নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমান্তত ভয়ংকৰ ভূমিস্খলন, পোত গ’ল ৫খনকৈ ট্ৰাক

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  অসম-অৰুণাচল সীমান্তবৰ্তী বান্দৰদেৱাত ভয়াৱহ ভূমিস্খলন ৷  এটা পাহাৰ খহি হোৱা ভূমিস্খলনে  ৫খন ট্ৰাক দহ ফুট ঠেলি নি প্ৰায় ৫০ শতাংশ পুতি পেলায়।

বিদ্যুৎ পৰিবাহী এটা পকী খুটা ভাগি পৰাৰ  লগতে  এখন দোকানো মাটিত পোত যায় ৷ অসম-অৰুণাচলৰ সীমান্তৱতী বান্দৰদেৱাত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত প্ৰায় এঘণ্টাৰ বাবে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰে ৷ আনহাতে সৌভাগ্যক্ৰমে  ৰক্ষা পৰে কেইবাজনো ট্ৰাক চালক আৰু হেণ্ডিমেন।

You might also like