নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’টত মুখ থেকেচা গর্গ চেটার্জীৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ স্বর্গদেউ চাওলুং চুকাফাৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰা পশ্চিমবংগৰ জনৈক গর্গ চেটার্জীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত সাময়িকভাৱে কোনো সকাহ লাভ নকৰিলে৷ তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজৰ বাবে জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে কেছ ডায়েৰী দাখিল কৰিবলৈ নির্দেশ দিছে আৰক্ষীক৷ অহা ১১ ছেপ্টেম্বৰৰ ভিতৰত উচ্চ ন্যায়ালয়ত এই কেছ ডায়েৰী দাখিল কৰিব লাগিব আৰক্ষীয়ে৷ এই সন্দর্ভত ন্যায়ালয়ে চেটার্জীক কোনোধৰণৰ অন্তর্ৱর্তীকালীন সকাহ প্রদান কৰা নাই৷ উল্লেখ্য যে পশ্চিমবংগৰ এই ব্যক্তিগৰাকীয়ে বৰ অসমৰ ভেটি নির্মাতা চাওলুং চুকাফাৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে অশোভনীয় মন্তব্য কৰাক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ চেটার্জীৰ এই মন্তব্যক সমগ্র ৰাজ্যবাসীয়ে তীব্র গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে প্রতিবাদো সাব্যস্ত কৰিছিল৷ একেদৰে বিভিন্ন দল–সংগঠনে গর্গ চেটার্জীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ৷ সমান্তৰালভাৱে মহানগৰ আৰক্ষীয়ে পাণবজাৰ আৰক্ষী থানাত চেটার্জীৰ বিৰুদ্ধে ১০/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশত এই গোচৰৰ ভিত্তিতে মহানগৰীৰ আৰক্ষীৰ এটা উচ্চ পর্যায়ৰ দল কলকাতালৈ ৰাওনা হৈছিল৷ কেইবাদিনো কলকাতাত এই দলটোৱে বাহৰ পাতি থাকে যদিও গর্গ চেটার্জীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ কলকাতাত সংশ্লিষ্ট আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ দলটোক সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছিল৷ অৱশ্যে আদালতৰ জৰিয়তে গর্গ চেটার্জীক গ্রেপ্তাৰৰ যাৱতীয় প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে নিম্ন আদালতে চেটার্জীৰ বিৰুদ্ধে দাখিল কৰিছে গ্রেপ্তাৰী পৰোৱানা৷ এই গ্রেপ্তাৰী পৰোৱানা আৰু গোচৰ খাৰিজৰ প্রার্থনাৰে চেটার্জীয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ৩৯৬/২০২০ নম্বৰৰ ক্রিমিনেল আবেদন৷ এই আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নির্দেশ দিছে৷

You might also like