নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশীয় প্রযুক্তিৰে নিৰ্মীত ভাৰতৰ দ্রুততম ইলেকট্রিক বাইক KRIDN! চলি আছে প্রি-বুকিং, জানক বাইকখনৰ সৱিশেষ

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ কঠিন সময়ত বাইক প্রেমীসকলৰ বাবে আহিছে সুখবৰ! এইবাৰ বজাৰলৈ আহি আছে একেবাৰে দেশীয় প্রযুক্তিত তৈয়াৰী ভাৰতৰ দ্রুততম ইলেকট্রিক বাইক। এবাৰ চার্জ দিলে চলিব ১২০ কিলোমিটাৰ। আহকচোন এই ইলেকট্রিক বাইকখনৰ বৈশিষ্ট সম্পর্কে খুঁটিনাটি মাৰি জানো…

ভাৰতীয় সংস্থা One Electric-ৰ তৈয়াৰী এই ইলেকট্রিক বাইকখনৰ নাম KRIDN। এই বাইকত আছে ৫.৫ কিলোৱাট ক্ষমতা সম্পন্ন ইলেকট্রিক মটৰ যি ১৬৫ নেনোমিটাৰলৈ টর্ক জেনাৰেট কৰিব পাৰে। এই বাইকত থাকিব এটি ৩ কিলোৱাট ঘণ্টা ক্ষমতা সম্পন্ন লিথিয়াম বেটাৰী যি ইকো মোডত প্রায় ১২০ কিলোমিটাৰ পর্যন্ত চলিব পাৰিব। এই বাইকখনৰ বেটাৰী সম্পূর্ণ চার্জ হ’বলৈ ৪ ৰ পৰা ৫ ঘণ্টা সময় লাগিব।

কেন KRIDN-ক ভাৰতৰ দ্রুততম ইলেকট্রিক বাইক বুলি কোৱা হৈছে? সংস্থাটোৰ দাবী, এই বাইকখনৰ টপ স্পিড ৯৫ কিলোমিটাৰ প্রতি ঘণ্টা। মাত্র ৮ চেকেণ্ডতেই ০ ৰ পৰা ৬০ কিলোমিটাৰ প্রতি ঘণ্টাত স্পিডত চলিব এই বাইক! ইলেকট্রিক বাইকৰ ক্ষেত্রত যি এয়া অবিশ্বাস্য!

KRIDN-ৰ প্রি-বুকিং আৰম্ভ হৈ গৈছে। অক্টোবৰৰ পৰা এই বাইকৰ ডেলিভাৰী আৰম্ভ কৰা হ’ব। প্ৰথম অৱস্থাত বেংগালুৰু, চেন্নাই, দিল্লী এনচিআৰ, আৰু হায়দৰাবাদত পোৱা যাব এই ইলেকট্রিক বাইক। Electric Kridn ৰ শ্ব’ৰূম দাম ১ লাখ ২৯ হাজাৰ টকা।

You might also like