নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি কে দত্তই কেনেদৰে গঢ়িলে ২০০ কোটিটকীয়া সম্পত্তিৰ সাম্রাজ্য

দুর্নীতিৰ সদাগৰ–কুখ্যাত আৰক্ষী বিষয়া

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  হত্যা, গুপ্তহত্যা, নৃশংসতা, ভয়–ভাবুকি, মাটি দখল, দুর্নীতি, নামে–বেনামে সম্পত্তিৰ পাহাৰ আদিয়ে একমাত্র পৰিচয়৷ চাকৰি জীৱনৰ একমাত্র কৃতিত্ব৷ যাৰ নামে–বেনামে থকা বাসগৃহ, হোটেল, ব্যৱসায়িক প্রতিষ্ঠানত ধাৰাবাহিক তালাচী চলাই ভাগৰি পৰিছে অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চ আৰু অপৰাধ অনুসন্ধান শাখা (চি আই ডি)৷ কিমান সম্পত্তি থাকিব পাৰে এজন ডি আই জি হিচাপে অৱসৰ গ্রহণ কৰা আৰক্ষী বিষয়াৰ৷ অসম আৰক্ষীৰ সহকাৰী পৰিদর্শক (এছ আই) নিযুক্তি পৰীক্ষাৰ কেলেংকাৰি উন্মোচিত হোৱাৰ পাছত এই বৃহৎ কেলেংকাৰিৰে সাঙোৰ খাই পৰা অসম আৰক্ষীৰ কুখ্যাত বিষয়া, অৱসৰপ্রাপ্ত ডি আই জি প্রশান্ত কুমাৰ দত্তৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত তালাচী চলোৱাৰ পাছত উত্থাপন হৈছে এই প্রশ্ণ৷ পি কে দত্ত নামেৰে পৰিচিত এই আৰক্ষী বিষয়াজনৰ খাকী চোলাৰ আঁৰত আছে ক’লা সাম্রাজ্য গঢ়ি তোলাৰ এক কুখ্যাত ইতিহাস৷ প্রফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্রিত্বৰ সময়ত চলা গুপ্তহত্যাৰ সময়ত পোহৰলৈ আহিছিল পি কে দত্তৰ নাম৷ সেই সময়ত গুৱাহাটীত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰা পি কে দত্ত আছিল গুপ্তহত্যাৰ অন্যতম খলনায়ক৷ পি কে দত্তৰ নাম শুনিলেই কঁপি উঠা এক ইতিহাস আছে গুপ্তহত্যাৰ৷ সেই সময়ত ছালফা বাহিনী লগত লৈ এই কুখ্যাত বিষয়াজনে আলফা আৰু আলফাৰ পৰিয়ালৰ সদস্য হত্যাৰ নামত চলাইছিল অবাধ হত্যালীলা৷ গুপ্তহত্যাৰ অচিলা লৈয়ে গুৱাহাটীত ছালফাক লৈ মাটি দখলত নামি পৰিছিল পি কে দত্ত৷ সেই সময়ত এই কুখ্যাত আৰক্ষী বিষয়াজনৰ বিৰোধিতা কৰিলেই নিশা তেনে লোকৰ ঘৰত চলিব পাৰে অবাধ হত্যালীলা৷

পি কে দত্তই গুপ্তহত্যাৰ সময়ত গুৱাহাটীত চলোৱা মাটি দখলৰ পাছতেই মহানগৰীত ভূ–সম্পত্তিৰ পাহাৰ গঢ়ে বিষয়াজনে৷ মহানগৰীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত প্রাসাদোপম বাসগৃহ, গণেশগুৰিৰ উপাসনা পেলেচত হোটেল ভার্গৱ, পল্টন বজাৰত হোটেল ভার্গৱ, বেতকুছিত বিলাসবহুল হোটেল ভার্গৱ গ্রেণ্ড, লখৰাত আনখন ভার্গৱ গ্রেণ্ড আৰু মহানগৰীত তিনিটাকৈ বিলাসী ফ্লেট৷ নামে–বেনামে থকা পি কে দত্তৰ এই সম্পত্তিৰ পাহাৰত তালাচী চলাই আজি ভাগৰি পৰিছে অসম আৰক্ষী৷ য’ৰ পৰা উদ্ধাৰ হৈছে ২০ কেজিকৈ সোণ৷ ইয়াৰ উপৰি মহানগৰীৰ বিভিন্ন স্থানত পি কে দত্তৰ নামে–বেনামে আছে ২০ বিঘাতকৈও অধিক মাটি৷ বৰাকত ডি আই জি হিচাপে কর্মৰত হৈ থকাৰ সময়ত অৱসৰৰ আগে আগে এই কুখ্যাত বিষয়াজনে ক্রয় কৰে এখন বিশাল চাহ বাগিচা৷ আনহাতে, গৃহ জিলা ডিব্রুগড়ত পি কে দত্তৰ আছে এখন হোটেল, পাঁচটাকৈ ফ্লেট আৰু ডিব্রুগড় চহৰত বিশাল ভূ–সম্পত্তি৷ কিছুদিন পূর্বে ডিব্রুগড় চহৰৰ সমীপত এখন অভিজাত আৱাসিক স্কুল নির্মাণৰ বাবে পি কে দত্তই ক্রয় কৰিছিল ১২০ মাটি৷ আনহাতে, ডিব্রুগড় চহৰতেই অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াজনৰ আছে আন এখন চাহ বাগান৷ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰূপে কর্মৰত হৈ থকা অৱস্থাত এই বিষয়াজনে চলাইছিল বিভিন্ন ছিণ্ডিকেট৷ ছিণ্ডিকেটৰ বাবে আনকি বিভিন্ন হত্যাকাণ্ডয়ো সংঘটিত কৰিছিল কুখ্যাত বিষয়াজনে৷ যোৱা ১৮ আগষ্টত খানাপাৰা অঞ্চলত দেহৰক্ষী লৈ মাটি দখল কৰাৰ অভিযোগত বশিষ্ঠ থানাত পি কে দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল এটা গোচৰ৷ ১০৪৪/২০ নম্বৰৰ এই গোচৰটোৰ পৰিপ্রেক্ষিতত মহানগৰ আৰক্ষীয়ে অৱসৰপ্রাপ্ত বিষয়াজনক সোধা–পোছা কৰিব বিচাৰিছিল যদিও ওপৰ মহলৰ হেঁচাত ৰুদ্ধ হয় এই গোচৰৰ তদন্ত৷ এতিয়া এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰি উন্মোচিত হোৱাৰ পাছত পোহৰলৈ আহিছে এই গোচৰৰ ৰহস্য৷

স্বাভাৱিকতেই প্রশ্ন উঠিছে পি কে দত্তক সুৰক্ষা দিয়া অসম আৰক্ষীৰ কোন এই শীর্ষ বিষয়া৷ এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্তৰ ক্ষেত্রতো এনেদৰে বাচি যাব নেকি কুখ্যাত বিষয়াজন৷ আনহাতে, অসম আৰক্ষীৰ এক শীর্ষ সূত্রৰ মতে, প্রায় ২০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী পি কে দত্ত৷ ডি আই জি পর্যায়ত অৱসৰ গ্রহণ কৰা এজন আৰক্ষী বিষয়াই কেনেদৰে এই কল্পনাতীত সম্পত্তিৰ গৰাকী হ’ল, সেই তদন্ত হ’ব নে নহয়, সেয়াও এক বৃহৎ প্রশ্ন হৈ পৰিছে৷ আনহাতে, চাকৰিকালত অসম আৰক্ষী সেৱাৰ বিষয়া হিচাপে পি কে দত্তই ৰাজ্য চৰকাৰৰ ওচৰত সম্পত্তিৰ হিচাপ দাখিল কৰিছিল নে নাই, সেই প্রশ্নও উত্থাপন হৈছে৷ যি সময়ত সামান্য অপৰাধতে ৰাজ্য চৰকাৰে তদন্তৰ দায়িত্ব চি বি আইৰ দৰে সংস্থাক অর্পণ কৰিছে, তেনে ক্ষেত্রত পি কে দত্তৰ দৰে দুর্নীতিগ্রস্ত বিষয়াৰ সম্পত্তিৰ তদন্ত ই ডিৰ দৰে সংস্থাক অর্পণ কৰিব নে নকৰে, সেয়াও এক বৃহৎ প্রশ্ন৷

You might also like