নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিত বাদ পৰাসকলক ‘সুৰক্ষা’ দিব বিপিএফে

হাগ্রামা মহিলাৰীৰ নতুন ৰাজনীতি

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   স্থগিত হৈ থকা বিটিচি নির্বাচনৰ নতুন দিন–তাৰিখ ৰাজ্যিক নির্বাচন আয়োগে এতিয়াও ঘোষণা কৰা নাই যদিও তুংগত উঠিছে বিটিচিৰ ৰাজনীতি৷ বিশেষকৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ আৰু প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতিৰ সমান্তৰালভাৱে উভয়ে নিত্য নতুন ইছ্যুৰে প্রতিপক্ষক প্রতিহত কৰাৰ কৌশল লৈছে৷ প্রাক্তন বিটিচিপ্রধান তথা বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে শেহতীয়াকৈ বিটিচি অঞ্চলত বসবাস কৰা লোকক মাটিৰ পট্টা প্রদান আৰু এনআৰচিৰ পৰা নাম বাদ পৰা প্রকৃত ভাৰতীয় নাগৰিকসকলক সুৰক্ষা প্রদানৰ বিষয়টো নতুনকৈ অন্যতম নির্বাচনী ইছ্যু কৰি লৈছে৷ আজি শালবাৰীত নির্বাচনী প্রচাৰ অভিযানত হাগ্রামা মহিলাৰীয়ে এই সম্পর্কত কয় যে বিটিচি অঞ্চলত বসবাস কৰা যিসকল লোকৰ মাটিৰ পট্টা নাই তেওঁলোকক ১৯৫১ চনৰ আইন অনুসৰি জৰীপ চলাই মাটিৰ পট্টা প্রদান কৰা হ’ব৷ বিপিএফ পুনৰ ক্ষমতালৈ আহিলেই জিলাই জিলাই জৰীপ চলাই ভূমিপট্টা প্রদান কৰিব৷ সেইদৰে এনআৰচিৰ পৰা নাম বাদ পৰা বিটিচি এলেকাৰ প্রকৃত ভাৰতীয় নাগৰিকসকল যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে চৰকাৰে আলোচনা কৰি প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ এই প্রসংগতে মহিলাৰীয়ে কয় যে এনআৰচিৰ সময়ত প্রমোদ বড়োৱে বিভিন্নজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷ আনহাতে কোনো পৰিস্থিতিতে বিপিএফে ইউপিপিএল দলৰ সৈতে মিত্রতা নকৰে বুলি স্পষ্ট কৰি দি মহিলাৰীয়ে কয় যে প্রমোদ বড়োৰ ইউপিপিএল দলৰ সৈতে মিত্রতা কৰাৰ প্রশ্ণই নুঠে৷ কাৰণ প্রমোদ বড়োৰ লগত মিত্রতা কৰিলে অন্য জাতি–জনগোষ্ঠীয়ে বেয়া পাব৷ কাৰণ প্রমোদ বড়োৱে ইতিপূর্বে বহু জাতি–জনগোষ্ঠীক অপমান কৰি থৈছে৷ ইপিনে বিটিআৰ চুক্তিয়ে বিটিচি অঞ্চলত সংঘাত আনিব বুলি হাগ্রামা মহিলাৰীয়ে কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে৷ সংবাদ মাধ্যমৰ আগত বড়োৱে কয় যে বিটিআৰ চুক্তিখন কেন্দ্রীয় গৃহমন্ত্রী, অসমৰ মুখ্যমন্ত্রী, গৃহ বিভাগৰ শীর্ষ বিষয়াবর্গৰ উপস্থিতিত স্বাক্ষৰিত চুক্তি৷ সেই চুক্তিত হাগ্রামা মহিলাৰীয়েও স্বাক্ষৰ কৰিছিল৷ চুক্তিখনৰ কোনটো দফাই সংঘাত আনিব সেই কথা হাগ্রামা মহিলাৰীয়ে ক’ব লাগে আৰু তেনে বক্তব্যৰ বাবে চৰকাৰে তেওঁক জবাবদিহি কৰি আইনী ব্যৱস্থা গ্রহণ কৰিব লাগে৷ বড়োৰ স্পষ্ট কথা– বিটিআৰ চুক্তিখন ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মদ–ভাং খাই স্বাক্ষৰ কৰা নাই৷ তেওঁ আৰু কয় যে বিপিএফ পুনৰ ক্ষমতালৈ আহিলে অঞ্চলটোত দুর্নীতিৰ প্রকোপ বৃদ্ধি পাব৷ সেয়ে তেওঁ জনসাধাৰণক পৰিৱর্তনৰ স্বার্থত বিপিএফৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায়৷ ইফালে বিপিএফৰ উপ–সভাপতি তথা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে আজি ওদালগুৰিৰ সংবাদ মাধ্যমৰ আগত ইউপিপিএল আৰু নৱ শৰণীয়াৰ মাজত হোৱা মিত্রতাৰ প্রসংগত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে যদি মিত্রতা হৈছে সেয়া দুর্ভাগজনক৷ নৱ শৰণীয়া হৈছে অবড়োৰ শক্তি৷ ইউপিপিএল হৈছে জাতীয় সংগঠনক লৈ গঠন কৰা দল৷ এনে অৱস্থাত তেওঁলোকৰ মাজত মিত্রতা হ’লে জাতীয় চৰিত্র নোহোৱা হ’ব৷

You might also like