নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাত ক্ষোভ অগপ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যৰ

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ প্রতিবেদনক লৈ কেন্দ্রীয় চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যসভাত ক্ষোভ ব্যক্ত কৰে অগপ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্য৷ সদনৰ ‘বিশেষ উল্লেখ’ (স্পেচিয়াল মেনচন) শিতানত সাংসদ বৈশ্যই কয় যে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বাধীন অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ পৰামর্শ আখৰে আখৰে পালন কৰা হ’ব বুলি খোদ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সংসদৰ মজিয়াৰ পৰা অসমবাসীক প্রতিশ্রুতি দিছিল৷ পিছে কমিটীয়ে প্রতিবেদন দাখিল কৰাৰ ৬ মাহ পাৰ হৈ গ’ল যদিও এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ সমগ্র বিষয়টোত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ দৃষ্টি আকর্ষণ কৰি সাংসদ বৈশ্যই ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ কমিটীৰ পৰামর্শাৱলী ৰূপায়ণৰ দাবীত নিজৰ বিবৃতি লিখিত আকাৰত উপস্থাপন কৰে৷ তেওঁ কয় যে ১৯৮৫ চনৰ ১৫ আগষ্টৰ দিনা ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল৷ পিছে চুক্তি স্বাক্ষৰিত হোৱাৰ ৩৫ বছৰ পাছতো চুক্তিৰ ৬নং দফা কেন্দ্রীয় চৰকাৰে আজিকোপতি ৰূপায়ণ নকৰিলে৷ সাংসদ বৈশ্যৰ মতে ৬নং দফা ৰূপায়ণ কৰা নহ’লে অসম চুক্তি সম্পূর্ণৰূপে অর্থহীন৷ কাৰণ ৬নং দফা ৰূপায়ণৰ জৰিয়তেই অসমত অসমীয়া লোকৰ সাংবিধানিক, বিধায়িনী তথা প্রশাসনিক ৰক্ষাকৱচ সুনিশ্চিত হ’ব তথা অসমীয়াৰ ভাষা, সংস্কৃতিও সুৰক্ষিত হ’ব৷ আৰু এই গুৰুত্বপূর্ণ দফাটো ৰূপায়ণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বৰ উচ্চস্তৰীয়া কমিটী গঠন কৰিছিল৷ ইয়াৰ পাছত গৃহমন্ত্রী অমিত শ্বাহে সংসদৰ মজিয়াত কমিটীৰ পৰামর্শাৱলী আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বুলি অসমবাসীক প্রতিশ্রুতি প্রদান কৰিছিল৷ পিছে খোদ গৃহমন্ত্রীয়ে প্রদান কৰা এই প্রতিশ্রুতি কমিটীয়ে প্রতিবেদন দাখিল কৰাৰ ৬ মাহ পাছতো কিয় পালন কৰা হোৱা নাই, সেয়ালৈ সাংসদ বৈশ্যই আজি ৰাজ্যসভাৰ মজিয়াত প্রশ্ণ উত্থাপন কৰে৷ সাংসদজনে শীঘ্রে কমিটীয়ে প্রস্তুত কৰা প্রতিবেদনত থকা পৰামর্শাৱলী আখৰে আখৰে ৰূপায়ণৰ দাবী উত্থাপন কৰে৷ উল্লেখ্য যে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী জি কিষাণ ৰেড্ডীয়ে বুধবাৰে ৰাজ্যসভাৰ মজিয়াত প্রদান কৰা বিবৃতি অনুসৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ প্রতিবেদনখন হেনো ৰাজ্য চৰকাৰে চালি–জাৰি চাই আছে৷

You might also like