নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলঙৰ পশুপালনত ডাঃ দিলীপ মহন্তই সর্বেসর্বা

একে সময়তে তিনিটাকৈ পদ দখল

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ   দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ স্থিতি ঘোষণা কৰা বিজেপি চৰকাৰৰ শাসনকালত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগত সংঘটিত দুর্নীতিৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ জিলাখনৰ পশুপালন বিভাগত ব্যাপক দুর্নীতি–নিয়মৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ ৰাজনৈতিক নেতাৰ আশিসধন্য হৈ তথা বিভাগীয় একাংশ বিষয়াক মেনেজ কৰি কার্বি আংলং জিলা পশুপালন বিভাগটোৰ তিনিটাকৈ গুৰুত্বপূর্ণ পদ দখল কৰি ডাঃ দিলীপ মহন্ত নামৰ বিষয়াজনে বিভাগটোত উঠিৰজা–বহিৰজা হৈ পৰিছে৷ আজি গুৱাহাটীত এখন সংবাদ মেলত সন্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদে এই চাঞ্চল্যকৰ তথ্য সদৰী কৰে৷ সংবাদ মেলত পৰিষদৰ সভাপতি বিবিচন টেৰণে কয় যে প্রকৃততে ভ্রাম্যমাণ পশু চিকিৎসক পদৰ বিষয়া মহন্তই ৰাজনৈতিক প্রভাৱ খটুৱাই কার্বি আংলং জিলা পশুপালন বিষয়াৰ পদটো হস্তগত কৰাৰ উপৰি মহকুমা পশুপালন বিষয়াৰ পদটোও নিজৰ হাতত ৰাখি কার্যনির্বাহ কৰি আছে৷ কেৱল সিমানেই নহয়, এইজন মহন্তই ১৯৯৫ চনৰ পৰা সুদীর্ঘ ২৫ বছৰ ধৰি পশুপালন বিভাগত কার্যনির্বাহ কৰি একপ্রকাৰ ৰেকর্ড গঢ়িছে৷ সভাপতি টেৰণে পুনৰ কয়– ‘সেৱা বিধি অনুসৰি এজন বিষয়াই এখন জিলাত ৩ বছৰ চাকৰি কৰিব পাৰে৷ বিশেষ কাৰণত দুবছৰলৈ কার্যকাল বৃদ্ধি কৰিব পাৰে আৰু সেই হিচাপত বিষয়াজনে এখন জিলাত ৫ বছৰ চাকৰি কৰিব পাৰে৷ কিন্তু ডাঃ দিলীপ মহন্তই সেৱা বিধি উলংঘা কৰি কার্বি আংলং জিলাত ২৫ বছৰ কাল চাকৰি কৰাই নহয়, ইয়াৰ সমান্তৰালকৈ একে সময়তে ৩টা পদত কার্যনির্বাহ কৰি থাকিবলৈ সক্ষম হোৱা কার্যই ইয়াৰ আঁৰত ‘অশুভ’ কার্যকলাপ জড়িত হৈ থকাৰ কথা স্পষ্ট হৈ পৰিছে৷’ সংবাদ মেলত সভাপতি টেৰণে লগতে অভিযোগ কৰি কয় যে এইজন বিষয়াৰ কার্যকালত কার্বি আংলং জিলাৰ ৰাইজে পশুপালন বিভাগৰ কোনো উন্নয়নমূলক কাম–কাজ হোৱা দেখিবলৈ পোৱা নাই৷ কাজেই এই বিষয়াজনৰ কার্যকালত বিভাগটোৰ নামত আবণ্টিত ধনৰ ব্যাপক দুর্নীতি–নিয়ম হৈছে৷ উদাহৰণ হিচাপে মহন্তৰ কার্যকালত গুৱাহাটীৰ বেলতলাৰ নিউ আছাম ড্রাগ্ছ এজেন্সী নামৰ প্রতিষ্ঠানটোৱে জিলাখনৰ পশুপালন বিভাগত নিবিদা আহ্বান নকৰাকৈ ঔষধ যোগানৰ ঠিকা লাভ কৰি আহিছে৷ নিয়ম উলংঘা কৰি বছৰি কোটি কোটি টকাৰ ঠিকা লাভ কৰা এই প্রতিষ্ঠানটো ডাঃ মহন্তৰ বুলি অভিযোগ উঠিছে৷ বিষয়াগৰাকীৰ নেতৃত্বত দীর্ঘদিন ধৰি কার্বি আংলং জিলাৰ পশুপালন বিভাগত কোটি কোটি টকাৰ দুর্নীতি–নিয়ম হোৱাৰ অভিযোগ উঠাত কার্বি স্বায়ত্ত পৰিষদে প্রশাসনিক কাম–কাজৰ অনিয়ম আৰু বিত্তীয় কেলেংকাৰিৰ তদন্ত কৰিবলৈ ক্রমে পৰিষদৰ যুটীয়া সচিব হিৰেচ লোৱাছ মিল্লচিক আৰু পৰিষদৰ জ্যেষ্ঠ বিত্তীয় উপদেষ্টা লাল ৰেম চাংগে নাগমলক তদন্তৰ দায়িত্ব দিয়ে৷ যোৱা ৫ জুনত পৰিষদে এই বিষয়া দুগৰাকীক তদন্তৰ দায়িত্ব দি এসপ্তাহৰ ভিতৰত প্রতিবেদন দিবলৈ দিছিল৷ কিন্তু এই প্রতিবেদন আজি দুমাহে ৰাজহুৱা কৰা নহ’ল৷ হয়তো ডাঃ দিলীপ মহন্তক কার্বি আংলং স্বায়ত্ত পৰিষদৰ কর্তৃপক্ষই ৰক্ষণাবেক্ষণ দিয়া বাবেই তদন্ত প্রতিবেদন আজিলৈকে ৰাজহুৱা কৰা নহ’ল৷ গতিকে আমি সন্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদৰ তৰফৰ পৰা শীঘ্রে তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰাৰ লগতে ডাঃ দিলীপ মহন্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনালোঁ৷ ইফালে কার্বি আংলং জিলা পশুপালন বিভাগক বছৰি ১৫ কোটি টকাকৈ চৰকাৰে দি আহিছে৷ এই ধন ক’ত কেনেকৈ খৰচ কৰিছে, তাৰ তদন্ত কৰিলেই ডাঃ দিলীপ মহন্তৰ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিব বুলি উল্লেখ কৰি শীঘ্রে তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰিবলৈ ছাত্র সংগঠনটোৰ সম্পাদক জিণ্টু হাজৰিকাই দাবী জনায়৷

You might also like