নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুঁজিপতিক কাগজ কল গটাই ২ লাখ পৰিয়ালৰ পেটত শোধাব গোৰ, ১৪ ছেপ্টেম্বৰত দেউলীয়া ঘোষণা কৰিব এনচিএলটিয়ে

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অহা ১৪ ছেপ্টেম্বৰৰ আগতে কেন্দ্র আৰু ৰাজ্য উভয় চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ প্রস্তাৱ নেচনেল কোম্পানী ল’ ট্রিবিউনেলত (এন চি এল টি) দাখিল কৰিবলৈ দাবী জনাইছে উদ্যোগ বচাওক, শ্রমিক বচাওক যৌথ সংগ্রাম সমিতিয়ে৷ চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অহা ১৪ ছেপ্টেম্বৰত এন চি এল টিৰ চূড়ান্ত শুনানিত যদি কাগজ কল দুটা লিকুডেচন (দেউলীয়া) ঘোষণা কৰা হয়, তেন্তে যৌথ সংগ্রাম সমিতিয়ে অকুপায় জাগীৰোড কার্যসূচীৰ দৰে প্রতিৰোধ সংগ্রাম গঢ়ি তুলিব৷

কালি গুৱাহাটীত এখন সংবাদ মেলত এই হুংকাৰ দিয়ে যৌথ সংগ্রাম সমিতিৰ নেতৃত্বই৷ সংবাদ মেলত সমিতিৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ দাসে কয়– কেন্দ্র আৰু ৰাজ্য চৰকাৰে যদি অসমৰ জাতীয় সম্পদ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ দায়িত্ব গ্রহণ নকৰে, তেন্তে অহা ১৪ ছেপ্টেম্বৰত এন চি এল টিৰ চূড়ান্ত শুনানিত কল দুটা দেউলীয়া ঘোষণা কৰি বিক্রী কৰাৰ ব্যৱস্থা কৰিব৷

এনে পৰিস্থিতিত কেন্দ্র আৰু ৰাজ্য উভয় চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ দায়িত্ব গ্রহণ কৰি শীঘ্রে এন চি এল টিত প্রস্তাৱ দাখিল কৰিব লাগে, যদি নকৰে অসমৰ শ্রমিক শ্রেণী আৰু জাতীয় সম্পদ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্রতি কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কৰা প্রতাৰণা আৰু মিথ্যাচাৰৰ স্বৰূপ ওলাই পৰিব৷

সংবাদ মেলত যৌথ সংগ্রাম সমিতিৰ আহ্বায়ক বাবুল চৌধুৰীয়ে কয় যে এজন ব্যৱসায়ীক কাগজ কলে মাত্র ৯৮ লাখ টকাৰ বিল পৰিশোধ কৰিবলৈ বাকী থকাৰ অজুহাতত কাগজ কল দুটাৰ উৎপাদন বন্ধ কৰি দিয়া হৈছিল৷ এই ধন পৰিশোধ কৰাৰ দায়িত্ব লোৱা হ’লে কল দুটাৰ উৎপাদন বন্ধ হ’ব লগা নহ’লহেঁতেন৷ ফলত কাগজ কলৰ সৈতে প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত শ্রমিক–কর্মচাৰী, বাঁহ ব্যৱসায়ীসহ দুই লাখ লোকৰ সংস্থাপন বন্ধ হৈ পৰে৷

ইতিমধ্যে আর্থিক অনাটনত অনাহাৰ, বিনাচিকিৎসাত ৭০জন কর্মচাৰীৰ মৃত্যু হয় আৰু ইয়াৰে ৩জনে হতাশাত আত্মহত্যা কৰে৷ এতিয়ালৈকে কল দুটাৰ কর্মচাৰীসকলে ৪৫ মাহৰ প্রায় ৭০০ কোটি পাবলৈ আছে৷ দিল্লী উচ্চ ন্যায়ালয়ে পি এফৰ ধন আদায় দিবলৈ নির্দেশ দিয়াৰ পাছতো নিজে জমা থোৱা ধনখিনিও চৰকাৰে সম্পূর্ণকৈ আদায় দিয়া নাই৷ সংবাদ মেলত কাগজ নিগম কর্মী ইউনিয়নৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে কয় যোৱা অসম বিধানসভা আৰু লোকসভা নির্বাচনত কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতি দিছিল৷

পৰৱর্তী সময়ত কেন্দ্রীয় উদ্যোগ দপ্তৰৰ মন্ত্রী গণপতি সাৱন্তে ২০১৯ চনৰ ৯ জুলাইত ২০১৫ চনৰ পৰা ২০১৮ চনৰ ভিতৰত হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ কাগজ কল দুটাৰ বাবে ৪,১৪১ কোটি টকা মোকলাই দিয়া বুলি লোকসভাত উল্লেখ কৰিছিল৷ কি এই ধন ক’ত গ’ল, ক’ত খৰচ হ’ল সেয়া ৰহস্যজনক হৈয়ে থাকিল৷ সেইদৰে ২০১৮ চনৰ ২৮ ছেপ্ঢেম্বৰত অসম বিধানসভাত কাগজ কল দুটাৰ বাবে ১,৯০০ কোটি টকা ৰিভাইভেল পেকেজৰ প্রতিশ্রুতি দিছিল৷ কিন্তু কল দুটাৰ আজিৰ অৱস্থাই প্রমাণ কৰিছে যে বিজেপি চৰকাৰখনৰ উদ্যোগীকৰণ, নিবনুৱাৰ সংস্থাপন, ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পুনৰুজ্জীৱিতকৰণৰ প্রতিশ্রুতিসমূহ অসমৰ জাতীয় স্বার্থ, শ্রমিক–কর্মচাৰী নিবনুৱাৰ প্রতি চৰকাৰৰ চৰম বিশ্বাসঘাতকতা, প্রতাৰণা আৰু মিথ্যাচাৰৰ বাহিৰে একো নাছিল৷

কেৰালাস্থিতি হিন্দুস্তান নিউজ প্রিণ্ট উদ্যোগটো লিকুইডেচনত যাবলৈ নিদি কেৰালা চৰকাৰে যদি সমূদায় বকেয়াৰ দায়িত্বসহ ২৫ কোটি টকা দি কিনি ল’ব পাৰে, অসম চৰকাৰে কল দুটাৰ কিয় দায়িত্ব ল’ব নোৱাৰে৷ বিভিন্ন আঁচনিৰ বাবে চৰকাৰে যদি ৬,০০০ কোটি টকাৰ ঋণ ল’ব পাৰে, তেন্তে কল দুটা পুনৰুজ্জীৱিত কৰিব নোৱাৰে কিয়? ইয়ে স্পষ্ট কৰে যে কর্প’ৰেট গোষ্ঠীৰ স্বার্থত ২০ হাজাৰ কোটি টকা মূল্যত জাতীয় সম্পদ দুটা বিক্রী কৰাৰ ই এক গভীৰ ষড়যন্ত্র৷

যৌথ সংগ্রাম সমিতিয়ে যিকোনো মূল্যৰ বিনিময়ত কাগজ কল দুটা ৰক্ষা কৰিবলৈ অসমৰ ৰাইজৰ প্রতি আহ্বান জনায়৷ লগতে চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবে কল দুটা যদি ১৪ ছেপ্ঢেম্বৰত এন চি এল টিৰ চূড়ান্ত শুনানিত দেউলীয়া ঘোষণা কৰে, তেন্তে অকুপায় জাগীৰোড প্রতিৰোধ কার্যসূচী গ্রহণ কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে৷

You might also like