নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক মুক্তিৰ উদ্যোগত নতুন ৰাজনৈতিক দল গঠনৰ প্রস্তুতি আৰম্ভ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   এটা দল, এখন পতাকা, এটা প্রতীকৰ সম্ভাৱনা সমাপ্ত হোৱাৰ পিছত নিজাববীয়াকৈ দল গঠনৰ প্রক্রিয়া আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ কালি সংগঠনটোৱে যোৰহাটত উজনি আৰু উত্তৰ অসমৰ সমষ্টিসমূহৰ প্রতিনিধিৰে বৈঠকত মিলিত হোৱাৰ পিছত মঙলবাৰে গুৱাহাটীত আন এখন গুৰুত্বপূর্ণ বৈঠকৰ আয়োজন কৰে৷ মহানগৰীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ কার্যালয়ত অনুষ্ঠিত বৈঠকখনত ‘কা’বিৰোধী ৭০ সংগঠনৰ প্রতিনিধি উপস্থিত থকাৰ লগতে কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই অংশগ্রহণ কৰে৷ স্বাভাৱিকতে বৈঠকত এটা বিকল্প আঞ্চলিক দল গঠনৰ বিষয়টোক লৈয়ে আলোচনা কৰা হয়৷ আটাইকেইটা সংগঠনৰ প্রতিনিধিয়ে এটা নতুন ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত সহমত পোষণ কৰে৷ অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত প্রস্তাৱিত দলটোৰ এখন আহ্বায়ক সমিতি গঠন কৰা হ’ব৷ বৈঠকৰ বিষয়ে সদৰী কৰি অনুসূচিত জাতি যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰুবুল দাসে কয় যে অসমৰ ৰাজনীতিৰ পৰা বিজেপিক সমূলঞ্চে বিদায় দিয়াৰ লক্ষ্যৰে এটা প্রগতিশীল আঞ্চলিক দল গঠনৰ বাবে আজি সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রতিটো সংগঠনৰ প্রতিনিধিক সন্নিৱিষ্ট কৰি ৩০ ছেপ্টেম্বৰক ৰাজ্যিক পর্যায়ৰ আহ্বায়ক সমিতিখন গঠন কৰা হ’ব৷ একে সময়তে আঞ্চলিকতাবাদী আৰু সমভাবাপন্ন সকলো দলৰ সৈতে আলোচনা তথা মিত্রতা সম্ভৱ বুলিও দাসে মন্তব্য কৰে৷ ইফালে, তাই–আহোম যুৱ পৰিষদ ত্যাগ কৰি ৰাজনৈতিক দলত যোগদানৰ প্রস্তুতি চলোৱা লোহিত গগৈয়ে কয় যে নতুন দলটোত প্রতিটো জনজাতি, জনগোষ্ঠীয়ে যাতে সম–মর্যাদা লাভ কৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷ সংগঠনসমূহৰ প্রতিনিধিক লৈ আহ্বায়ক সমিতি গঠন কৰা হ’ব আৰু পৰৱর্তী সময়ত সমষ্টি পর্যায়ত সংগঠন গঢ়ি তোলা হ’ব৷ উল্লেখ্য যে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত সকলো সংগঠনক সামৰি এটা আঞ্চলিক দল গঠনৰ পোষকতা কৰিছিল কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ ইয়াৰ বাবে ২০ ছেপ্টেম্বৰ পর্যন্ত সময়সীমাও নির্ধাৰণ কৰি দিছিল সংগঠনটোৱে৷ তাৰ পিছতো আছু, যুৱ–ছাত্র পৰিষদ বা অসম জাতীয় পৰিষদৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাত কৃষক মুক্তি সংগ্রাম সমিতিয়ে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে৷

You might also like