নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি কে দত্ত জড়িত থকাৰ ইংগিত দি দিবন ডেকাৰ আত্মগোপনঃ ফেচবুক যোগে ক’লে নিৰাপত্তাহীনতাত ভুগিছো

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ   বহুচর্চিত এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাত সাঙোৰ খাই পৰা বিজেপিৰ বিতর্কিত নেতা দিবন ডেকাই এতিয়া নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে৷ কেৰালাৰ ‘কেলট্রন’ নামৰ প্রতিষ্ঠানটোৰ পৰিচালনাত যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱাৰ দায়িত্ব লাভ কৰিছিল এইজন দিবন ডেকাই৷ প্রশ্ণকাকত ফাদিল তথা ধনৰ বিনিময়ত এছ আই পদৰ চাকৰি বিক্রীৰ পৰিকল্পনা কৰি নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে বিতর্কিত বিজেপি নেতাজনে নিজকে নির্দোষী সজাবলৈ উঠিপৰি লাগিছে৷ প্রশ্ণকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছতে চি আই ডিৰ জেৰাৰ সন্মুখীন হোৱা দিবন ডেকাই এতিয়া এই সমগ্র ঘটনাৰ আঁৰত জড়িত থকা বুলি অভিযোগ উত্থাপন হোৱা অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক প্রশান্ত কুমাৰ দত্তৰ ওপৰত সমস্ত দোষ জাপি দি নিজকে নির্দোষী সজোৱাৰ চেষ্টা কৰে৷ চি আই ডিৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছতে দিবন ডেকাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট আপলোড কৰে৷ য’ত বিতর্কিত নেতাজনে পি কে দত্তৰ নাম নোলোৱাকৈ প্রশ্ণকাকত ফাদিলৰ ঘটনাত প্রাক্তন আৰক্ষী বিষয়াজনেই মূল নায়ক বুলি দাবী কৰে৷ দিবন ডেকাই পোষ্টটোত লিখিছে– মই ২৪ বছৰ বিজেপি কৰিছোঁ৷ দল আৰু চৰকাৰক মই কেতিয়াও বিপদত পৰিব নিদিওঁ৷ যোৱা ২০–৯–২০২০ তাৰিখে হৈ যোৱা অসম আৰক্ষীৰ এছ আই পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলোঁ৷ মই ঠিক ১১ বাজি ২৮ মিনিটত হোৱাট্ছএপযোগে প্রশ্ণকাকতখন পাইছিলোঁ৷ লগে লগে মই প্রদীপ কুমাৰ ছাৰক গৌতম মেছৰ জৰিয়তে অৱগত কৰিছিলোঁ৷ যিহেতু প্রদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্রী মহোদয়ৰ সপোন আছিল যে আৰক্ষীৰ নিযুক্তি প্রক্রিয়াটো সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে হওক৷ লগে লগে প্রদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্রী মহোদয়ে অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ কথা ভাবি তাৎক্ষণিকভাৱে পৰীক্ষাটো বন্ধ কৰি দিয়ে৷ তাৰ বাবে মাননীয় মুখ্যমন্ত্রী মহোদয়ক ধন্যবাদ জনাইছোঁ৷ অসম আৰক্ষীৰ যিটো চক্রই প্রশ্ণকাকত ফাদিল কৰিছে, তাত বহুত ডাঙৰ মানুহ জড়িত হৈ আছে৷ উক্ত চক্রটোত অসম আৰক্ষীৰ বহুকেইজন অসৎ বিষয়া জড়িত হৈ আছে৷ তাত এনেকুৱা এজন বিষয়াও জড়িত আছে যিজনে বহু মানুহক গুপ্তহত্যা কৰিছে৷ তেওঁ মোৰ দৰে সৰু মানুহক যেতিয়াই–তেতিয়াই মাৰি পেলাব পাৰে৷ যাৰ বাবে নিজৰ প্রাণৰ শংকাত অসম এৰি আন এখন ৰাজ্যত থিতাপি ল’বলগীয়া হ’ল৷ যেতিয়া পৰিস্থিতি সম্পূর্ণভাৱে শিথিল হয়, মই নিজেই সকলো কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম৷ আৰু এটা কথা অপপ্রচাৰ চলিছে মোৰ নিজা ছপাশাল থকা বুলি৷ যদি তেনেকুৱা কিবা প্রমাণ দিব পাৰে, মোক ফাঁচি দিবলৈ অসম চৰকাৰক আহ্বান জনালোঁ৷ এইদৰে সমগ্র ঘটনাৰ বাবে পি কে দত্তক সমগ্র দোষ জাপি নিজকে নির্দোষী সজোৱাৰ চেষ্টা কৰি আত্মগোপন কৰে দিবন ডেকাই৷ দিবন ডেকাই তেওঁৰ অনুপস্থিতিত পৰিয়ালৰ সম্পূর্ণ নিৰাপত্তা ল’বলৈ অনুৰোধ জনায়৷

You might also like