নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ প্রতিষ্ঠানৰ প্রস্তাৱ অৱজ্ঞা চৰকাৰৰ

অনিশ্চয়তাত নগাঁও–কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ

 নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   সম্ভাৱনাপূর্ণ নগাঁও আৰু কাছাৰ কাগজ কলক লৈ চৰকাৰৰ ভূমিকা ক্রমশঃ ৰহস্যজনক হৈ পৰিছে৷ ফলত প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রায় ২ লাখ লোক জড়িত হৈ থকা কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ্ বিষয়টো সোমাই পৰিছে অনিশ্চয়তাৰ আৱর্তত৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– কাগজ কল দুটা কার্যক্ষম কৰাৰ বাবে স্বেচ্ছাই আগবাঢ়ি অহা  অসমৰ এটা প্রতিষ্ঠানৰ প্রস্তাৱলৈও সঁহাৰি জনোৱা নাই চৰকাৰে৷ এক বিশেষ সূত্রই সদৰী কৰা মতে, গুৱাহাটীৰ মহালক্ষ্মী কণ্টিনেণ্টেল নামৰ এটা ব্যৱসায়িক প্রতিষ্ঠানটোৱে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল দুটা কার্যক্ষম কৰাৰ বাবে নেচনেল কোম্পানী ল’ ট্রিবিউনেলে (এন চি এল টি) নিযুক্তি দিয়া ‘লিকিউডেটৰ’ (নিলামৰ দায়িত্বত থকা বিষয়া) কুলদীপ বার্মাৰ ওচৰত এক আনুষ্ঠানিক প্রস্তাৱ প্রদান কৰিছিল৷ সেই মর্মে বার্মাই যোৱা ২ ছেপ্টেম্বৰত কাগজ কল দুটাৰ কর্মচাৰীৰ প্রতিনিধিসকলৰ লগতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রতিনিধিক এখন বৈঠকত আমন্ত্রণ জনাইছিল৷ পিছে উক্ত বৈঠকত দিল্লী–দিছপুৰৰ কোনো প্রতিনিধিয়ে উপস্থিত নাথাকি কার্যতঃ মহালক্ষ্মী কণ্টিনেণ্টেলৰ প্রস্তাৱক অৱজ্ঞাহে কৰিলে৷ মহালক্ষ্মী কণ্টিনেণ্টেলৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছিল যে প্রতিষ্ঠানটোৱে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰৰ পৰা কোনো বিত্তীয় সাহায্যও নিবিচাৰে৷ কেৱল শ্রমিক–কর্মচাৰীসকলক যোৱা ৪৫ মাহৰ বকেয়া দৰমহা যেন চৰকাৰে পূৰণ কৰি দিয়ে৷

উল্লেখ্য যে কাগজ কল দুটাৰ প্রায় ১২০০ শ্রমিক–কর্মচাৰীৰ বকেয়া দৰমহাৰ পৰিমাণ হৈছে প্রায় ৬০০ কোটি টকা৷ সুদসহকাৰে ইয়াৰ পৰিমাণ হ’বগৈ প্রায় ৭০০ কোটি টকা৷ এতিয়া প্রশ্ণ উত্থাপিত হৈছে, যি দুটা উদ্যোগৰ সৈতে প্রত্যক্ষ তথা পৰোক্ষভাৱে ৰাজ্যৰ প্রায় ২ লাখ লোকৰ জীৱন আৰু জীৱিকা জড়িত হৈ আছে, সেই দুটা উদ্যোগ বচাবলৈ চৰকাৰে শ্রমিক–কর্মচাৰীৰ প্রাপ্য ৭০০ কোটি টকা আদায় দিব নোৱাৰেনে? মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে যোৱা ১০ ছেপ্টেম্বৰত লিকিউডেটৰ বার্মাৰ ওচৰত এমাহ সময় বিচৰা বুলি ইতিমধ্যে বাতৰিত প্রকাশ পাইছে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে আলাপ–আলোচনা কৰি কর্মচাৰীসকলৰ বকেয়া দৰমহা আদায় দিয়াৰ লগতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰা হ’ব বুলিও ৰাজ্য চৰকাৰে লিকিউডেটৰ বার্মাৰ ওচৰত আগ্রহ প্রকাশ কৰিছে৷ পিছে অসমৰে এটা ব্যৱসায়িক প্রতিষ্ঠানে চৰকাৰৰ পৰা কোনো বিত্তীয় সাহায্য অবিহনেই কাগজ কল দুটাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি অহাৰ বিপৰীতে সেই প্রস্তাৱৰ প্রতি চৰকাৰৰ অৱজ্ঞাসূচক মনোভাব অতি আশ্চর্যজনক ৰূপে চিহ্ণিত হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মহালক্ষ্মী কণ্টিনেণ্টেলৰ প্রস্তাৱক লৈ সোমবাৰে এন চি এল টিত শুনানি গ্রহণ কৰাৰ কথা আছিল৷ কিন্তু অনিবার্য কাৰণত সোমবাৰৰ শুনানি স্থগিত ৰাখি অহা ২১ ছেপ্টেম্বৰত সমগ্র বিষয়টোত শুনানি গ্রহণ কৰা হ’ব বুলি এন চি এল টিৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ লক্ষণীয়ভাৱে সোমবাৰে শুনানি গ্রহণ কৰা নহ’লেও লিকিউডেটৰ বার্মাই শপতনামাযোগে মহালক্ষ্মী কণ্টিনেণ্টেলে আগবঢ়োৱা প্রস্তাৱ সন্দর্ভত এন চি এল টিক অৱগত কৰিছে৷ লগতে অসম চৰকাৰে বিচৰা এমাহ সময়ৰ কথাও তেওঁ শপতনামাত উল্লেখ কৰা বুলি জানিব পৰা গৈছে৷ এতিয়া ২১ ছেপ্টেম্বৰত শুনানিত এন চি এল টিয়ে কি নির্দেশনা জাৰি কৰে সেয়া লক্ষণীয় বিষয় হ’ব৷

স্মর্তব্য যে গুৱাহাটীৰ বেলতলাস্থিত ৩৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ কাষতে আছে ৰাজ্যৰ কাগজ কল দুটা কার্যক্ষম কৰিব বিচৰা ব্যৱসায়িক প্রতিষ্ঠান মহালক্ষ্মী কণ্টিনেণ্টেল৷ এই ব্যৱসায়িক প্রতিষ্ঠানটোৱে দীর্ঘদিন ধৰি ৰাজ্যৰ কাগজ কল দুটাৰ সৈতে জড়িত থকাৰ কথা কাছাৰ কাগজ কলৰ শ্রমিক নেতা মানৱেন্দ্র চক্রৱর্তীয়ে এই প্রতিবেদকক জানিবলৈ দিছে৷ মূলতঃ কাগজ কল দুটাক কয়লা যোগান ধৰাৰ কার্যত জড়িত আছিল ব্যৱসায়িক প্রতিষ্ঠানটো৷ মন কৰিবলগীয়া যে কাগজ কল দুটা প্রথম ক্রয় কৰিবলৈ আগ্রহ ব্যক্ত কৰা গুজৰাট মূলৰ আবু ধাবিৰ ব্যৱসায়ী বি আৰ শেট্টী এতিয়া পলাতক অৱস্থাত আছে৷ জালিয়াতিৰ অভিযোগত আবু ধাবি চৰকাৰে দেশখনত থকা বি আৰ শেট্টীৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা বুলি জানিব পৰা গৈছে৷ ইপিনে, ৰাজ্যসভাৰ শূন্যকালত সাংসদ ৰিপুণ বৰাই আজি ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ্ প্রসংগ উত্থাপন কৰি কেন্দ্রীয় চৰকাৰৰ দৃষ্টি আকর্ষণ কৰা পৰিলক্ষিত হয়৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৬ চনৰ ২৭ মার্চত বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অসমত নির্বাচনী প্রচাৰত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতি দিছিল৷ পৰৱর্তী সময়ত দেখা গ’ল এন চি এল টিয়ে কাগজ কল দুটাৰ নিলাম কৰাৰ নির্দেশ দিলে কেৱল হিন্দুস্তান পেপাৰ কর্প’ৰেচনে সংশ্লিষ্ট এক ব্যৱসায়িক প্রতিষ্ঠানক ৯৮ লাখ টকাৰ বকেয়া পূৰণ নকৰাৰ বাবে৷ মাত্র ৯৮ লাখ টকাৰ বাবেই কাগজ কল দুটাৰ লগতে উদ্যোগটোৰ সৈতে জড়িত প্রায় ২ লাখ লোকৰ জীৱন এতিয়া বিপন্ন হৈ পৰা বুলি বৰাই ৰাজ্যসভাত ক্ষোভ ব্যক্ত কৰে৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰতৰ পোষকতা কৰে৷ কিন্তু কাগজ কল বন্ধ কৰি চীনৰ পৰা কোটি কোটি টকাৰ কাগজ আমদানি কৰে৷ ৰাজ্যসভাত সৰৱ বৰাই পুনৰ কয় যে যোৱা ৪৫ মাহ ধৰি কাগজ কল দুটাৰ শ্রমিক–কর্মচাৰীসকলক দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ পুঁজিৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ কাগজ কল বন্ধ হৈ থকাৰ সময়ত এতিয়ালৈকে ৭০জন কর্মচাৰীৰ মৃত্যু হৈছে৷ আত্মহত্যাৰ পথ বাছি লৈছে আন ৩জন কর্মচাৰীয়ে৷ তদুপৰি কাগজ কল দুটাৰ সৈতে প্রত্যক্ষ তথা পৰোক্ষভাৱে জড়িত হৈ থকা প্রায় ২ লাখ লোকেও কর্মসংস্থাপন হেৰুৱাইছে৷ এই পৰিপ্রেক্ষিতত কাগজ কল দুটা তুৰন্তে কার্যক্ষম কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ প্রদান কৰিবলৈ সাংসদ বৰাই প্রধানমন্ত্রী কার্যালয়ৰ হস্তক্ষেপ কামনা কৰে৷ লগতে কোনো সময় ব্যয় নকৰাকৈ কর্মচাৰীসকলৰ বকেয়া দৰমহাও মোকলাই দিয়াৰ বাবে সদনৰ শূন্যকালত সাংসদজনে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷

You might also like