নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দলে ৭০০ পৰা ১৫০০ ভিতৰত ভোট নাপায়ঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ  আজি আছু আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ উদ্যোগত  নতুনকৈ গঠন হ’ল ৰাজনৈতিক দল ”অসম জাতীয় পৰিষদ ”। আজি এই নতুন ৰাজনৈতিক দলক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনৰ বতৰ আহিলে  নতুন প্ৰাৰ্থী নতুন সমাজ সেৱক এইবিলাক আমি দেখা পাওঁ। গতিকে এইটো এটা স্বাভাৱিক ঘটনা। আছুৱে নুখিুলিলে আৰু কোনোবাই দল খুলিব। আৰু কোনবাই নুখুলিলে আৰু কোনোবাই খুলিব। প্ৰতিটো সমষ্টিতে তেওঁলোকে ৭০০ পৰা ১৫০০ ভিতৰত  অধিক ভোট নাপায়। লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে  নতুন দলটোৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাই। কাৰণ তেওঁ দলটোত যোগদান নকৰে। বিজেপিকো আঞ্চলিক শক্তি বুলি কয় মন্ত্ৰী গৰাকীয়ে। আনহাতে নতুন দলটোক কটাক্ষ কৰি কয় যে  দল হওক ধুনীয়া পৰিৱেশ হওক কিন্তু যাতে  দোকানীয়ে  নতুন দলৰ ভয়ত  দোকান খুলিব নোৱাৰে , চান্দাৰ নামত হাৰাশাস্তি কৰিব নালাগে। তেনেকুৱা পৰিৱেশ সৃষ্টি হ’ব নালাগে।  ৰাজনীতি লৈ যিমান নতুন মানুহ আহে তাক আদৰণি জনাম। লগতে ৰাজনীতিৰ নাম লৈ চান্দাক কম গুৰুত্ব দিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে। 

 

You might also like