নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীত হানী ট্রেপিঙত জড়িত পাঁচ যুৱকক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  বৰপেটা জিলাৰ হাউলী থানাৰ আৰক্ষীয়ে যোৱানিশা প্রায় ২ বজাত হানী ট্রেপিং চক্রৰ সৈতে জডিত ৫জন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যুৱককেইজনে হাউলী নগৰৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীৰ গোপন ভিডিঅ’ সংগ্রহ কৰি ৫ লাখ টকা দাবী কৰিছিল৷ ব্যৱসায়ীগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰে৷ যোৱানিশা টকা নিবলৈ অহাৰ সময়তে হাতে–লোটে ধৰা পৰে হানী ট্রেপিং চক্রৰে জডিত দুই যুৱক৷ এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আন তিনি অভিযুক্তক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা হানী ট্রেপিং চক্রৰে জড়িত অভিযুক্তকেইজন হৈছে হাউলী চহৰৰ সুব্রত বসাক, প্রসেনজিৎ সাহা, প্রসেনজিৎ দাস, ভাস্কৰ দাস আৰু নিতাই শীল৷ ঘটনাৰ সৈতে জড়িত আন এজন অভিযুক্ত মহিবুল ইছলাম পলাই যাবলৈ সক্ষম হয়৷ হাউলী চহৰৰ ব্যৱসায়ীজনৰ গোপন ভিডিঅ’ সংগ্রহ কৰি সেয়া ৱাটছএপ যোগে ব্যৱসায়ীজনলৈ পঠিয়াই যুৱককেইজনে ৫ লাখ টকা দাবী কৰিছিল৷ পিছত আঢ়ৈ লাখ টকাত বন্দৱস্তি কৰি যোৱানিশা টকা নিবলৈ আহিছিল হানী ট্রেপিং চক্রৰ দলটো৷ হাউলী চহৰৰ ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ স্বপ্ণা হোটেলৰ কাষৰ এজোপা বগৰী গছৰ তলত টকাৰ মোনাখন থৈ দিছিল ব্যৱসায়ীজনে৷ পিছত নিশা দুই বজাত হানী ট্রেপিং চক্রটোৰ দুজনে টকাখিনি নিবলৈ অহাৰ সময়তে হাউলী থানাৰ ভাৰপ্রাপ্ত বিষয়া পংকজ দাস আৰু উপ–পৰিদর্শক ৰিপ কুমাৰ দলেৰ নেতৃত্বত আৰক্ষীৰ এটি দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইপিনে, ঘটনাৰ মূল মাষ্টাৰমাইণ্ড মহিবুল ইছলামক গ্রেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

You might also like