নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকত মন্ত্রী ড০ শর্মাক হত্যাৰ ভাবুকি

হাজোত বিজেপিৰ গোচৰ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   তীর্থনগৰী হাজোৰ আকটা আলী নামৰ এজন যুৱকে ছ’চিয়েল মিডিয়াযোগে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রাণে মৰাৰ ভাবুকি দিয়াৰ লগতে অশ্লীল ভাষাৰে গালি–গালাজ কৰা ঘটনাই হাজোৰ লগতে ৰাজ্যৰ চৌদিশে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ আকটা আলীয়ে ছ’চিয়েল মিডিয়াত ২০২১ত হাজোলৈ নির্বাচনী সভাত অংশগ্রহণ কৰিবলৈ আহিলে গুলীয়াই হত্যাৰ ভাবুকি দিয়ে৷ মন্ত্রী ড০ শর্মাক হত্যাৰ ভাবুকি দিয়া যুৱকজনৰ বিৰুদ্ধে হাজো বিজেপি সৰৱ হৈ পৰে৷ এনে ঘটনাৰ লগত জড়িত লোকজনক শীঘ্রে আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত উত্তৰ হাজো আৰু হাজো মণ্ডলৰ বিজেপিৰ সভাপতি স্বাক্ষৰিত এখন এজাহাৰ আজি হাজো থানাত দাখিল কৰা হয়৷ লগতে ইয়াৰ প্রতিলিপি আৰক্ষী সঞ্চালকপ্রধান, আৰক্ষী মহাপৰিদর্শক (আইন–শৃংখলা) আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকলৈ প্রেৰণ কৰে৷

You might also like