নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম পুথিভঁৰাল সংঘ তথা অন্যান্য সংগঠনৰ উদ্যোগত গ্ৰন্থাগাৰিক দিৱস পালন

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসম পুথিভঁৰাল সংঘ, এচ’চিয়েচন অফ্ স্পেচিয়েল লাইব্ৰেৰীজ্ এণ্ড ইনফৰমেশ্বন চেণ্টাৰ, মণ্ডল – ৫, অসম মহাবিদ্যালয় গ্ৰন্হাগাৰিক সংস্থা, গ্ৰন্থাগাৰ তথা তথ্য বিজ্ঞান বিভাগ, গৌহাটি বিশ্ববিদ্যালয় গ্ৰন্থাগাৰ তথা তথ্য বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সংস্থা, গৌহাটি বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ, গৌহাটি বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় গ্ৰন্থাগাৰ, সদৌ অসম মহিলা গ্ৰন্থাগাৰিক সংস্থা, চ’ছাইটি ফ’ৰ এডভান্সমেণ্ট অফ্ লাইব্ৰেৰীয়ানশ্বীপ আৰু এল্. আই. এচ্. লিংক সমন্বিতে ১০ টা অনুষ্ঠানে একগোট হৈ যোৱা ১২ আগষ্টত গ্ৰন্থাগাৰিক দিৱস উদযাপন কৰে । গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ পদ্মশ্ৰী ড° এছ. আৰ. ৰংগনাথনৰ ১২৮ তম জন্ম শত বাৰ্ষিকী উপলক্ষে পোনপ্ৰথম বাৰৰ বাবে ৱেব্ মাধ্যমত এই অনুষ্ঠানটিৰ আয়োজন কৰা হয়।
প্ৰফেচৰ অলকা বুঢ়াগোহাঁই, প্ৰফেচৰ নৰেন্দ্ৰ নাথ শৰ্মা, প্ৰফেচৰ নৰেন্দ্ৰ লহকৰ, মহেন্দ্ৰ নাথ বৰা, প্ৰফেচৰ ৰজনী কান্ত বৰ্মন, ভূপেন গোস্বামী, উমা শংকৰ দেৱনাথ, ড° মুকেশ শইকীয়া আৰু ড° জ্যোতিকা দেৱী প্ৰমুখ্যে কেতবোৰ বিশিষ্ট গ্ৰন্থাগাৰবিদ তথা গ্ৰন্থাগাৰিক সমল ব্যক্তি ৰূপে অনুষ্ঠানটিত উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁত ধৰে প্ৰফেচাৰ সঞ্জয় কুমাৰ সিঙে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ৬০০ ৰো উৰ্ধৰ অংশগ্ৰহণকাৰীয়ে এল্. আই. এচ্. লিংক ফেচবুক পেজ আৰু ইউ টিউব পেজৰ জৰিয়তে অনুষ্ঠানটি লাইভ প্ৰত্যক্ষ কৰে।
আই. এচ্. লিক্ তথা অসম পুথিভঁৰাল সংঘৰ সভাপতিদ্বয় যথাক্ৰমে প্ৰফেচৰ নৰেন্দ্ৰ লহকৰ আৰু ড° মুকেশ শইকীয়াই যোৱা ১০ আগষ্টত অসম চৰকাৰে গ্ৰাম্য পুথিভঁৰালত কৰ্মৰত ১৬১ জন গ্ৰন্থাগাৰিক আৰু ১৫৩ জন গ্ৰন্থাগাৰ সহায়কৰ দৰমহা বৰ্দ্ধিতকৰণ সন্দৰ্ভত লোৱা সিন্ধান্তক এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি শলাগ লোৱাৰ উপৰিও ই গ্ৰন্থাগাৰিক সকলক যথেষ্ট প্ৰেৰণা যোগাব বুলিও আশা প্ৰকাশ কৰিছে। অনুষ্ঠানৰ শেষত ড° তিলক হাজৰিকাই শলাগৰ শৰাই আগবঢ়াই।

You might also like