নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত প্রলয়–দুঘণ্টাতে উটিল শতাধিক গাঁও

অৰুণাচলৰ নাহৰলগুনত ডাৱৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ পুৱতিনিশালৈকে শান্ত–সমাহিত হৈ থকা লখিমপুৰ শুকুৰবাৰে নিচেই পুৱাৰ পৰা জল প্রলয়ৰ সৃষ্টি হয়৷ জিলাখনৰ চৌদিশ বিধ্বস্ত কৰি লেখ–জোখ নোহোৱাকৈ ক্ষতি কৰে এই জল প্রলয়ে৷ ফুলবাৰীৰ সুনীল দাস (৪৫) আৰু পুষ্পা ৰায় (১৪)ৰ এই বানত মৃত্যু হোৱাৰ বাতৰি নিশ্চিত হৈছে৷ পৰেশ দাসসহ তিনিজনক উটুৱাই নিছিল শিঙৰাৰ বানে৷ সুনীল, পুষ্পাৰ মৃতদেহ উদ্ধাৰ হ’লেও বিয়লিপর্যন্ত পৰেশৰ সন্ধান ওলোৱা নাই৷ এছ ডি আৰ এফ, এন ডি আৰ এফে জলবন্দীসকলক উদ্ধাৰৰ লগতে মৃতদেহ উদ্ধাৰৰো প্রচেষ্টা অব্যাহত ৰাখিছে৷ শুকুৰবাৰে পুৱাৰে পৰা লখিমপুৰৰ ৰঙানদী, শিঙৰা, জহিং আদি প্রায়বোৰ নদীয়েই পাৰ বাগৰি ভয়াৱহ বানৰ সূচনা কৰে৷ বুৰাই পেলায় বহু অঞ্চল৷ নাৰায়ণপুৰ, নাওবৈচা, লখিমপুৰ আৰু কদম ৰাজহ চক্র এলেকাত ক্ষয়–ক্ষতি হয় সর্বাধিক৷ জহিং দলঙৰ সমীপত পকী পথ, ফুটাভোগত পকী পথ, জাহিঙৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় সংযোগী পথ, বজাৰ তিনিআলি সংযোগী পথ, কামান পাপৰিৰ পৰা হাতীয়ে মৰা সংযোগী পথ, অনিছাবাৰী সংযোগী পথ, হাৰুমতীৰ ৰাষ্ট্রীয় পথ, ছিয়াজুলিৰ পৰা কদম বাগান সংযোগী পথ, ৰে’লৱে ক্রছিঙৰ সমীপত ফুলবাৰী সংযোগী পথ আদি বিভিন্ন পথ বিভিন্ন স্থানত ছিঙি পেলায়৷ আনহাতে, কেছেৰুগুৰি আৰু বাংকেলেং সংযোগী দলং, কাকৈ–ৰাজগড় সংযোগী দলং, ১নং পাঁচনৈ সংযোগী দলংসহ তিনিখন দলং প্রলয়ংকৰী বানত উটি যায়৷ জহিং আমগুৰি স্কুল, জহিং দৈনিক বজাৰ গৃহ, দলহাট গার্লছ স্কুলকে ধৰি বহু স্কুল, বজাৰ অসংখ্য বিদ্যুৎ পৰিবাহী তাঁৰ–খুঁটাৰ বিস্তৰ ক্ষতি হয়৷ বঠাকৰাত সোৱণশিৰিয়ে মথাউৰি খহাই আছে তীব্র গতিৰে৷ আজি পুৱা বেলাৰ ভিতৰতে ২৮খনকৈ গাঁৱৰ ২৩,৫৯১জন লোক বানৰ কবলত ক্ষতিগ্রস্ত হৈছে৷ শস্যক্ষেত্র বিনষ্ট হৈছে ১,১৭৬ হেক্টৰ৷ উল্লেখ্য যে হঠাৎ হোৱা এই বানৰ তাণ্ডৱক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে৷ ক’ৰ পৰা নিমিষতে আহিল এই বান? এই প্রশ্ণ এতিয়া লখিমপুৰ জিলাৰ প্রায় সকলো নাগৰিকৰ৷ ইয়াৰ পূর্বে নীপকোৱে হঠাৎ পানী এৰি দিলে জিলাখনত এনে আকস্মিক বানৰ সৃষ্টি হয় যদিও আজি নীপকোৱে পানী এৰা নাই বুলি জানিবলৈ দিছে৷ তথ্য মতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত হোৱা ধাৰাবাহিক বৰষুণৰ ফলত লখিমপুৰ জিলাৰ নৈসমূহৰ পানী হঠাৎ বাঢ়ি আছিল৷ আজি অৰুণাচল প্রদেশৰ নাহৰলগুনত ডাৱৰ বিস্ফোৰণ ঘটাত বৃহৎ জল প্রলয়ৰ সৃষ্টি হৈ জিলাখনৰ নৈসমূহ নিমিষতে ওফন্দি উঠে৷ পুৱা প্রায় দুঘণ্টাতে লখিমপুৰ জিলাৰ সকলো নৈয়ে পাৰ ভাঙি জিলাখনত তাণ্ডৱ সৃষ্টি কৰে৷
লখিমপুৰত জলবন্দী দহখন গাঁৱৰ ৫০ হাজাৰোধিক লোক
লখিমপুৰত আজি পুৱাতে শেতেলি এৰিয়েই ভয়াৱহ দুর্যোগৰ মুখামুখি হ’ল ৰঙানদীপৰীয়া ৰাইজ৷ পুৱাৰ হঠাৎ ভয়ংকৰ গর্জনেৰে বাঢ়ি অহা ৰঙানদীয়ে এফালৰ পৰা নদীপৰীয়া অঞ্চলসমূহ বুৰাই পেলায়৷ ঘৰৰ ভিতৰত একাঁঠু–একঁকাল পর্যন্ত পানী হোৱাত হুৱাদুৱা লাগে নৈপৰীয়া ৰাইজৰ৷ নিজৰ সম্পত্তি আৰু জীৱন ৰক্ষাৰ বাবে নদীপৰীয়া ৰাইজে আপ্রাণ চেষ্টা চলায়৷ নদীখনৰ কোবাল সোঁতে লখিমপুৰ নগৰৰ পৰা পাঁচনৈ অঞ্চলক সংযোগ কৰা একমাত্র কাঠ–বাঁহৰ দলংখন উটুৱাই নিয়ে৷ ফলত পাঁচনৈ অঞ্চলৰ এক নং পাঁচনৈ, দুই নং পাঁচনৈ, কুলাবিল আদি দহখন গাঁও বহিঃজগতৰে সংযোগ বিচ্ছিন্ন হৈ পৰে৷ জলবন্দী হৈ পৰে অঞ্চলটোৰ প্রায় ৫০ হাজাৰ লোক৷ আনহাতে আমতলা অঞ্চলটোৰ দহখনৰো অধিক গাঁও নদীখনৰ ভয়াৱহ বানৰ কবলত পৰিছে৷
নাওবৈচাত শিঙৰা নদীৰ বিধ্বংসী ৰূপঃ বিধ্বংসী বানে উটুৱাই লৈ গ’ল তিনিজনকৈ ব্যক্তিক
দুজনৰ মৃতদেহ উদ্ধাৰ, এজন সন্ধানহীন
লখিমপুৰ জিলাৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্রদেশৰ লগতে শিঙৰাৰ উৎপত্তিস্থলত শুকুৰবাৰে পুৱতিনিশাৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণত নদীখনৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে ওফন্দি অহাৰ ফলত সৃষ্টি হোৱা বানে নাওবৈচাত হঠাৎ মহাপ্রলয়ৰ সূচনা কৰি অঞ্চলটোৰ ৩০/৪০খনকৈ গাঁৱৰ বাসিন্দাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে৷ আজি পুৱা প্রায় ৯ বজাত নদীখনত অহা সাগৰৰ ঢ়ৌসদৃশ বানে চকুৰ পচাৰতে ৰাষ্ট্রীয় ঘাইপথৰ পৰা দলহাট বজাৰ সংযোগী গড়কাপ্টানী পথটো জগন্নাথ মন্দিৰৰ সমীপত প্রায় তিনিশ মিটাৰ উটুৱাই নি নাওবৈচা ৰাজহ চক্রৰ অধীনস্থ চাৰিখন পঞ্চায়তৰ প্রায় ৩০/৪০খন গাঁও সম্পূর্ণভাৱে প্লাৱিত কৰি ১৫নং ৰাষ্ট্রীয় ঘাইপথলৈকো তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ ইতিমধ্যে নদীখনৰ বিধ্বংসী বানত খৰি বুটলি থকা শিশুসহ দুজনকৈ লোকক উটুৱাই লৈ যায়৷ নদীৰ প্রবল সোঁতত উটি যোৱা ব্যক্তিকেইজন হ’ল ২নং ফুলবাৰী গাঁৱৰ সুনীল দাস (৪৫), পুষ্পা ৰয় (১৪) আৰু পৰেশ ৰয় (১০) বুলি জানিব পৰা গৈছে৷ অৱশ্যে গাঁওখনৰ নাতিদূৰৈত সুনীল দাস আৰু পুষ্পা ৰয়ৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰে যদিও পৰেশ ৰয়ক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই৷ নদীখনৰ সংহাৰী বানে উল্লিখিত পথটো ছিঙি নিয়াত বর্তমানে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা সজাল ধৰা শালি খেতি পানীৰ তলত ডুব যোৱাত কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে৷ উল্লেখ্য যে শিঙৰা নদীয়ে আজি উটুৱাই নিয়া দলহাট বজাৰ সংযোগী পথ–মথাউৰিটো যোৱা কেইবাবছৰে জৰাজীর্ণ হৈ আছিল যদিও শেহতীয়াকৈ এনৰেগা আঁচনিৰ জৰিয়তে ৬০ লাখ টকাৰে উক্ত পথ মথাউৰিটো নির্মাণ কৰিছিল৷ নদীখনৰ বানে নাওবৈচা ৰাজহ চক্রৰ অন্তর্গত দলহাট, সোণাপুৰ, ৰাণাবাৰী, কঁঠালপুখুৰী, ৰাজআলি, বলমা, বিষ্ণুপুৰ, বালিটিকা, দীঘপুখুৰী, কোঁৱৰপুৰ, শলমৰীয়া, ম’হঘুলি, কুটুকাইকে ধৰি জলবন্দী হৈ থকা ৩০/৪০খন গাঁৱৰ জনসাধাৰণৰ জীৱন ধাৰণৰ কাৰণে অন্ন–বস্ত্র–বাসস্থান্ পানীত ডুব যোৱাৰ ফলত জীৱনযাত্রা ব্যাহত হৈ এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে৷
বগীনদীত ভয়ংকৰ বান পৰিস্থিতি, কাকৈ গোমনদী, দীর্ঘা নদীৰ বাঢ়নী পানীয়ে বুৰালে শতাধিক বাসগৃহ
লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ড তথা কদম ৰাজহ চক্রৰ অন্তর্গত কেইবাটাও অঞ্চলত শুকুৰবাৰে পুৱাৰে পৰা বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ যোৱা কেইবাদিনৰ পৰা নেৰানেপেৰাকৈ দি থকা ধাৰাসাৰ বৰষুণৰ লগতে শুকুৰবাৰে পুৱা প্রায় ৩ ঘণ্টা ধৰি হোৱা প্রবল বৰষুণৰ ফলত ৰাজহ চক্রটোৰ অন্তর্গত কাকৈ, গোমনদী, দীর্ঘা আৰু বগীনদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰি ইয়াৰ নামনিৰ বিস্তীর্ণ অঞ্চলত বানৰ সৃষ্টি কৰি তাণ্ডৱ চলায়৷ ইয়াৰে কাকৈ আৰু গোমনদীয়ে সৃষ্টি কৰা বাঢ়নী পানীয়ে কদম টেঙাবস্তি, কদম বাগান গাঁও, কদম বঙালী, কদমিয়াল আৰু ন–ভঙনীয়া গাঁৱৰ শতাধিক লোকৰ বাসগৃহ পানীয়ে বুৰাই পেলোৱাৰ লগতে গাঁওকেইখনৰ শ শ হেক্টৰ শালিধানৰ খেতি পানীত ডুব গৈছে৷ ইয়াৰ উপৰি আন দুখন নৈ ক্রমে দীর্ঘা আৰু বগীনদীয়ে সৃষ্টি কৰা বানৰ ফলত চিয়াজুলি–বোকানলা সংযোগী দীর্ঘা নদীৰ ওপৰত থকা কাঠৰ দলঙৰ এটা মূৰ খহাই নিয়াৰ ফলত বৃহত্তৰ বোকানলা অঞ্চল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ তেনেদৰে বগীনদী চিয়াজুলি গডকাপ্ঢানী পথৰ লগত ভংগাবিল শৰণীয়া গাঁৱৰ লগত সংযোগ স্থাপন কৰা দীর্ঘা নদীৰ ওপৰত থকা বাঁহৰ দলঙৰ একাংশ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়৷
নিমিষতে প্লাৱিত হ’ল হাৰমতীৰ বৃহত্তৰ অঞ্চল
লখিমপুৰ জিলাৰ হাৰমতীৰ বৃহত্তৰ এলেকা জলমগ্ণ কৰি তুলিছে পাহাৰীয়া নদী বগলীয়ে৷ বিশেষ সূত্রে জানিব পৰা মতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশৰ পাহাৰৰ পৰা বৈ অহা বগলী নদীৰ উৎপত্তিস্থলত পাহাৰৰ মাটি খহি পানী ওলাই যাব নোৱাৰাকৈ বন্ধ হৈ আছিল৷ শুকুৰবাৰে পুৱা প্রায় ৫ বজাত উক্ত বন্ধ পানীৰ বান্ধটো ভাঙি যোৱাত বগলী নদীয়েদি পানী সোমাই বৃহত্তৰ হাৰমতী অঞ্চল প্লাৱিত কৰাই নহয়, বহু ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে মানুহৰ ঘৰ–বাৰীৰ ব্যাপক ক্ষতি কৰে৷ হাৰমতীৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰেদি প্রায় ডেৰ ফুট উচ্চতাৰে পানী বাগৰাত ৰাষ্ট্রীয় ঘাইপথেদি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷ তদুপৰি হাৰমতী ছেইণ্ট জেভিয়ার্ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্রীয় ঘাইপথৰ উত্তৰ দিশত থকা প্লে–স্কুলৰ লগতে ছাত্রী নিৱাসৰ বাউণ্ডেৰী ৱাল প্রায় ২০ মিটাৰ ভাঙি উটুৱাই নিয়াত ছাত্রী নিৱাস আৰু প্লে–স্কুল জলমগ্ণ হৈ আৱাসীসকল জলবন্দী হৈ থাকিব লগা হৈছে৷ সেইদৰে ৰাষ্ট্রীয় ঘাইপথৰ দক্ষিণ দিশৰ ছেইণ্ট জেভিয়ার্ছ স্কুলৰ বাউণ্ডেৰী ৱালখন প্রায় ১০ ফুট ভাঙি উটুৱাই নিয়াত বিদ্যালয়ৰ লগতে গির্জা, ছাত্র আৱাস জলমগ্ণ কৰি তোলে৷ হাঠাতে হোৱা পানীৰ প্রকোপ ইমানেই বেছি যে হাৰমতী ৩নং দর্খাস্ত, চান্দমাৰী, হাটখোলা,বগলী, কাঠনী হাৰমতী বজাৰ, হাৰমতী দুইমুখ সংযোগী পথ, হাৰমতী আঞ্চলিক বন বিষয়াৰ কার্যালয় সম্পূর্ণ পানীয়ে আৱৰি ৰাখে৷
লালুকত গাভৰু নদীৰ বানৰ তাণ্ডৱ, বাট–পথ ছিঙি একাকাৰ, দহখনতকৈ অধিক গাঁও জলমগ্ণ
যোৱানিশা হৈ যোৱা ধাৰাসাৰ বৰষুণৰ ফলত শুকুৰবাৰে পুৱাৰে পৰা লালুক অঞ্চলৰ আটাইতকৈ ভয়াৱহ নদী ৰূপে খ্যাত গাভৰু নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ লৈ দহখনতকৈ অধিক গাঁও জলমগ্ণ কৰি বিস্তীর্ণ এলেকাত বিস্তৰ ক্ষতি কৰে৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নদীখনৰ বিধ্বংসী বানে কৰুণাবাৰী উন্নয়ন খণ্ডৰ উত্তৰ লালুক আৰু নিজ লালুক গাঁও পঞ্চায়তৰ নদীপৰীয়া অঞ্চলটোৰ বহুকেইটা ৰাস্তা ছিঙি বহু অঞ্চলৰ যাতায়াত ব্যাহত কৰি তুলিছে৷ নিজ লালুক গাঁও পঞ্চায়তৰ ৯নং ৱার্ডৰ তিনিটাকৈ পথ বাঢ়নী পানীয়ে কেইবাঠাইতো ছিঙি খণ্ড খণ্ড কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে পইতা নদীৰ গাইড বান্ধ, শচীন্দ্র নাৰায়ণ চুবুৰিৰ কৃষি বান্ধ, বালি চৰনী কৃষি বান্ধ ছিঙি বিস্তীর্ণ এলেকা বুৰাই বহু মানুহৰ ঘৰৰ ভিতৰত বাঢ়নী পানী সোমাই নাজল–নাথল অৱস্থাৰ সৃষ্টি কৰিছে৷ উত্তৰ লালুক গাঁও পঞ্চায়তৰ পানিকা গাঁৱৰ মূল পথটো ছিঙি পেলোৱাৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে৷ তদুপৰি পঞ্চায়তখনৰ ১০নং ৱার্ডৰ কনগাৰী গাঁৱৰ মূল পথটো বাঢ়নী পানীয়ে কেইবাঠাইতো ছিঙি পেলোৱাৰ ফলত অঞ্চলবাসীৰ যাতায়াত সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷
গহপুৰ ছত্রঙৰ বাঢ়নী পানীয়ে খহাই নিলে মথাউৰি– পথ
গহপুৰ নগৰৰ সোঁমাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্রোতা নদী ছত্রঙৰ বাঢ়নী পানীয়ে শুকুৰবাৰে পুৱা তাণ্ডৱ চলালে নগৰখনৰ চাৰি, পাঁচ আৰু ছয় নং ৱার্ডত৷ নিশাৰ ভাগত হোৱা প্রবল বৃষ্টিপাতৰ ফলত শুকুকবাৰে পুৱা ৫.৩০মান বজাত ফেনে–ফোটোকাৰে বাঢ়ি অহা নদীখনৰ প্রবল সোঁতে ছিঙি নিয়ে নগৰখনৰ মাজ মজিয়াৰ ৫নং ৱার্ডৰ মথাউৰি তথা প্রধান পথ৷ তদুপৰি নৈখনৰ প্রবল সোঁতে নগৰখনৰ মাজ মজিয়াত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত থকা পকী দলংখনলৈ তীব্র ভাবুকি কঢ়িয়াই অনাত কিছু সময়ৰ বাবে ৰাষ্ট্রীয় ঘাইপথেৰে যাতায়াত বিঘ্ণিত হৈ পৰে৷ পাঁচ নং ৱার্ডত মথাউৰি তথা পথটো ছিঙাৰ ফলত ভগ্ণ অংশৰে তীব্র গতি জলধাৰা পেড্র’ল ডিপোৰ কাষেৰে বৈ যোৱাৰ ফলত প্রায় তিনি ঘণ্টা ডিপোটো বন্ধ ৰাখিব লগা হয়৷

You might also like