নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক মার্চলৈ পিছুৱাই দিয়াৰ সম্ভাৱনা

ক’ভিড–১৯

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা মার্চ মাহলৈ পিছুৱাই দিয়াৰ সম্ভাৱনা আছে৷ ফেব্রুৱাৰীৰ পৰিৱর্তে হাইস্কুল শিক্ষান্ত পৰীক্ষা মার্চত অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে অসম মাধ্যমিক শিক্ষা সংসদে (ছেবা)৷ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি দীর্ঘদিন ধৰি পাঠদান বন্ধ হৈ থকাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা মার্চলৈ পিছুৱাই দিয়াৰ চিন্তা–চর্চা কৰা হৈছে৷ ইতিমধ্যে এই সন্দর্ভত গঠন কৰা শৈক্ষিক কমিটীয়ে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিছে৷ অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা মার্চলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই৷ বৰঞ্চ চলিত মাহৰ ভিতৰত ছেবাই মেট্রিক পৰীক্ষা পিছুৱাই দিয়াৰ প্রস্তাৱ চৰকাৰৰ অনুমোদনৰ বাবে প্রেৰণ কৰিব বুলিও জানিবলৈ দিছে সূত্রটোৱে৷ এই প্রসংগত সূত্রটোৱে কয়– ‘ইতিমধ্যে পাঠ্যক্রম ৩০ শতাংশ হ্রাস কৰা হৈছে৷ সমান্তৰালভাৱে অনলাইন ক্লাছকে ধৰি ডিজিটেল মাধ্যমেৰে পাঠদান অব্যাহত ৰখা হৈছে৷ তৎসত্ত্বেও শিক্ষার্থীসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণৰ চিন্তা–চর্চা কৰা হৈছে৷ চৰকাৰে গঠন কৰি দিয়া শৈক্ষিক কমিটীয়ে এইক্ষেত্রত দিহা–পৰামর্শ প্রদান কৰিব৷’ উল্লখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে যোৱা মার্চৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ ফলত অপূৰণীয় ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষার্থী সমাজ৷ সম্প্রতি ৰাজ্য চৰকাৰে পুনৰ বিদ্যালয়সমূহ খোলাৰ চিন্তা–চর্চা কৰিছে যদিও পূর্বৰ দৰে পৰিস্থিতি কেতিয়া উভতি আহিব, সেয়া এতিয়াও অনিশ্চয়তাৰ গৰাহত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে চি বি এছ ইৰ পাছত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদেও ৩০ শতাংশ পাঠ্যক্রম হ্রাস কৰিছে৷ উচ্চতৰ মাধ্যমিকৰ প্রথম আৰু দ্বিতীয় বর্ষৰ তিনিওটা শাখা ক্রমে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ পাঠ্যক্রম হ্রাস কৰিছে৷ ইতিমধ্যে সচিব মনোৰঞ্জন কাকতিয়ে ইয়াৰ বাবে যাৱতীয় নির্দেশ প্রকাশ কৰিছে৷ লগতে পৰিষদৰ ৱেবছাইটযোগে হ্রাস কৰা পাঠ্যক্রম আপলোড কৰা হৈছে৷

You might also like