নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰ–নৱেম্বৰত সৃষ্টি হ’ব পাৰে ক’ৰোনাৰ বিভীষিকা

ৰাজ্যবাসীক স্বাস্থ্যমন্ত্রীৰ সাৱধানবাণী

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  ক্রমাৎ ৰাজ্যত ভয়াৱহ ৰূপ লৈছে মহামাৰী ক’ৰোনাই৷ লকডাউনৰ শিথিলতা তথা আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে ৰাজ্যত দ্রুত হাৰত বৃদ্ধি পোৱা আক্রান্তৰ সংখ্যাই পৰিস্থিতি জটিল কৰি তুলিছে৷ অহা অক্টোবৰ–নৱেম্বৰ মাহত সৃষ্টি হ’ব বিভীষিকাৰ৷ এনে সম্ভাব্য পৰিৱেশৰ উল্লেখেৰে অহা তিনি মাহলৈ অসম অধিক স্পর্শকাতৰ হৈ থাকিব বুলি স্পষ্ট কৰি দিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহস্পতিবাৰে এক অনুষ্ঠানত মন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– ক’ভিডৰ বেদনাদায়ক ৰূপ এতিয়া আৰম্ভ হৈছে৷ ক’ৰোনা আক্রান্তসকলক প্রয়োজন হৈছে অক্সিজেনৰ৷ ক’ৰোনামুক্ত হোৱা বহু লোক ঘৰলৈ গৈও মৃত্যুমুখত পৰিছে৷ গতিকে সাৱধান হ’ব লাগে৷ বর্তমান আই চি ইউৰ অভাৱ হোৱা নাই যদিও আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিলে অক্টোবৰ মাহৰ প্রথম ভাগত ৰাজ্যত নাটনি হ’ব আই চি ইউৰ৷ অৱশ্যে কালাপাহাৰত নতুন আই চি ইউ বিছনা নির্মাণৰ কাম আৰম্ভ হৈছে৷ ৰাজ্যত শেহতীয়াকৈ ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিৱেশ অধিক স্পর্শকাতৰ হৈ পৰাৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে ইয়াকো কয়– এটা সময়ত ক’ৰোনাত আক্রান্ত হৈ দুই–চাৰিজন লোকৰ মৃত্যু হৈছিল৷ কিন্তু যোৱা ২৪ ঘণ্টাত ১৮জন লোকৰ মৃত্যু হ’ল৷ এটা দিনত ১৮জন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাটো সহজ বিষয় নহয়৷ যিসকলে ক’ভিডত মানুহ নমৰে বুলি ভাবিছিল, সেইসকলৰ বাবে এই ১৮জন লোকৰ মৃত্যু এক বার্তা হ’ব যে ক’ভিড–১৯ সাধাৰণ ৰোগ নহয়৷ আগতে যুৱকসকলৰ মাজত এই ৰোগ হৈ আছিল যদিও ক্রমাৎ ক’ৰোনাই ডেকাসকলৰ পৰা বৃদ্ধ পিতৃ–মাতৃলৈ সংক্রমিত হৈছে৷ গতিকে মৃত্যু বৃদ্ধি হৈছে৷ যাৰ বাবে লাহে লাহে ক’ৰোনাৰ বেদনাদায়ক ৰূপ আমি দেখিবলৈ পাইছোঁ৷ গতিকে সাৱধান আৰু সচেতন নহ’লে পৰিস্থিতি অধিক অৱনমিত হ’ব৷ তেওঁ ইয়াকো কয়– ৰাজ্যত প্রতিদিনে ২,৫০০ লোক ক’ৰোনাত আক্রান্ত হৈ আছে৷ এনে অৱস্থা থাকিলে এটা মাহত আক্রান্তৰ সংখ্যা ৭৫,০০০ হ’ব৷ কিন্তু সকলোৰে এটা শেষ আৰু অন্তিম সীমা থাকে৷ যদি আক্রান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পাই গৈ থাকে, মই ভাবোঁ এই সীমা অতিক্রম হ’ব আৰু পৰিৱেশ অধিক অৱনমিত হ’ব৷ আমি এতিয়া ৫১ মেট্রিকটন অক্সিজেন লাভ কৰি আছোঁ৷ এটা সময়ত আক্রান্তৰ সংখ্যা বৃদ্ধি হ’লে আই চি ইউ বিছনাৰ সংখ্যাও নাইকিয়া হ’ব৷ এখন আই চি ইউ বিছনা নিমিষতে প্রস্তুত কৰি তুলিব নোৱাৰি৷ গতিকে আই চি ইউ আৰু অক্সিজেনৰ অভাৱে মৃত্যুৰ সংখ্যা বৃদ্ধি কৰিব৷ এতিয়া অসমত ৩০ দিনৰ মূৰত ক’ৰোনা আক্রান্তৰ সংখ্যা দুগুণ হৈছে৷ আমাৰ লক্ষ্য হ’ব লাগে ৪৫ দিন, ৬০ দিনৰ মূৰত আক্রান্তৰ সংখ্যা যাতে দুগুণ হয়৷ ক’ৰোনাৰ পাছৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ক’ভিড আক্রান্ত বহু লোকৰ হাঁওফাঁও ক্ষতিগ্রস্ত হৈছে৷ যাৰ বাবে ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতি যোৱা লোকৰো মৃত্যু ঘটিছে৷ এইসকল লোকক আমি ক’ভিডত মৃত্যু হোৱা বুলি তালিকাভুক্ত কৰা নাই৷ কিন্তু ক’ৰোনাৰ পাছত স্বাস্থ্যত অহা বিসংগতিৰ বাবে মৃত্যু ঘটিছে৷ এনে লোকৰ সংখ্যাও ক্রমাৎ বৃদ্ধি হ’বলৈ লৈছে৷ সেয়াই নহয়, জি এম চি এইচলৈ আন ৰোগৰ চিকিৎসা কৰিবলৈ অহা বহু ৰোগী এতিয়া ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, ভেকচিনৰ প্রসংগ উত্থাপন কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– নৱেম্বৰ মাহলৈ অসমলৈ ভেকচিন অহাৰ সম্ভাৱনা নাই৷ অতি সোনকালে আমি অক্সফ’ডৰ ভেকচিন পাম বুলি আশা কৰিছিলোঁ যদিও ইয়াৰ পৰীক্ষামূলক প্রয়োগত সৃষ্টি হোৱা বিসংগতিৰ বাবে বর্তমান অক্সফ’র্ডে ভেকচিনৰ পৰীক্ষা সাময়িকভাৱে বন্ধ ৰখা হৈছে৷ তেনে অৱস্থাত ডিচেম্বৰলৈকে অসমলৈ থেৰাপেথিক ভেকচিন ব্যৱহাৰৰ সম্ভাৱনা নাই৷ উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ)  কনিষ্ঠ চিকিৎসক সন্থাই প্লাজমা দানৰ এক বিশেষ কার্যসূচীৰ আয়োজন কৰিছিল৷ এসপ্তাহজোৰা প্লাজমা দানৰ এই কার্যসূচীৰ নাম দিয়া হৈছে লোহিতাঞ্জলি৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই  আনুষ্ঠানিকভাৱে এই কার্যসূচী মুকলি কৰি ৰাজ্যৰ শেহতীয়া ক’ৰোনাকেন্দ্রিক ভয়াৱহ ৰূপটো দাঙি ধৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে চলাই যোৱা সংগ্রাম বিগত ৫০ বছৰৰ ভিতৰত বিশেষভাৱে শলাগ ল’বলগীয়া পদক্ষেপ বুলি মন্তব্য কৰে৷ অনুষ্ঠানত তেওঁ কয়– ক’ৰোন আক্রান্তসকলক চিকিৎসা প্রদান কৰাৰ ক্ষেত্রত জি এম চি এইচৰ চিকিৎসক, স্বাস্থ্যকর্মী, নার্ছ তথা টেকনিচিয়ানসকলে যি কষ্ট স্বীকাৰ কৰিছে, তাক সকলোৱে বিশেষভাৱে শলাগিছে৷ সাধাৰণতে এনে এক বৃহৎ প্রস্তুতি তথা কার্যসূচীক লৈ একাংশ যুৱকে সাধাৰণ খেলিমেলিক লৈ আপত্তি তথা সমালোচনা কৰে৷ কিন্তু ক’ভিড চিকিৎসাৰ ক্ষেত্রত স্বাস্থ্যকর্মীৰ যি সংগ্রাম, তাক প্রত্যক্ষ কৰি কোনো যুৱকে সাধাৰণ খেলিমেলি দেখিলেও সেই ক্ষেত্রত আপত্তি তোলা নাই৷ দুই–এজনে চৰকাৰৰ পদক্ষেপক লৈ সমালোচনা কৰিছে যদিও ক’ভিড–১৯ এই পৰিৱেশৰ মাজত কোনোৱে চিকিৎসক, নার্ছ অথবা স্বাস্থ্যকর্মীক সমালোচনা কৰা দৃষ্টিগোচৰ হোৱা নাই৷ ইয়াৰ বিপৰীতে ৰাজহুৱাভাৱে সকলোৱে চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ শলাগ লৈছে৷ এয়া এক ইতিবাচক দিশ৷ ক’ভিডৰ এই সময়ছোৱাত আন এক ইতিবাচক দিশ হ’ল চৰকাৰী চিকিৎসালয়ত সকলো চিকিৎসক, স্বাস্থ্যকর্মীয়ে এটা পৰিয়ালৰ দৰে কাম কৰিছে৷ সন্মিলিতভাৱে ক’ৰোনাৰ বিৰুদ্ধে চলা এই সংগ্রামখন আগুৱাই নিছে সকলোৱে৷ আনহাতে, এই সময়ছোৱাত আন এক উল্লেখযোগ্য দিশ হ’ল যে এনে এক মহামাৰীৰ সময়ত চৰকাৰী স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি তথা ব্যৱস্থাৱলী প্রতিজনৰ সমুখত ওলাই পৰিছে৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি কিমান উন্নত তথা কিমান আশাপ্রদ, সেয়া সকলোৱে দেখিছে৷ মহামাৰীৰ এই সময়ছোৱাত ব্যক্তিগত চিকিৎসালয়সমূহে যে উন্নত চিকিৎসা আক্রান্তসকলক দিব নোৱাৰে, সেয়া আমি আগতেই জানিছিলোঁ৷ কিন্তু আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগতে একাংশৰ দাবীৰ পৰিপ্রেক্ষিততে ব্যক্তিগত চিকিৎসালয় তথা নার্ছিং হোমসমূহ মুকলি কৰি দিয়া হ’ল যদিও এতিয়াও ক’ভিড আক্রান্তৰ প্রথম পছন্দ হ’ল জি এম চি এইচ৷ যোৱা ছমাহত চিকিৎসক–স্বাস্থ্যক বহু ভাল কাম কৰিছে৷ আমি ৰাইজৰ বাবে যিমান পাৰি ভাল কৰিবলৈ চেষ্টা কৰিছোঁ৷ ৰোগীৰ সৈতে চিকিৎসকৰ ব্যৱহাৰো সলনি হৈছে৷ যাৰ বাবে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ পৰিসংখ্যা ৭৯ শতাংশলৈ বৃদ্ধি হৈছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আন এক প্রসংগ উত্থাপন কৰি কয়– চৰকাৰী চিকিৎসালয়ৰ খাদ্যক লৈও বিভিন্ন চর্চা চলিছে৷ কিন্তু বহু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা উন্নতমানৰ চিকিৎসালয়তকৈ জি এম চি এইচৰ খাদ্য ভাল বুলি বহুজনে মন্তব্য কৰিছে৷ পি পি ই কিট পৰিধান কৰি খাদ্য প্রস্তুত আৰু বিতৰণ কৰা অতি সহজ নহয়৷ কিন্তু ইয়াৰ মাজতো চৰকাৰে আক্রান্তসকলক ভাল খাদ্য যোগান ধৰাৰ চেষ্টা কৰিছে৷ আমি নকওঁ যে এশ শতাংশই আমি সকলো দিশত সফলতা দেখুৱাইছোঁ, কিন্তু আমি চেষ্টা কৰিবলৈ এৰা নাই৷ যোৱা সময়ছোৱাত ক’ভিডক লৈ বহু লোকৰ মাজত ভুল ধাৰণা সৃষ্টি হৈছে৷ কিন্তু তাৰ মাজতো অধিকাংশই চৰকাৰী চিকিৎসালয়ৰ শলাগ লৈছে৷ পৰিস্থিতি যিধৰণে গৈ আছে, তাৰ বাবে আমি সকলোৱে ভেকচিন অহালৈ বাট চাই আছোঁ৷ কিন্তু ভেকচিন আৱিষ্কাৰৰ ক্ষেত্রত সৃষ্টি হৈ থকা ভাল–বেয়া খবৰৰ মাজতে অহা ডিচেম্বৰ মাহলৈ যে ভেকচিন অহাৰ সম্ভাৱনা নাই, সেয়া স্পষ্ট হৈছে৷ আন এক দিশ উল্লেখ কৰি মন্ত্রী শর্মাই কয়– ৩১ আগষ্টলৈ আমাৰ আক্রান্তৰ সংখ্যা এক লাখ হৈছে৷ অর্থাৎ যোৱা প্রায় ছমাহত আমি এক লাখ আক্রান্তক পাইছোঁ৷ কিন্তু ছেপ্টেম্বৰ মাহত সংক্রমণৰ হাৰ অধিক বৃদ্ধি হ’বলৈ লৈছে৷ প্রতিদিনে ২,৫০০জন লোক আক্রান্ত হিচাপে পাইছোঁ৷ এই সংখ্যাৰে বৃদ্ধি হৈ থাকিলে ছেপ্ঢেম্বৰ মাহত আক্রান্তৰ সংখ্যা ৭৫,০০০ হ’ব৷ গতিকে প্রতিটো ক্ষেত্রতে ৰাইজ সাৱধান হ’ব লাগিব৷ কনিষ্ঠ চিকিৎসক সন্থাই আয়োজন কৰা লোহিতাঞ্জলি প্লাজমা দান কার্যসূচীত আজি ১৩জনকৈ সেনাই প্লাজমা দান কৰে৷

You might also like