নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত বিদ্যালয়ক ২৫ শতাংশ মাচুল ৰেহাইৰ নির্দেশ

শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক ২৫ শতাংশ মাচুল ৰেহাই দিবলৈ নির্দেশ দিছে শিক্ষা বিভাগে৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জাৰি কৰা এই নির্দেশনা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে প্রাক্ প্রাথমিক শ্রেণীৰ পৰা দ্বাদশ শ্রেণীপর্যন্ত এই মাচুল ৰেহাই দিব লাগিব৷ যোৱা ১ মে’ৰ পৰা মাচুল ৰেহাই দিব লাগিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে৷ নিয়মীয়া পাঠদান আৰম্ভ নোহোৱাপর্যন্ত শিক্ষা বিভাগৰ এই নির্দেশনা বাহাল থাকিব৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যোৱা ১৬ মার্চৰ পৰা ৰাজ্যৰ শিক্ষা প্রতিষ্ঠানসমূহ সম্পূর্ণৰূপে বন্ধ ৰখা হৈছে৷ এই সময়ছোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাচুল আদায় দিয়াৰ ক্ষেত্রত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে অভিভাৱকসকল৷ বিশেষকৈ লকডাউনৰ সময়ত ব্যৱসায়–বাণিজ্য, উদ্যোগ, ব্যক্তিগত প্রতিষ্ঠান আদি সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ ফলত বহু অভিভাৱক উপার্জনহীন হৈ পৰে৷ অভিভাৱকসকলৰ আহ্বানৰ প্রতি লক্ষ্য ৰাখি শিক্ষা বিভাগে যোৱা এপ্রিলত ৫০ শতাংশ মাচুল ৰেহাই দিবলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নির্দেশ দিয়ে৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ অব্যাহত থকা এপ্রিল মাহৰ পাছতো বিদ্যালয়সমূহত আৰম্ভ নহ’ল নিয়মীয়া পাঠদান৷ তৎসত্ত্বেও ব্যক্তিগত বিদ্যালয়সমূহত মাচুল আদায় দিবলগীয়া হৈছে অভিভাৱকসকলে৷ ফলত বাৰম্বাৰ অভিভাৱকসকলে মাচুল ৰেহাই দিবলৈ চৰকাৰক আহ্বান জনাই আহিছে৷ অভিভাৱকসকলৰ এনে আহ্বানৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে কেতবোৰ দিশ নিৰীক্ষণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক ২৫ শতাংশ মাচুল ৰেহাই দিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে নিয়মীয়া পাঠদান আৰম্ভ নোহোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিদ্যুতৰ বিল আদায় দিবলগীয়া হোৱা নাই৷ একেদৰে বিদ্যালয়সমূহৰ বাহনৰ ইন্ধন আৰু মেৰামতিৰ বাবদ হোৱা ব্যয়ো কৰিবলগীয়া হোৱা নাই৷ আৱাসিক বিদ্যালয়সমূহত খাদ্যৰ বাবদ হোৱা ব্যয় বচাবলৈ সক্ষম হৈছে সংশ্লিষ্ট কর্তৃপক্ষ৷ সেইদৰে বিদ্যালয় ভৱন আৰু চৌহদৰ চাফ–চিকুণ, মেৰামতি, বিভিন্ন উৎসৱ উদ্যাপনৰ নামত হোৱা ব্যয় আদিও বচাবলৈ সক্ষম হৈছে বিদ্যালয় কর্তৃপক্ষ৷ এই দিশসমূহৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২৫ শতাংশ মাচুল ৰেহাইৰ নির্দেশ প্রদান কৰিছে৷ কোনো অভিভাৱকে যদি যোৱা মে’ৰ পৰা নির্দেশনা জাৰি কৰাপর্যন্ত মাচুল আদায় দিছে, তেনেহ’লে সেই অভিভাৱকসকলৰ মাচুল ৰেহাই পৰৱর্তী কিস্তিত মিলাই দিব লাগিব বিদ্যালয় কর্তৃপক্ষই৷ একে সময়তে শিক্ষা বিভাগে অভিভাৱকসকলক সময় মতে মাচুল আদায় দিবলৈ আহ্বান জনাইছে, যাতে শিক্ষক–কর্মচাৰীসক্ নিয়মীয়াভাৱে দা–দৰমহা আদায় দিব পাৰে৷
১৫ আগষ্টত সন্ধিয়া ছাত্র–ছাত্রী–অভিভাৱক্ বন্তি প্রজ্বলনৰ আহ্বান শিক্ষামন্ত্রীৰ
দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ সন্ধিয়া ৭ বজাত ছাত্র–ছাত্রীসকলক এক শপতবাক্য পাঠ কৰাৰ আহ্বান জনালে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত এক বার্তা প্রেৰণ কৰি শিক্ষামন্ত্রীগৰাকীয়ে ছাত্র–ছাত্রীসকলক পুৱা ৮ বজাত এক শপত বাক্য পাঠ কৰিবলৈ আহ্বান জনায়৷ বার্তাটোত তেওঁ উল্লেখ কৰা মতে অসম চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত খণ্ড আৰু প্রাদেশীকৃত বিদ্যালয়ৰ ইচ্ছুক ছাত্র–ছাত্রীসকলৰ মাজত চিত্রাংকন, সংগীত আৰু নৃত্য প্রতিযোগিতাৰ আয়োজন কৰিছিল৷ নিজ নিজ ঘৰৰ পৰা মোবাইল ফোনযোগে এই কার্যসূচীত ভাগ লোৱা ছাত্র–ছাত্রীসকল ইয়াৰ বাবে মন্ত্রীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ এই প্রতিযোগিতাৰ সংগীতৰ ক্ষেত্রত বিশেষ পাৰদর্শিতা দেখুওৱা ১০গৰাকী ছাত্র–ছাত্রীক অসমৰ বিশিষ্ট সংগীত শিল্পীৰ সৈতে যুগলবন্দী কৰাৰ সুযোগ দিয়া হ’ব৷ এই সংগীতৰ কার্যসূচী ১৫ আগষ্টত টিভিত সম্প্রচাৰ কৰা হ’ব৷ শিক্ষামন্ত্রী ড০ শর্মাই আজি ৭৪সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাও জ্ঞাপন কৰে ছাত্র–ছাত্রী আৰু অভিভাৱকসকলক৷

You might also like