নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ লোকক চাকৰি দিয়াৰ বাবে প্রশ্ন কাকত ফাদিল

ৰিপুণ বৰাৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল সম্পর্কত উচ্চ ন্যায়ালয়ত কর্মৰত ন্যায়াধীশৰ হতুৱাই তদন্ত কৰোৱাৰ দাবী জনাইছে অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত কয় যে প্রশ্ণকাকত ফাদিলৰ কেলেংকাৰিৰ সৈতে অসম আৰক্ষীৰ এজন অৱসৰপ্রাপ্ত ডি আই জিৰ নামো সাঙোৰ খাই পৰিছে৷ বিজেপি নেতা দিবন ডেকাৰো নাম ওলাইছে৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিতকৈও এই কেলেংকাৰি অধিক ভয়াৱহ হৈছে৷ যিহেতু সমগ্র কেলেংকাৰিটোৰ সৈতে স্বয়ং আৰক্ষী, বিজেপি নেতা জড়িতৰ অভিযোগ উঠিছে, তেনে অৱস্থাত চি আই ডিৰ তদন্ত ৰাইজক দেখুওৱাৰ বাবে কৰা আভুৱা ভাঁৰা তদন্তহে৷ চি আই ডিয়ে নিৰপেক্ষ তদন্ত কৰিব নোৱাৰিব৷ সেয়ে প্রদেশ কংগ্রেছে সমগ্র কেলেংকাৰিটোৰ উচ্চ ন্যায়ালয়ত কর্মৰত ন্যায়াধীশৰ হতুৱাই কৰাৰ দাবী জনায়৷ সভাপতি বৰাই লগতে অভিযোগ কৰি কয় যে আৰ এছ এছৰ পৰিকল্পনা মতেই প্রশ্ন কাকত ফাদিল কৰা হৈছে৷ কেশৱ ধামৰ পৰাই সেই পৰিকল্পনা কৰা হৈছিল৷ আৰ এছ এছৰ পৰিকল্পনা প্রশাসনত আৰ এছ এছৰ কেডাৰ নিযুক্তি দিয়া৷ গুৱাহাটীৰ থেংক ইউ হোটেলত আগতীয়াকৈ পৰীক্ষা পতাৰ দৰে ৰাজ্যখনৰ কেইবাখনো জিলাত অনুৰূপ কার্য সংঘটিত হৈছে৷ গুৱাহাটীৰ থেংক ইউ হোটেলত আগতীয়াকৈ ট্রায়েল পৰীক্ষাত অৱতীর্ণ হোৱা ৫০গৰাকী প্রার্থীক গ্রেপ্তাৰ কৰিলেই তেওঁলোক আৰ এছ এছ বেক গ্রাউণ্ডৰ হয় নে নহয়, সেয়া স্পষ্ট হ’ব৷ ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বর্তমানৰ কেন্দ্রীয় চৰকাৰখনে তিনিখনকৈ বিধেয়কৰ জৰিয়তে কৃষকবিৰোধী ভূমিকা লোৱাৰ গুৰুতৰ অভিযোগ কৰি সভাপতি বৰাই কয় যে ইয়াৰ ফলত কৃষকে উৎপাদিত সামগ্রীৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হ’ব৷ সামগ্রীৰ নূ্যনতম সমর্থন মূল্য (এম এছ পি) নোহোৱা হ’ব৷ ধনিক গোষ্ঠীৰ ইচ্ছানুসৰি উৎপাদিত কৃষিজাত সামগ্রীৰ মূল্য নির্ধাৰণ হ’ব৷ তদুপৰি বিভিন্ন জিলা, মহকুমা, ব্লক আদিত থকা পাইকাৰী বজাৰ ব্যৱস্থা বিলুপ্ত হ’ব৷ ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ ৰাজহো হ্রাস হ’ব৷ আনহাতে, আন এখন বিধেয়কৰ জৰিয়তে চাউল, দাইল, আলু, পিঁয়াজ, তেল, ঘেঁহু আদি অত্যাৱশ্যকীয় সামগ্রীৰ তালিকাৰ পৰা কর্তন হোৱাৰ লগে লগে সেইসমূহ সামগ্রীৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণৰ বাহিৰলৈ গ’ল৷ ফলত সেইসমূহ সামগ্রীৰো মূল্য বৃদ্ধি ঘটিব৷ তদুপৰি এই নতুন তিনিখন আইনৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ অধিকাৰ কাঢ়ি নিয়াৰ অভিযোগ কৰি সভাপতি বৰাই কয় যে দেশৰ সংবিধানৰ সপ্তম অনুসূচী অনুযায়ী কৃষি বিভাগটো ৰাজ্য চৰকাৰৰ তালিকাভুক্ত৷ কিন্তু নতুন আইনৰ জৰিয়তে কেন্দ্রই ৰাজ্য চৰকাৰৰ সেই অধিকাৰ কাঢ়ি নিলে৷ বর্তমানৰ কেন্দ্রীয় চৰকাৰৰ তেনেধৰণৰ কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে দেশজুৰি আন্দোলনৰ কার্যসূচী চলাই যাব বুলি সভাপতি বৰাই প্রকাশ কৰে৷
‘কেলট্রন’ক জবাবদিহি কৰিবলৈ কেৰালাৰ মুখ্যমন্ত্রীলৈ পত্র
দেৱব্রত শইকীয়াৰ
অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াই অসমত ৫৯৭টা আৰক্ষী উপ–পৰিদর্শক পদৰ বাছনিৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ প্রশ্ন কাকত ফাদিল হোৱা কেলেংকাৰিত কেৰালা চৰকাৰৰ প্রতিষ্ঠান ‘কেলট্রন’ক জবাবদিহি কৰিবলৈ কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নক আহ্বান জনাইছে৷ আজি বিজয়নলৈ প্রেৰণ কৰা এখন পত্রত শইকীয়াই উল্লেখ কৰে যে অসম চৰকাৰে আৰক্ষী বিভাগৰ উক্ত পৰীক্ষা পৰিচালনা কৰাৰ দায়িত্ব কেলট্রনক দিছিল৷ কিন্তু প্রতিষ্ঠানটোৱে দুটা সন্দেহজনক স্থানীয় প্রতিষ্ঠানক উপ–ঠিকা প্রদান কৰিলে৷ ইয়াৰ ভিতৰত ‘আমাইন টেক কনচালটেণ্ট প্রাইভেট লিমিটেড’ নামৰ প্রতিষ্ঠানটো বিগত সময়ত অসম চৰকাৰৰ আন বিভাগৰ অধীনৰ বাছনি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কেলেংকাৰিত একাধিকবাৰ জড়িত আছিল৷ দ্বিতীয় প্রতিষ্ঠানটো কল চেণ্টাৰ হিচাপে কাম কৰে আৰু এনে গুৰুত্বপূর্ণ পৰীক্ষা পৰিচালনা কৰাৰ কোনো অভিজ্ঞতা নাই৷ শইকীয়াই কয় যে যাৱতীয় খবৰ–খাতি নোলোৱাকৈ কেলট্রনে উপ–ঠিকা প্রদান কৰাৰ ফলস্বৰূপে প্রায় ৬৬,০০০ আবেদনকাৰীৰ ভৱিষ্যৎ অনিশ্চয়তাই আৱৰি ধৰিলে৷ অসমৰ বিজেপি নেতাৰ হেঁচাত এনেকৈ আগ–পিছ চিন্তা নকৰাকৈ কেলট্রনে উপ–ঠিকা প্রদান কৰিলে বুলি সন্দেহ কৰাৰ থল আছে বুলি বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰে৷ কেৱল মুনাফা লুটাৰ স্বার্থত নিজ দায়িত্বৰ পৰা হাত সাৰি অযোগ্য প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰা বেপাৰীসুলভ কার্য কেৰালাৰ দৰে এখন উচ্চ শিক্ষাৰ বাবে জনাজাত ৰাজ্যৰ প্রতিষ্ঠানৰ পৰা আশা কৰা নাযায় বুলি পত্রখনত শইকীয়াই উল্লেখ কৰে৷
চি বি আইৰ তদন্তৰ দাবী এ আই ইউ ডি এফৰ
অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্ন কাকত ফাদিল আৰু কেলেংকাৰি সম্পর্কত চি বি আইৰ তদন্তৰ দাবী জনাইছে এ আই ইউ ডি এফে৷ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে আজি এখন সংবাদ মেলত সেই দাবী উত্থাপন কৰি কয় যে সেই কেলেংকাৰিৰ বাবে কেৱল পুঠি–খলিহনাই নহয়, ৰৌ–বৰালিও ধৰিব লাগিব৷ কোনো মন্ত্রী–বিধায়ক, গৃহ বিভাগৰ বিষয়া জড়িত থাকিলে তেওঁলোককো আইনৰ আওতালৈ আনি ব্যৱস্থা ল’ব লাগে৷ সেয়ে এ আই ইউ ডি এফ দলে বিষয়টো চি বি আইৰ হতুৱাই তদন্ত কৰাৰ দাবী জনায়৷ কাৰণ একে সময়তে বন, জলসিঞ্চন আদি বিভাগত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰো প্রশ্ণকাকত ফাদিল হৈছে৷ এ আই ইউ ডি এফ দলে লগতে সংসদত গৃহীত কৃষকবিৰোধী বিধেয়ক তিনিখনৰ বিৰুদ্ধাচৰণ কৰি চৰকাৰক প্রত্যাহাৰৰ দাবী জনায়৷

You might also like