নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেপ্টেম্বৰত জিএমচিত ক’ৰোনা ভেকচিনৰ পৰীক্ষণ

অসমত ১ হাজাৰপ্লাজমা সংগ্রহৰ লক্ষ্যদাতাই পাবচৰকাৰী চাকৰিৰ সুবিধা

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  ক’ৰোনা সংক্রমণ প্রতিৰোধৰ বাবে সমগ্র বিশ্বই ভেকচিন আৱিষ্কাৰত সফলতা লাভ কৰাৰ সময়তে এইক্ষেত্রত অসমলৈ আহিছে এক বিশেষ সুখবৰ৷ অচিৰেই ক’ৰোনা পৰাভূত কৰাৰ বাবে ভেকচিন প্রস্তুতত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব অসমে৷ ৰাজ্যবাসীক শুকুৰবাৰে এই সুখবৰ দিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) বিজেপিৰ উদ্যোগত আয়োজিত বিশেষ প্লাজমা দান শিবিৰত এই কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– সমগ্র বিশ্বই ক’ৰোনাৰ ভেকচিন প্রস্তুত কৰাত ব্যস্ত হৈ থকাৰ সময়তে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অনুপ্রেৰণাত কেইবাটাও প্রতিষ্ঠানে এই ভেকচিন প্রস্তুত কৰাত লাগি আছে৷ এইক্ষেত্রত ভাৰত বায়’টেক নামৰ প্রতিষ্ঠানটোৱে শেহতীয়াকৈ ক’ভাকচিন নামৰ যি ভেকচিন গৱেষণা কৰিছিল, তাৰ প্রথম পর্যায়ত প্রতিষ্ঠানটো সফল হৈছে৷ এতিয়া দ্বিতীয় পর্যায়ৰ পৰীক্ষণৰ কাম আৰম্ভ হ’ব৷ এইক্ষেত্রত মই অত্যন্ত সুখী যে দ্বিতীয় পর্যায়ৰ পৰীক্ষণৰ বাবে ভাৰত বায়’টেক আৰু আই চি এম আৰে জি এম চি এইচকো এটা টেষ্টিং চেণ্টাৰ হিচাপে লোৱাৰ দিশে আগবাঢ়িছে৷ বিষয়টো সন্দর্ভত স্বাস্থ্য বিভাগে লিখা–মেলা কৰি আছে৷ এই পৰীক্ষণ ৯৯ শতাংশ হোৱাৰ সম্ভাৱনা আছে৷ আশা কৰা ধৰণে যদি ক’ভিডৰ ভেকচিন নির্মাণৰ জি এম চি এইচক টেষ্টিং চেণ্টাৰ হিচাপে গ্রহণ কৰে, তেন্তে ক’ৰবাত নহয় ক’ৰবাত অসমৰ ভূমিকা গুৰুত্বপূর্ণ হ’ব৷ উল্লেখ্য যে জি এম চি এইচৰ প্রেক্ষাগৃহত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ উদ্যোগত আয়োজন কৰা হৈছিল এক বিশেষ প্লাজমা দান শিবিৰ৷ সেই অনুষ্ঠানতে ভেকচিন পৰীক্ষণত জি এম চি এইচৰ ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্লাজমা দানৰ ক্ষেত্রত ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৰ কার্যকর্তাসকলে আগবাঢ়ি অহাৰ বাবে বিশেষভাৱে ধন্যবাদ জনায়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিশেষ প্রচেষ্টাত অনুষ্ঠিত এই প্লাজমা দান শিবিৰত দলটোৰ নতুনকৈ দায়িত্ব লাভ কৰা সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ, উপ–সভাপতি জয়ন্ত মল্ল বৰুৱা, হেমপ্রভা বৰঠাকুৰ, প্রাঞ্জল ভৰালীৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ এই অনুষ্ঠানতে ভাষণ প্রদান কৰি মন্ত্রী ড০ শর্মাই কয়– যোৱা ৪ আগষ্টৰ পৰা ৰাজ্যত প্লাজমা দান প্রক্রিয়া আৰম্ভ হৈছে৷ বহু ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকে ইতিমধ্যে প্লাজমা দান কৰি মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে৷ চিকিৎসক তথা স্বাস্থ্যকর্মীৰ লগতে আৰক্ষীৰ লোকসকলেও ইতিমধ্যে প্লাজমা দানেৰে ৰোগীৰ জীৱন ৰক্ষাৰ ক্ষেত্রত সহযোগিতা আগবঢ়াইছে৷ এইবাৰ ৰাজনৈতিক দল বিজেপি আগবাঢ়ি অহাটো যথেষ্ট ভাল খবৰ৷ বিজেপিৰ কার্যকর্তা হিচাপে নহয়, মই স্বাস্থ্যমন্ত্রী হিচাপে সভাপতি ৰঞ্জিত দাসৰ লগতে দলীয় নেতৃত্ব আৰু প্লাজমা প্রদান কৰিবলৈ অহা বিজেপিৰ কার্যকর্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ তেওঁ কয়– ক’ৰোনাৰ যুঁজখনত অসমে দুটা দিশত বিশেষ সফলতা লাভ কৰিছে৷ প্রথমটো হ’ল অসমে এদিনত অভিলেখসংখ্যক ১,৪৩,১০৯ সংখ্যক ক’ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ যোৱা ১২ আগষ্টত আমি এই অভিলেখ গঢ়িবলৈ সক্ষম হ’লোঁ৷ আনহাতে, মৃত্যুৰ হাৰ আমাৰ সর্বনিম্ন৷ এতিয়ালৈ অসমত মৃত্যুৰ হাৰ হ’ল .২৪ শতাংশ৷ মৃত্যুৰ হাৰ হ্রাস কৰাত এটা থেৰাপী বিশেষভাৱে সফলতা দেখুৱাইছে, সেয়া হ’ল প্লাজমা থেৰাপী৷ প্রথম অৱস্থাত আমি এই চিকিৎসা আৰম্ভ কৰা নাছিলোঁ৷ কাৰণ আমাৰ ওচৰলৈ লক্ষণযুক্ত ক’ৰোনা ৰোগী অহা নাছিল৷ কিন্তু লাহে লাহে আমাৰ ওচৰলৈ লক্ষণযুক্ত ক’ৰোনা ৰোগী আহিবলৈ ধৰিল৷ ৪ আগষ্টৰ পৰা প্লাজমা থেৰাপী প্রয়োগ আৰম্ভ হ’ল৷ এই চিকিৎসাৰে জি এম চি এইচত বহু ৰোগীক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল স্বাস্থ্য বিভাগ৷ অসমত ক’ৰোনা আক্রান্ত ৰোগীৰ প্লাজমা দান কৰাৰ বাবে এতিয়ালৈ মৃত্যুৰ হাৰ নিম্নগামী হৈ আছে৷ মানৱতাৰ এই উৎকৃষ্ট নিদর্শন দেখুৱাইছে চিকিৎসক তথা স্বাস্থ্যকর্মীসকলে৷ এজন চিকিৎসক ক’ৰোনা আক্রান্ত হোৱাৰ পাছত কামত যোগদান কৰাই নহয়, প্লাজমা দানেৰে মানৱীয় মূল্য দাঙি ধৰিছে৷ উল্লেখ্য যে শুকুৰবাৰে সমগ্র ৰাজ্যতে বিজেপিৰ কার্যকর্তাসকলে প্লাজমা দান শিবিৰৰ আয়োজন কৰে৷ ডিব্রুগড়ত ৭৫গৰাকী, যোৰহাটত ৫৪গৰাকী, তেজপুৰত ২১গৰাকী, শিলচৰত ৪৭গৰাকী আৰু গুৱাহাটীত ৯৫গৰাকীকে ধৰি মুঠ ২৯২গৰাকী বিজেপি কার্যকর্তাই প্লাজমা দানৰ বাবে শুকুৰবাৰে নাম পঞ্জীয়ন কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই কার্যকর্তাসকলক ধন্যবাদ দি কয়– এই সংখ্যক প্লাজমা দানেৰে ৬০০জন ক’ৰোনা আক্রান্তক মৃত্যুৰ পৰা উদ্ধাৰ কৰিব পৰা যাব৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয়ত ১,০০০টা ইউনিট প্লাজমা সংগ্রহৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ তদুপৰি যিসকল ক’ৰোনা আক্রান্তই প্লাজমা দান কৰিব, সেইসকলে চৰকাৰী চাকৰিৰ ক্ষেত্রতো বিশেষ অগ্রাধিকাৰ লাভ কৰিব৷ আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও প্লাজমা প্রদান কৰিবলৈ আগবাঢ়ি অহা বিজেপি কার্যকর্তাসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰে

You might also like