নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত সিঙ ৰাজপুতৰ লগত কি সম্পৰ্ক অসমৰ যুৱকৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ অসমৰ এজন যুৱকৰ সৈতে সুশান্ত সিঙৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে। যুৱক জন হোজাই জিলাৰ ডবকাৰ নিলবাগানত। যুৱক জনৰ নাম ছাবিৰ আহমেদ।

যুৱক জনে সুশান্ত সিঙৰ সৈতে কাম কৰিছিল। যুৱক জন সুশান্তৰ ব্যক্তিগত সহায়ক আছিল। চিচৌৰে ছবি খনৰ শ্বুটিঙৰ সময়ত সুশান্ত সিঙৰ সৈতে কাম কৰিছিল  ছাবিৰে । ২০১৮ চনৰ পৰা সুশান্ত সিঙৰ সৈতে একে লগে কাম কৰিছিল ছাবিৰে। তেওঁ ছুটি লৈ ঘৰলৈ আহিছিল। দিল বেচেৰা ছবিৰ শ্বুটিংৰ সময়ত সুশান্তৰ সৈতে জড়িত হৈ আছিল ছাবিৰ।

ছাবিৰে কয় যে সুশান্ত সিঙ বহু এজন ভাল মানুহ আছিল, সকলোকে সহায় কৰিছিল। তেওঁ বহু সুখী আছিল, কেতিয়াও দুখত দেখা পোৱা নাছিল।
সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত কয় যে এনে ধৰণৰ মানুহে আত্মহত্যা কৰিব নোৱাৰে।

সুশান্ত সিঙৰ লগত পুনৰ কাম কৰিব নোৱাৰাৰ সন্দৰ্ভত কয় যে ৰিয়া চক্ৰৱৰ্তীয়ে পুৰণি কৰ্মচাৰী নিয়োগ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল।
ছাবিৰে কয় যে সুশান্তে সোনকালে ন্যায় পাব লাগে। চিবিআই ৰ তদন্তক লৈ তেওঁ আশাবাদী যে সত্য অতি সোনকালে বাহিৰলৈ ওলাই আহিব বুলি।

You might also like