নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফ চেঞ্চুৰী অতিক্রম আলু–পিঁয়াজৰ দাম

প্রতি কার্টন কণীত বাঢ়িল ২০০ টকাকৈঃ মিঠাতেলৰ দাম তিনি দিনতে বৃদ্ধি ৩০ টকাঃ গ্রাহকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ   ৰাজ্যৰ বিয়াগোম যোগান বিভাগৰ চূড়ান্ত নির্লিপ্ততাৰ ফলত ঊর্ধ্বগামী হৈয়েই আছে খাদ্য–সামগ্রীৰ মূল্য৷ চাউল, দাইল, চেনি, চাহপাতৰ পৰা আৰম্ভ কৰি মিঠাতেল, আলু–পিঁয়াজলৈকে সকলো খাদ্য–সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সর্বসাধাৰণক৷ কেৱল সংবাদ মাধ্যমত মূল্যবৃদ্ধিৰ বিষয়টো চর্চিত হ’লেহে বজাৰৰ খবৰ লোৱা বিভাগীয় মন্ত্রী ফণীভূষণ চৌধুৰীৰ নির্দেশকো কেৰেপ নকৰে বণিয়াই৷ বিভাগীয় মন্ত্রীজনৰ নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি ব্যৱসায়ীয়ে হোৰাহোৰে বৃদ্ধি কৰিয়েই আছে আলু–পিঁয়াজৰ মূল্য৷ চৰকাৰী বিভাগটোৰ চূড়ান্ত ব্যর্থতাৰ ফলতেই বজাৰত হাফ চেঞ্চুৰীৰ ঘৰ অতিক্রম কৰিলে আলু–পিঁয়াজৰ মূল্যই৷ একাংশ অসাধু বণিয়াই আলু–পিঁয়াজৰ আমদানি হ্রাস পোৱাৰ অজুহাত দেখুৱাই পাইকাৰী বজাৰত কৃত্রিম নাটনি সৃষ্টি কৰি মূল্যবৃদ্ধি কৰাৰ ফলত খুচুৰা বজাৰত এই দুয়োবিধ খাদ্য–সামগ্রীৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ কিছুদিন পূর্বলৈকে প্রায় ২৫–৩০ টকাত উপলব্ধ হোৱা আলু–পিঁয়াজৰ মূল্য প্রতি কিলোগ্রামত বর্তমান বজাৰত ৫০ টকাপর্যন্ত বৃদ্ধি পাইছে৷

উল্লেখ্য যে কালি মন্ত্রী ফণীভূষণ চৌধুৰীয়ে চেম্বার্ছ কমার্চৰ সৈতে এক বৈঠকত মিলিত হৈ খাদ্য–সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধি নকৰিবলৈ নির্দেশ দিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে মন্ত্রীৰ নির্দেশৰ এদিন পাছতে আলু–পিঁয়াজৰ মূল্য খুচুৰা বজাৰত প্রতি কিলোগ্রামত ৫ টকাকৈ পুনৰ বৃদ্ধি কৰা হ’ল৷ এই কার্যই কেবিনেট মন্ত্রীগৰাকীৰ নির্দেশনা যে মানিবলৈ বণিয়া অকণো দায়বদ্ধ নহয়, সেই কথা প্রকট হৈ পৰিছে৷ সমান্তৰালভাৱে ৰাজ্যৰ বিয়াগোম যোগান বিভাগৰ যে কোনো অস্তিত্বই নাই, সেয়াও প্রমাণিত হৈছে৷ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ প্রতিশ্রুতিৰে শাসনৰ গাদীলৈ অহা বিজেপি নেতৃত্বধীন মিত্রজোঁটৰ চৰকাৰখনে বিভিন্ন সময়ত অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ দাম হ্রাস কৰাৰ বাবে কেতবোৰ নির্দেশ দি আহিছে যদিও সেয়া বাস্তৱত কার্যকৰী হোৱা নাই৷ বিভাগীয় মন্ত্রীজনেও বিগত সময়ছোৱাত কেইবাবাৰো আলু–পিঁয়াজৰ মূল্য নির্ধাৰণ কৰি দিছিল৷ কিন্তু প্রতিবাৰেই মন্ত্রীয়ে নির্ধাৰণ কৰি দিয়া মূল্যত বিক্রী কৰিবলৈ অমান্তি হৈছিল ব্যৱসায়ীসকলে৷ একে সময়তে আলু–পিঁয়াজ আৰু অত্যাৱশ্যকীয় খাদ্য–সামগ্রীসমূহৰ্ মূল্য নির্ধাৰণৰ ক্ষেত্রত যোগান বিভাগে কেতবোৰ নির্দেশনা দিছে৷ সেই অনুসৰি প্রতিগৰাকী ব্যৱসায়ীয়ে আলু–পিঁয়াজ আৰু খাদ্য–সামগ্রীৰ মূল্য গ্রাহকে প্রত্যক্ষ কৰিব পৰাকৈ এখন ব’ডত লিখি থোৱাটো বাধ্যতামূলক৷ কিন্তু বিভাগটোৰ এই নির্দেশনা কোনো এজন ব্যৱসায়ীয়ে পালন কৰা পৰিলক্ষিত হোৱা নাই৷ খোদ মহানগৰীৰৰ বজাৰতে এই নির্দেশনা পালন কৰা নাই৷ তৎসত্ত্বেও এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কোনো এটা ব্যৱস্থাই লোৱা পৰিলক্ষিত হোৱা নাই সংশ্লিষ্ট বিভাগটোৱে৷ ইপিনে, কেৱল আলু–পিঁয়াজেই নহয়, বিগত সময়ছোৱাত অতিমাত্রা হাৰত বৃদ্ধি পাইছে মিঠাতেলৰ মূল্য৷ ৰাজ্যৰ অনিয়ন্ত্রিত বজাৰত বিগত তিনিটা দিনতে ৩০ টকা পর্যন্ত বৃদ্ধি হৈছে প্রতি লিটাৰ মিঠাতেলৰ মূল্য৷ কিছুদিন পূর্বলৈ বজাৰত প্রতি লিটাৰ মিঠাতেল ১২৫ৰ পৰা ১৩০ টকাত উপলব্ধ হৈছিল৷ বর্তমান বজাৰত এই মূল্য ১৪৫ৰ পৰা ১৫০ টকালৈ বৃদ্ধি পাইছে৷ সেইদৰে ৰিফাইন তেলৰ মূল্যও নূ্যনতম ১০০ টকাৰ পৰা ১২৫ টকালৈ বৃদ্ধি পাইছে খুচুৰা বজাৰত৷ চেনিৰ মূল্যও প্রতি কিলোগ্রামত বৃদ্ধি পাইছে ৫ টকা৷ বর্তমান প্রতি কিলোগ্রাম চেনিৰ মূল্য হৈছে ৪৫ টকা৷ সমান্তৰালভাৱে বজাৰত মূল্যবৃদ্ধি ঘটিছে কণীৰ৷ বিগত দুদিনতে প্রতি কার্টন কণীৰ মূল্য ২০০ টকাপর্যন্ত বৃদ্ধি হৈছে৷ পূর্বে প্রতি কার্টন কণীৰ মূল্য আছিল ১,০৫০ টকা৷ সম্প্রতি এই মূল্য ১,২৫০ টকালৈ বৃদ্ধি পাইছে৷ পূর্বে বজাৰত প্রতি প্লেট কণী ১৬০ টকাত উপলব্ধ হৈছিল৷ এই মূল্য বর্তমান ১৯০ টকালৈ বৃদ্ধি পাইছে৷

অৱশ্যে খাদ্য–সামগ্রীৰ মূল্য অত্যধিক মাত্রাত বৃদ্ধি পালেও এতিয়াও নির্লিপ্ত হৈয়ে আছে মন্ত্রী ফণীভূষণ চৌধুৰী৷  সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয় যে নাছিকত বৰষুণৰ ফলত পিঁয়াজ নষ্ট হোৱাৰ ফলতহে পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে৷ অর্থাৎ আগন্তুক সময়ত যে আলু–পিঁয়াজৰ মূল্যই ৰাইজক কন্দুৱাব, সেয়া নিশ্চিত৷

উল্লেখ্য যে কালি বিৰোধীশূন্য উচ্চ সদনত কেন্দ্রীয় চৰকাৰে অত্যাৱশ্যকীয় খাদ্য–সামগ্রী আইনৰ সংশোধনী বিধেয়ক গৃহীত কৰিছে৷ ইয়াৰ লগে লগে দাইল, আলু–পিঁয়াজ, খোৱাতেল আদি সামগ্রী অত্যাৱশ্যকীয় খাদ্য–সামগ্রী হিচাপে বিবেচনা কৰা নহ’ব৷ অর্থাৎ এই খাদ্য–সামগ্রীসমূহৰ্ ওপৰত নাথাকিব চৰকাৰী নিয়ন্ত্রণ৷ সংশোধনী বিধেয়কখনত উল্লেখ কৰা অনুসৰি অস্বাভাৱিক পৰিস্থিতি সৃষ্টি হ’লেহে এই সামগ্রীসমূহৰ মূল্য নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰে হস্তক্ষেপ কৰিব৷ অর্থাৎ আগন্তুক সময়ত চৰকাৰৰ নিয়ন্ত্রণ প্রত্যাহাৰ হোৱাৰ লগে লগে এই সামগ্রীসমূহৰ মূল্যই আকাশলংঘী ৰূপ ধাৰণ কৰাৰো সম্ভাৱনা প্রকট হৈ পৰিছে৷

You might also like