নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিঙত ‘অসম দর্শন’ আঁচনিৰ অধীনত কেইবাটাও মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ লামডিংস্থিত শ্ৰীশ্ৰী শীতলাবাৰী মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘অসম দর্শন’ আঁচনিৰ অধীনত নিৰ্মিত সভাগৃহৰ ভূমি মহলাৰ শুভ উদ্বোধন কৰে। লগতে, ঐতিহ্যপূৰ্ণ মন্দিৰটোৰ প্ৰসাদ ভৱনৰ আধাৰশিলা স্থাপন কৰে।

লগতে অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অসম দৰ্শন’ৰ অধীনত হোজাই জিলাৰ লামডিং কালীবাড়ি মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অনুষ্ঠানত বিধায়কসকল ক্ৰমে শিবু মিশ্ৰ, শিলাদিত্য দেব,  ৰূপক শৰ্মা আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

You might also like