপযুক্ত কৰি তোলাৰ উদ্দেশ্যে প্রার্থীসকলৰ মাজত বিনামূলীয়া প্রশিক্ষণ শিবিৰ আয়োজনৰ কথা ফেচবুকযোগে প্রচাৰ কৰিছিল কুলদীপ ৰাজবংশীয়ে৷ কিন্তু এই প্রশিক্ষণ শিবিৰ ক’ত অনুষ্ঠিত হ’ব, তাৰ কোনো ঠিকনা দিয়া হোৱা নাছিল৷ তাৰ পৰিৱর্তে দুটা ফোন নম্বৰহে উল্লেখ কৰিছিল৷ এই ফোন নম্বৰ দুটাৰ জৰিয়তেই কুলদীপ ৰাজবংশীয়ে যোগাযোগ কৰিছিল চাকৰিপ্রত্যাশী প্রার্থীসকলৰ সৈতে৷ কুলদীপ ৰাজবংশীয়ে চাকৰিপ্রত্যাশীৰে নিযুক্তিৰ নামত দৰ–দাম কৰা ফোন টেপিং মজুত আছে আৰক্ষীৰ হাতত৷

আনহাতে, এছ আই নিযুক্তি কেলেংকাৰিত নলবাৰীৰ মাষ্টাৰ মাইণ্ড হিচাপে গোস্বামী উপাধিৰ কৃষি বিভাগৰ এজন গ্রামসেৱক জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে৷ সামগ্রিকভাৱে কু–কার্যৰ লগত নলবাৰীৰ এক বৃহৎ চক্র জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ পৰৱর্তী সময়ত এই চক্রটোৰ সন্ধানত আৰক্ষীয়ে এই অভিযান তীব্রতৰ কৰি তুলিব৷ অসম আৰক্ষীক কলংকিত কৰা বহুবিতর্কিত অৱসৰপ্রাপ্ত ডি আই জি প্রশান্ত কুমাৰ দত্তৰ সন্ধানত বিগত দুটা দিনে ডিব্রুগড়ত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ চি আৰ পি এফৰ দলসহ আৰক্ষীয়ে ডিব্রুগড়স্থিত প্রশান্ত কুমাৰ দত্তৰ শহুৰেক তথা আত্মীয়ৰ ঘৰত ইতিমধ্যে তালাচী চলাইছে যদিও অৱসৰপ্রাপ্ত ডি আই জিজনৰ কোনো সন্ধান লাভ কৰা নাই৷  চহৰখনৰ পশ্চিম মিলন নগৰস্থিত প্রশান্ত কুমাৰ দত্তৰ শহুৰেকৰ ঘৰত অভিযান চলায়৷ অভিযানকাৰী দলটোৱে প্রাথমিক সোধা–পোছাৰ বাবে প্রশান্ত কুমাৰ দত্তৰ খুলশালি কাশ্যপ অভিনন্দন কাকতিক আটক কৰে৷ উল্লেখ্য যে প্রশান্ত কুমাৰ দত্তৰ ডিব্রুগড়তো নামে–বেনামে আছে অগাধ সম্পত্তি৷ বগীবিলত ১২০ বিঘা মাটি ক্রয় কৰাৰ উপৰি জীৱন ফুকন নগৰত ভার্গৱ এপার্টমেণ্ট নামৰ এটা বৃহৎ আৱাসিক এলেকা নির্মাণ কৰি থকাৰ লগতে চহৰখনত নামে–বেনামে আছে ৫টাকৈ ফ্লেট৷ লগতে তেওঁ ডিব্রুগড়ত নতুনকৈ ক্রয় কৰিছে কেইবাটাও বাসগৃহ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল চি আই ডি, ক্রাইম ব্রাঞ্চ আৰু আৰক্ষীয়ে এইদৰে বিভিন্ন স্থানত ব্যাপক তালাচী অভিযান চলালেও বর্তমান পর্যন্ত শুংসূত্র উলিয়াব পৰা নাই প্রশ্নকাকত ফাদিল কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া প্রশান্ত কুমাৰ দত্ত আৰু বিতর্কিত বিজেপি নেতা দিবন ডেকাৰ৷ এই বিষয়টোক লৈ ব্যাপক চর্চা হৈছে৷ এক অসমর্থিত সূত্রত প্রকাশ পোৱা অনুসৰি প্রশান্ত কুমাৰ দত্তই ইতিমধ্যে শিলিগুৰি হৈ নেপাললৈ পলায়ন কৰিছে৷ ইয়াৰ বিপৰীতে দিবন ডেকাই আত্মগোপন কৰি আছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত৷

কাছাৰত ১,৪০০ বিঘাৰ চাহ বাগিচা–বাংলোঃ শিলচৰলৈ চিআইডি
অসম আৰক্ষীৰ এছ আই পদত নিয়োগৰ প্রশ্নকাকত ফাদিল হোৱা কেলেংকাৰিৰ কেন্দ্রবিন্দুত থকা আৰক্ষীৰ প্রাক্তন ডিআইজি পি কে দত্তৰ সম্পত্তিৰ পাহাৰক লৈ শিলচৰতো তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ চি আই ডিৰ তালাচীত গুৱাহাটীৰ লগতে কাছাৰতো তেওঁৰ ধন–সম্পত্তি থকা বুলি পোহৰলৈ আহিছে৷ আৰক্ষী বিষয়াগৰাকী কেইবছৰমান আগতে কাছাৰতো আছিল৷ দক্ষিণ অসম সংমণ্ডলৰ ডি আই জি পদত যোৱা ২০১৯ চনৰ জুন মাহত শিলচৰত যোগদান কৰিছিল৷ উক্ত বছৰৰ ৩০ নৱেম্বৰত শিলচৰত থকা অৱস্থাত অৱসৰ গ্রহণ কৰে তেওঁ৷ উক্ত সময়তেই কাছাৰ জিলাত সম্পত্তিৰ পাহাৰ গঢ়িছিল পি কে দত্তই৷ উদাৰবন্দ সমষ্টিৰ শালগংগাৰ ওচৰত পুতিমাৰা চাহ বাগিচাত তেওঁৰ ১,৪০০ বিঘা মাটিৰ লগতে এটা প্রাসাদোপম বাংলো আছে৷ মাজে–সময়ে উক্ত ঘৰলৈ আহিছিল তেওঁ৷ তদুপৰি আৰক্ষীৰ প্রশ্ণকাকত ফাদিল হোৱাৰ আগতে ১০–১২ দিন ইয়াত তেওঁ থাকি গৈছিল৷ যোৱা ১২ ছেপ্ঢেম্বৰৰ দিনা গুৱাহাটীলৈ গৈছিল আৰক্ষীৰ প্রাক্তন বিষয়াগৰাকী৷ তেওঁৰ সৈতে দুগৰাকী ব্যক্তি আছিল৷ এজন শর্মা উপাধিৰ৷ এই বিস্ফোৰক তথ্য ফাদিল কৰিছে পি কে দত্তৰ পুতিমাৰা ৰেষ্ট হাউছৰ প্রহৰীয়ে৷ পি কে দত্তৰ সম্পত্তিৰ সন্ধানত এইবাৰ কাছাৰলৈ আহিব পাৰে চি আই ডি৷ এছ আই পদৰ পৰীক্ষাৰ আগতে দীর্ঘদিন বাগানৰ ৰেষ্ট হাউছত পি কে দত্ত থকাৰ আঁৰত কি ৰহস্য আছিল, সেয়া নিশ্চয় চি আই ডিৰ তদন্তত পোহৰলৈ আহিব৷ তেওঁৰ সৈতে কোন কোন ইয়ালৈ আহিছিল, সেয়াও তদন্তত পোহৰলৈ আহিব৷ তদুপৰি এই সম্পত্তিৰ উৎস ক’ত, সেয়াও সঠিক তদন্ত হ’লে পোহৰলৈ আহিব৷ জানিব পৰা মতে, উক্ত ঘটনাৰ পম খেদি শুকুৰবাৰে সন্ধিয়া চি আই ডিৰ এটা দলে গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্রা কৰিছে৷

You might also like