নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ সকলো সদস্যই সর্বোচ্চ ত্যাগেৰে আগবঢ়াব সেৱাঃ মুখ্যমন্ত্রী সোণোৱাল

ই–বুক মুকলি কৰিলে ছত্তিশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী ড০ ৰমন সিঙে

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  ক’ভিড মহামাৰীৰ সময়ত ৰাজ্যক বিজেপিৰ কর্মকর্তাসকলে জনসাধাৰণলৈ আগবঢ়োৱা সেৱাৰ কার্যসূচীসমূহক একত্রিত কৰি আজি প্রকাশ পালে ‘সেৱাই সংগঠন’ শীর্ষক ই–বুক৷ ছত্তিশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী ড০ ৰমণ সিঙে এক ভার্চুৱেল কার্যসূচীত এই ই–বুকখন মুকলি কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি ড০ সিঙে কয় যে ক’ৰোনা মহামাৰীৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ছোৱাত অসমৰ বিজেপি কর্মকর্তাসকলে কৰা পৰিশ্রম এক মাইলৰ খুঁটি হিচাপে চিহ্ণিত হৈ ৰ’ব৷ কাৰণ বিজেপি মানে কেৱল এটা নির্বাচন খেলা যন্ত্র নহয়, বিজেপিৰ বাবে সেৱাই হৈছে সংগঠন৷ এক সামাজিক–সাংস্কৃতিক আন্দোলনৰ ৰূপত বিজেপিয়ে নিজৰ কার্যসূচী গ্রহণ কৰি আহিছে৷ সেই বাবে লকডাউনৰ সময়ত আগবঢ়োৱা সেৱাৰ কার্যসূচীসমূহক একগোট কৰি, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰামর্শ মতে ‘সেৱাই সংগঠন’ শীর্ষক ই–বুকখন প্রস্তুত কৰি উলিওৱা হৈছে৷ এই সেৱাৰ মানসিকতা এটা প্রজন্মৰ বাবে আদর্শ হৈ ৰ’ব৷ নিজৰ ভাষণত তেওঁ ছত্তিশগড় আৰু অসমৰ ভৌগোলিক সামঞ্জস্যৰ লগতে অসমৰ চাহ বাগিচাত কাম কৰি থকা ছত্তিশগড়ৰ চাহ শ্রমিকসকলৰ কথাও উল্লেখ কৰে৷ ই–বুক মুকলি অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী শাসনলৈ অহাৰ পাছত যেতিয়া ‘ডিজিটেল ইণ্ডিয়া’ গঢ়াৰ কথা ঘোষণা কৰিছিল, তেতিয়া ইয়াৰ সাৰমর্ম বুজাত সকলোৰে অসুবিধা হৈছিল৷ কিন্তু আজি সকলোৱে ডিজিটেল ইণ্ডিয়াৰ প্রাসংগিকতাৰ কথা গভীৰভাৱে উপলব্ধি কৰিছে৷ একোগৰাকী আদর্শবাদী নেতাই ৰাষ্ট্র নির্মাণত কিমান গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেয়া আজি আকৌ এবাৰ প্রমাণিত হৈছে৷ প্রধানমন্ত্রী মোদীৰ সবল নেতৃত্বত সমগ্র বিশ্বত ভাৰতীয় সমাজৰ শক্তি প্রতিষ্ঠা হৈছে৷ সকলো পর্যায়ৰ লোকে তেওঁৰ চিন্তাক আঁকোৱালি লৈছে৷ আনকি ভিতৰুৱা অঞ্চলৰ কৃষকেও প্রধানমন্ত্রীগৰাকীক্ নিচেই কাষৰ পৰা আৱিষ্কাৰ কৰিছে৷ আনহাতে, প্রধানমন্ত্রী মোদীয়ে ৰাজনীতিত মানৱীয় প্রমূল্যবোধ সংযোজিত কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে ‘সেৱাই সংগঠন’ বাক্যশাৰীৰ প্রধানমন্ত্রীগৰাকীয়্ ভাৰতীয় জনতা পার্টীৰ কর্মকর্তাসকলক এটা নতুন দর্শনেৰে জড়িত কৰালে৷ এইদৰে তেওঁ ৰাজনীতিৰ লগত মানৱীয় মূল্যবোধৰ সংযোজন ঘটালে৷ তেওঁৰ এই দর্শনক সাৰোগত কৰি ৰাইজক সকলো সময়তে সহায়ৰ হাত আগবঢ়াই যাব লাগিব৷ দেশৰ আন এগৰাকী সন্মানীয়, আদর্শৱান নেতা অটল বিহাৰী বাজপেয়ীৰ সপোনক বাস্তৱায়িত কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ লৈছে প্রধানমন্ত্রী মোদীয়ে৷ একেদৰে ভাৰতীয় জনতা পার্টীৰ প্রতিগৰাকী সদস্যই সর্বস্ব ত্যাগ কৰি ৰাইজৰ বাবে সেৱা আগবঢ়াব৷ কাৰণ বিপদৰ বন্ধুৱেই প্রকৃত বন্ধু৷ বিপদৰ সময়ত আগবঢ়োৱা সহায়ৰ কথা সাত শতৰুৱেও স্বীকাৰ কৰিব৷ সমাজৰ প্রতি নিঃস্বার্থভাৱে সেৱা আগবঢ়ালে সমাজো সকলো সময়তে বিজেপিৰ লগত থাকিব৷ আজিৰ ই–বুক মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কয়– ‘ক’ৰোনাৰ পৰা দেশক ৰক্ষা কৰিবৰ বাবে প্রধানমন্ত্রী মোদীয়ে যেতিয়া ২১ দিনীয়া লকডাউন ঘোষণা কৰিছিল, একে সময়তে তেওঁ এই কথাও চিন্তা কৰিছিল যে লকডাউনৰ বাবে এচাম লোক বিপদত পৰিব পাৰে৷ সেই বাবে তেওঁ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ লগত আলোচনা কৰি বিজেপিৰ দেশজোৰা সংগঠনক সেৱাৰ লগত জড়িত কৰোৱাৰ কথা চিন্তা কৰিছিল৷ তেতিয়াৰ পৰাই বিজেপিৰ কর্মকর্তাসকলে লোৱা সেৱাৰ কার্যসূচীৰ জৰিয়তে দলটোৰ অন্য নাম হৈ পৰিল সেৱাই সংগঠন৷’ ড০ শর্মাই লগতে কয় যে এলাহাবাদৰ ৰাষ্ট্রীয় অধিৱেশনতে প্রধানমন্ত্রী মোদীয়ে সংগঠন, সেৱাৰ পৰা আৰম্ভ কৰি সমন্বয়, সহূদয়তালৈ আটাইখিনি চৰিত্র বিজেপি কর্মকর্তাৰ জীৱনত প্রতিফলিত কৰাৰ কথা কৈছিল৷ শেহতীয়াকৈ লকডাউনৰ সময়ত আগবঢ়োৱা সেৱা সন্দর্ভত ৭খন ৰাজ্যৰ বিস্তৃত প্রতিবেদন চোৱাৰ পাছত প্রধানমন্ত্রীগৰাকীয়্ সেই একেখিনি কথা উল্লেখ কৰি ইয়াক বিজেপিৰ সংস্কৃতি ৰূপে গঢ়িবলৈ পৰামর্শ দিছিল৷ তেওঁ লগতে সেই একেখিনি কার্যসূচী ই–বুকৰ জৰিয়তে সংগ্রহ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ কথা কৈছিল৷ এই পদক্ষেপ পৰৱর্তী সময়ত মণ্ডল পর্যায়লৈ নমাই নিয়া হ’ব৷ লকডাউনৰ সময়ছোৱাত বিজেপি কর্মকর্তাসকলৰ সেৱা মানৱতাৰ প্রতি এক উৎকৃষ্ট নিদর্শন আছিল৷ দলৰ সদস্যসকলে সেৱাৰ অভূতপূর্ব নিদর্শন বা জীৱন দর্শন দাঙি ধৰিছে৷ আনকি সেৱাৰ মনোভাবক এটা নতুন স্তৰ প্রদান কৰি একোজন বিজেপি কর্মকর্তাই প্লাজমা দান কৰি দুজনকৈ ক’ভিড ৰোগীক নিশ্চিত মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতাই আনিছে৷ এই সংক্রান্তত এক উদাহৰণ দাঙি ধৰি ড০ শর্মাই কয় যে এগৰাকী বিৰোধী দলৰ নেতাক জি এম চি এইচত হঠাৎ প্লাজমাৰ প্রয়োজন হ’ল৷ নিশা প্রায় ডেৰ বজাত নেতাগৰাকীক প্রয়োজন হোৱা প্লাজমা প্রদান কৰা হ’ল৷ আৰু সিদিনা বিৰোধী নেতাগৰাকীক প্রদান কৰা প্লাজমাৰ পেকেটটো আছিল এজন বিজেপি কর্মকর্তাৰ৷ এইদৰে বিজেপি কর্মকর্তাসকলে পৰিচয়বিহীনভাৱে মানৱতাৰ নিঃস্বার্থ সেৱাৰ বাবে নিজক উৎসর্গা কৰিছে৷ ভাষণ প্রসংগত ৰাজ্যৰ বিত্তমন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীৰ দূৰদর্শিতাৰ কথা উল্লেখ কৰি কয় যে লকডাউনৰ দ্বিতীয় দিনটোত প্রধানমন্ত্রীগৰাকীয়্ ফোন কৰি ৭ মিনিট ধৰি বাৰাণসীত তেওঁ কেনেদৰে বিজেপিৰ সংগঠনক সেৱাৰ কামত নিয়োজিত কৰিছে, সেই কথা বুজাইছিল৷ ড০ শর্মাই কয় যে সপোনে সংকল্প সৃষ্টি কৰে আৰু সংকল্পই সিদ্ধি আনে৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়াৰ সপোনক সাকাৰ কৰিবলৈও ৰাজ্য চৰকাৰে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ ৮৫ শতাংশ নাগৰিকক বিনামূলীয়া চাউল দিছে, খাদ্য সুৰক্ষাৰ কার্ড নথকাসকলক এহেজাৰকৈ টকা প্রদান কৰিছে, তিনি মাহৰ বৃদ্ধ পেন্সন একে সময়তে আদায় দিছে আৰু প্রতিকূল পৰিস্থিতিৰ মাজতো বিধৱা পেন্সন প্রদান কৰিছে৷ এক কোঙা বিত্তীয় অৱস্থাৰ মাজতো ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলক কর্তন নকৰাকৈ নিয়মীয়া দৰমহা প্রদান, বহিঃৰাজ্য–বিদেশত আবদ্ধ লোকসকলক আর্থিক সাহায্য প্রদান, ছাত্র–ছাত্রী, ৰোগাক্রান্ত লোকক সুকলমে নিজৰ ঘৰলৈ ওভতাই অনা, প্রতিগৰাকী ক’ভিড ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্রদানৰ বিষয়ে উল্লেখ কৰি ড০ শর্মাই কয় যে ৰাজ্যখনৰ বিত্তীয় অৱস্থা চৰম সংকটৰ মাজত থকাৰ পাছতো ৰাজ্য চৰকাৰখনে মানৱতাৰ উৎকৃষ্ট নিদর্শন স্থাপন কৰিছে৷ একে সময়তে বিকাশৰ গতি স্তব্ধ হ’ব নিদিয়াকৈ, ৰাইজক কোনো কষ্ট নিদিয়াকৈ অৰুণোদয়, স্বয়মৰ দৰে আঁচনি গ্রহণ কৰাৰ উপৰি চাৰিখনকৈ নতুন মেডিকেল কলেজ, নতুন নতুন মহাবিদ্যালয়, আইন মহাবিদ্যালয় স্থাপনৰ প্রকল্প হাতত লৈছে৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে মানুহৰ সেৱা কৰাৰ উৎসাহক মানৱতাৰ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে৷ যাৰ বাবে ৰাজ্য চৰকাৰৰ আহ্বানমর্মে কর্মচাৰীসকলে সামর্থ্য অনুযায়ী আর্তজনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল৷ দীনদয়াল উপাধ্যায়ৰ সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্রত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন বহু পৰিমাণে সফল হৈছে বুলিও ড০ শর্মাই মন্তব্য কৰে৷ ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰামর্শৰ আধাৰত ক’ৰোনা সংকটৰ সময়ত ভাৰতীয় জনতা পার্টীয়ে কৰা কাম–কাজসমূহ সন্নিৱিষ্ট হৈ থাকিব এই ই–বুকখনত৷ সমগ্র ভাৰতবর্ষৰ ভিতৰত ৱেবছাইটযোগে ই–বুক মুকলি কৰা অসমেই হৈছে প্রথমখন ৰাজ্য৷ অহা ২৭ ছেপ্ঢেম্বৰত জিলা পর্যায়ত এই ই–বুক মুকলি কৰা হ’ব৷ আজিৰ সভাত আদৰণী ভাষণ প্রদান কৰে ই–বুক প্রস্তুত সমিতিৰ আহ্বায়ক বিজয় কুমাৰ গুপ্তাই৷ অনুষ্ঠানটোত দলৰ ৰাষ্ট্রীয় সম্পাদক ৰমেন ডেকা, ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ফণী শর্মাও উপস্থিত থাকে৷ তদুপৰি লকডাউনত উৎকৃষ্ট সেৱা আগবঢ়োৱা নলবাৰী, শিৱসাগৰ, শোণিতপুৰ আৰু উত্তৰ কামৰূপ জিলা সমিতিক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷
ৰঙিয়াত প্রধানমন্ত্রীৰ জন্মদিনৰ কার্যসূচীত ৰামমাধৱ
বিজেপিয়ে সদায় অসমৰ হিত চিন্তা কৰি কাম কৰি আহিছে৷ অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাটো আমাৰ পৰম কর্তব্য৷ অসমৰ সভ্যতা–সংস্কৃতি, ৰীতি–নীতি ৰক্ষা কৰাটো আমাৰ দলৰ দায়িত্ব আৰু সেয়া নিশ্চিতভাৱে পূৰণ হ’ব৷ বিশ্বাস ৰাখক, ৰাইজে ইচ্ছা প্রকাশ কৰা অসম চুক্তিৰ ৬নং দফা কার্যকৰী হোৱাটো প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পূৰণ কৰিব৷ –এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰামমাধৱৰ৷ ৰঙিয়াত কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন উপলক্ষে আয়োজিত এক কার্যসূচীত অংশগ্রহণ কৰি তেওঁ লগতে কয় যে ৩০ বছৰ ধৰি সম্পূর্ণ নোহোৱা এন আৰ চি বিজেপি চৰকাৰে মাত্র তিনি বছৰৰ ভিতৰতে সম্পূর্ণ কৰি দেখুৱালে৷ ঠিক তেনেদৰে অসম চুক্তিৰ ৬নং দফাও অতি সোনকালে কার্যকৰী কৰিব বিজেপি চৰকাৰে৷ ৰঙিয়াৰ হৰদত্ত–বীৰদত্ত ভৱনত প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে সেৱা সপ্তাহৰ শুভাৰম্ভণি কৰা হয়৷ বিজেপিৰ যুৱ নেতা ভবেশ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানটোত উপস্থিত থাকি জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্রী তথা স্থানীয় বিধায়ক ভবেশ কলিতাই কয় যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত আজি ভাৰতবর্ষই গোটেই বিশ্বতে এক শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে৷ সভাত সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়৷ লগতে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰা কেইগৰাকীমান ব্যক্তিক চিলাই মেচিন, চাইকেল, চেলুনৰ সা–সঁজুলি আদি বিতৰণ কৰা হয়৷ উক্ত কার্যসূচীত প্রাক্তন সাংসদ ৰমেন ডেকা, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি নন্দন তালুকদাৰ, ৰাজ্যিক কার্যনির্বাহক ৰঞ্জন উপাধ্যায়, জিলা সম্পাদক বিদ্যুৎ ডেকা, সুবল পাল আদি নেতা উপস্থিত থাকে৷

You might also like