নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট অভিনেত্ৰী ৰীণা বৰাক সম্বৰ্ধনা যোৰহাট জ্যোতি চিনে ক্লাবৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আজি ২০২০ চনৰ অসম চৰকাৰৰ “শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা ” প্ৰাপক অভিনেত্ৰী ৰীণা বৰাক যোৰহাট জ্যোতি চিনে ক্লাবৰ তৰফৰ পৰা শিল্পীগৰাকীৰ নিজা বাসগৃহতে সন্মান জনোৱা হয় ৷

চিনে ক্লাবৰ জ্যেষ্ঠ  সদস্য তথা উপদেষ্টা সমীৰণ বৰদলৈয়ে এখন ফুলাম গামোচাৰে আদৰণী জনায় আৰু চিনে ক্লাবৰ সভাপতি জয়ন্ত নাথে এখন স্মাৰক প্ৰদান কৰে ৷ উল্লেখ্য যে শিল্পীগৰাকী যোৰহাট জ্যোতি চিনে ক্লাবৰ প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠানটিৰ লগত জড়িত ৷

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল জ্যোতি চিনে ক্লাবৰ সম্পাদক দীপক নাথকে প্ৰমুখ্যে জ্যেষ্ঠ সদস্য ৰূপকুমাৰ বৰা আৰু অভিনেতা প্ৰশান্ত হাজৰিকা ৷

You might also like