নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, মূল ষড়য়ন্ত্ৰকাৰী অৱসৰপ্ৰাপ্ত DIG পি কে দত্ত

গণেশগুৰিৰ থেংক ইউ লজ–অৱসৰপ্রাপ্ত DIG পি কে দত্তৰ ঘৰ–হোটেল ভার্গৱ গ্রেণ্ডত অভিযান

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ   চৰকাৰী চাকৰিত ধনৰ লেনদেনৰ ঘটনা এতিয়াও শেষ হোৱা নাই৷ ৰাজ্য চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিক একপ্রকাৰ অংগুষ্ঠ প্রদর্শন কৰি বিশেষ দালাল চক্রই গোপনে অব্যাহত ৰাখিছে ধনৰ বিনিময়ত বিভিন্ন বিভাগৰ চাকৰিত নিযুক্তি৷  শেহতীয়াকৈ সমগ্র ৰাজ্য তোলপাৰ লগোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তত পোহৰলৈ আহিছে চাকৰি কিনা–বেচাৰ বহু বিস্ফোৰক তথ্য৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কঠোৰ নির্দেশৰ পাছত অসম আৰক্ষীৰ অপৰাধ শাখা, অর্থাৎ ক্রাইম ব্রাঞ্চে অনুসন্ধান চলাই দালাল চক্রটোৰ কেইবাজনকো ফান্দত পেলাবলৈ সক্ষম হৈছে৷

ইতিমধ্যে ক্রাইম ব্রাঞ্চে এই চক্রটোৰে জড়িত এগৰাকী মহিলাসহ দুজন ব্যক্তিক আৰু চি আই ডিয়ে এজনক গ্রেপ্তাৰ কৰাৰ বিপৰীতে ৮জনক আটক কৰিছে৷ প্রাৰম্ভিক অনুসন্ধানতেই দালাল চক্রটোৱে অসম আৰক্ষীৰ এছ আই পদৰ উপৰি জলসিঞ্চন আৰু বন বিভাগৰ বিভিন্ন পদৰ চাকৰিৰ গোপন বেহা পতাৰ তথ্য স্পষ্ট হৈছে৷

চৰকাৰী চাকৰিৰ অবৈধ বেহাৰ সৈতে নাম সাঙোৰ খাই পৰিছে অসম আৰক্ষীৰে এজন অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক আৰু স্পেচিয়েল টাস্ক ফ’চত (এছ টি এফ) বর্তমানেও কর্মৰত এজন কর্মচাৰীৰ নাম৷ আনহাতে অসম আৰক্ষীয়ে অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক প্রশান্ত কুমাৰ দত্তৰ (পি কে দত্ত) এই ঘটনৰ মূল ষড়যন্ত্ৰকাৰী। মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত আৰু বেতকুছিস্থিত হোটেল ভার্গৱ গ্রেণ্ডত চি আই ডিৰ দলে অভিযান চলায়৷ কেইবাঘণ্টা ধৰি অৱসৰপ্রাপ্ত বিষয়াজনৰ ঘৰত চি আই ডিৰ দলে অভিযান চলাই হোটেলখনৰ কর্মচাৰীক সোধা–পোছা কৰাৰ লগতে কেতবোৰ নথি–পত্র জব্দ কৰে৷

You might also like