নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জুবিনক কংগ্ৰেছটো নিবিচাৰো, বিজেপিতো নিবিচাৰো, চৰকাৰটো নিবিচাৰো, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰো’

জুবিনক বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব লাগেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ জুবিন গাৰ্গক নিশা দুৰ্বৃত্তৰ আক্ৰমণ। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। জুবিন গাৰ্গক আমি বিতৰ্কৰ পৰা আঁতৰত ৰাখিব লাগে। এই সন্দৰ্ভত ভূপেন হাজৰিকাৰ প্ৰসংগও উত্থাপন কৰে মন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয় যে ভূপেন হাজৰিকাকো এটা সময়ত একাংশ লোকে সমালোচনা কৰিছিল। একাংশ ৰাইজে সমালোচনাৰ জৰিয়তে ব্যতিব্যস্ত কৰি তুলিছিল। কিন্তু মৃত্যুৰ পাছত আমি সকলোৱে চকুপানী টুকিলো সেইখিনি কিন্তু তেওঁ নেদেখিলে। জীয়াই থকাৰ সময়ত জাতিয়ে সন্মান কৰিব নাজানিলে মৃত্যুৰ পাছত কিমান মূল্য থাকে নাজানো।

গতিকে জুবিন গাৰ্গক আমি বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব লাগে। তেওঁ যদি কিবা কথাত মাত মাতিব খোজে তেন্তে তেওঁক বাধা দিব লাগে যে জুবিন তোমাক আন্দোলনতো নালাগে। ৰাজনীতি আৰু আন্দোলন কৰিলৈ বহু লোক আছে। জুবিনে কলা-সংস্কৃতি ধৰি ৰাখক। গতিকে জুবিনক কংগ্ৰেছ-বিজেপি কতো নিবিচাৰো চৰকাৰটো নিবিচাৰো আৰু চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰো বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গ অসমৰ কলা-সংস্কৃতিৰ বাহক হৈ থাকক। তেওঁক আমি ৰাজনীতিত নিবিচাৰো। জুবিনৰ সহজ সৰল মনটোক কোনেও ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। আমি কোনেও জুবিন গাৰ্গ হ’ব নোৱাৰো গতিকে ছচিয়েল মিডিয়াত কোনো ধৰণৰ বিতৰ্ক কৰিব নালাগে বুলিও কয় মন্ত্ৰী ড০ শৰ্মাই।

You might also like