নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ দিন ঘোষণা

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা সংকটৰ মাজতে কটন বিশ্ববিদ্যালয়ে ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাৰ বাবে নামভৰ্তিৰ দিন ঘোষণা কৰিছে । এই নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন হোৱাৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিয়ম অনুসৰি অনুষ্ঠিত হ’ব ।

কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জিয়ক ড০ সঞ্জয় কুমাৰ দত্তই এক জাননী জাৰি কৰি জনাইছে যে কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট ত উপলব্ধ লিংকত গৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জিয়ন কৰিব পাৰিব । আনহাতে SEBA ই জাৰি কৰা ‘Aaneswan’পৰ্টেলত যিকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অনলাইন আবেদন পত্ৰ জমা দিছে, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পঞ্জিয়নৰ প্ৰয়োজন কৰিব নালাগে বুলি জাননীত উল্লেখ কৰা হৈছে ।

আনহাতে ‘Aaneswan’পৰ্টেলৰ জৰিয়তে আবেদন কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীয়ে নামভর্তিৰ বাবে, উচ্চ শিক্ষা সঞ্চালকালয়ৰ প’র্টেলত ইউনিক আইডি তৈয়াৰ কৰিব লাগিব।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ১৫ জুলাইৰ পৰা অনলনাইনযোগে আবেদন কৰিব পাৰিব আৰু ২৫ জুলাইৰ সন্ধিয়া ৭ বজালৈ এই আবেদন কৰিব পাৰিব । ইপিনে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই অনলাইন যোগে কৰা আবেদনসমূহৰ ওপৰত ভিত্তি কৰিয়ে ৩০ জুলাইত মেধাভিত্তিক চূড়ান্ত তালিকা (মেৰিট লিষ্ট) প্ৰকাশ কৰিব ।

কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জিয়ক ড০ সঞ্জয় কুমাৰ দত্তই জনোৱা মতে, উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ’ব ।

You might also like