নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পর্ধাৰ সীমা চেৰোৱা বিধায়ক শিলাদিত্যক ৰাজ্যজুৰি ধিক্কাৰ–গ্রেপ্তাৰৰ দাবী

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ৰাজনৈতিক লাভালাভৰ স্বার্থত বৰেণ্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কৰা অশোভনীয় মন্তব্যৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ সাম্প্রদায়িক মন্তব্যৰে বাৰেৰহণীয়া অসমীয়া জাতিৰ সাতামপুৰুষীয়া একতাৰ ডোলডাল ছিঙিবলৈ বাৰম্বাৰ চেষ্টা চলাই অহা বিধায়ক শিলাদিত্য দেৱৰ এই স্পর্ধাক একমুখে ধিক্কাৰ দিছে বিভিন্ন দল–সংগঠন, সাহিত্যিক–বুদ্ধিজীৱীয়্৷ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে বিধায়কজনক গ্রেপ্তাৰৰো দাবী সর্বত্র উত্থাপন হৈছে৷ বিধায়কজনৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল–সংগঠন৷ আনকি তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই দাখিল কৰা হৈছে এজাহাৰ, দাহ কৰা হৈছে প্রতিমূর্তি৷ বিধায়কজনৰ অশালীন মন্তব্যৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰিছে অসম সাহিত্য সভাই৷ হোজাইৰ বিধায়কজনৰ মন্তব্য অত্যন্ত নিন্দনীয় বুলি উল্লেখ কৰিছে সাহিত্য সভাই৷ সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘অসমৰ জাতিসত্তা গঠন প্রক্রিয়াত যিসকল ব্যক্তিয়ে আগভাগ লৈ আহিছে, সেই ব্যক্তিসকলৰ বিৰুদ্ধে এনে মন্তব্য অতি অশোভনীয়৷ এনেধৰণৰ কথাৰে কোনো ব্যক্তিবিশেষে লাভালাভ ল’ব বিচাৰিছে নেকি, তাক আমি নজৰ দিব লাগিব৷ এনে প্রৱণতাৰ বিৰুদ্ধে জনমত গঢ়ি তোলা উচিত৷’ ইপিনে, বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাই সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিধায়ক শিলাদিত্য দেৱে কোৱা কথাৰ কোনো মূল্য নাই৷ সেয়ে বিধায়কজনৰ বক্তব্যক তেওঁ গুৰুত্বসহকাৰে গ্রহণ কৰা নাই৷ উল্লেখ্য যে আজি শিৱসাগৰত শিলাদিত্য দেৱৰ প্রতিকৃতি দাহ কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদে৷ শিলাদিত্যৰ এই মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দি পৰিষদে উজনি অসমত বিধায়কজনৰ প্রৱেশ নিষিদ্ধ কৰা বুলি ঘোষণা কৰে৷ একে সময়তে যদি সাহস আছে, তেনেহ’লে শিৱসাগৰ অথবা ডিব্রুগড়ত গৈ বিধায়কজনক এনেধৰণৰ মন্তব্য কৰিবলৈ প্রত্যাহ্বান জনাইছে মুছলিম কল্যাণ পৰিষদে৷ আনহাতে, বিধায়ক শিলাদিত্য দেৱৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ এক বিবৃতিৰ জৰিয়তে শইকীয়াই বিধায়কজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রীক দাবী উত্থাপন কৰিছে৷ এই প্রসংগতে শইকীয়াই কয়–‘চৈয়দ আব্দুল মালিকৰ দৰে সাহিত্যিকে বৌদ্ধিক জেহাদ কৰিছিল বুলি কৰা মন্তব্যই দৰাচলতে বিধায়কজনৰ নিজৰ জ্ঞানৰ অভাৱ তথা নিকৃষ্ট মানসিকতা ৰাজহুৱাভাৱে উদঙাই দিছে৷ সাম্প্রদায়িক মেৰুকৰণৰ ৰাজনীতিৰ বাবে বিনাকাৰণত শিলাদিত্য দেৱে বিতর্কত জড়িত কৰিবলৈ এনে এজন ব্যক্তিক টানি অনাটো নিন্দনীয় আৰু শাস্তিৰ যোগ্য৷’ ইপিনে, আজি হোজাইৰ বিধায়কজনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কেইবাটাও দল–সংগঠনে৷ জালুকবাৰী আৰক্ষী চকীত দেৱৰ বিৰুদ্ধে গোচৰ তৰিছে সদৌ অসম গৰিয়া যুৱ–ছাত্র পৰিষদে৷ আনহাতে, হাতীগাঁও আৰক্ষী থানাত কংগ্রেছৰ সংখ্যালঘু কোষৰ নেতা ছলমান খান আৰু সংগ্রামী মঞ্চৰ নেতা আমিৰ হুছেইনে দাখিল কৰিছে এজাহাৰ৷ এই এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষী থানাত বিধায়কজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৩৮৮/২০২০ নম্বৰৰ গোচৰ৷ গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদে চতিয়া আৰক্ষী থানাত শিলাদিত্য দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ পৰিষদে ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত বিতর্কিত বিধায়কজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ৷ তদুপৰি বিধায়কজনে কৰা এই মন্তব্যৰ বাবে শীঘ্রে তেওঁক গ্রেপ্তাৰৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আজি দুঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে সদৌ অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদে৷ এনে অৱস্থান ধর্মঘট কার্যসূচীত অংশগ্রহণ কৰি পৰিষদৰ কেন্দ্রীয় সভাপতি হাফিজুল আহমেদে কয় যে চৈয়দ আব্দুল মালিক সন্দর্ভত কৰা মন্তব্যৰে অসমীয়া সমাজক কৰা চৰম অপমান কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ এইক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগক দাবী উত্থাপন কৰিছে পৰিষদে৷ উল্লেখ্য যে কালি সংবাদ মাধ্যমৰ আগত বিতর্কিত শিলাদিত্য দেৱে বিশিষ্ট সাহিত্যিকগৰাকীক বৌদ্ধিক জেহাদী বুলি অভিহিত কৰিছিল৷ যাক লৈ সমগ্র ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হয়৷ আনকি তেওঁৰ বিৰুদ্ধে মুকলিমূৰীয়াভাৱে প্রতিক্রিয়া প্রকাশ কৰে বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালে৷ এইক্ষেত্রত দলে ব্যৱস্থা গ্রহণ নকৰিলেও শিলাদিত্য দেৱৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰি যাব বুলি স্পষ্টভাৱে মন্তব্য কৰিছে আৱালে৷ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছতো তিলমানো অনুশোচনাত ভোগা নাই হোজাইৰ বিধায়কজনে৷ এই সন্দর্ভত ৰাজহুৱাভাৱে ক্ষমা খোজাটো দূৰৈৰে কথা, সামাজিক মাধ্যমত কেৱল দুখ প্রকাশ কৰিয়েই দায়িত্ব সামৰিব বিচাৰিছে এইজন বিতর্কিত বহুবল্কী বিধায়কে৷ ইয়াৰ পূর্বে স্বনামধন্য সাহিত্যিকগৰাকীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰি গ্রেপ্তাৰ হ’বলগীয়া হৈছিল এগৰাকী প্রবক্তা৷ এই ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ সাহিত্যিকগৰাকীক লৈ কৰা অশোভনীয় মন্তব্যৰ বাবে শিলাদিত্য দেৱৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ শাসকীয় দলৰ বিধায়ক হোৱা বাবে এই মন্তব্য কৰাৰ পাছতো সাৰি যাব নেকি বুলিও প্রশ্ণ উত্থাপন হৈছে সর্বসাধাৰণৰ মাজত৷ কেৱল এয়াই প্রথম নহয়, ইয়াৰ পূর্বেও শিলাদিত্য দেৱে একাধিকবাৰ কেৱল ৰাজনৈতিক লাভালাভৰ স্বার্থত অসমীয়া জাতিবিৰোধী মন্তব্য কৰি বিতর্কত সোমাই পৰিছিল৷ তৎসত্ত্বেও বিধায়কজনৰ বিৰুদ্ধে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা দলীয় অথবা আইনীভাৱে গ্রহণ কৰা হোৱা নাই৷
তাৰাবাৰীত গোচৰ
বিতর্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে তালাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত বিধায়কজনৰ বিৰুদ্ধে ২২/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰিছে৷
শিৱসাগৰ সদৰ থানাত ঐক্য সেনাৰ এজাহাৰ ঃ ৭২ ঘণ্টাৰ ভিতৰত গ্রেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ
অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ বিপক্ষে বিধায়ক শিলাদিত্য দেৱে কৰা অশোভনীয় মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ঐক্য সেনা, অসম৷ আজি বিধায়কজনৰ বিৰুদ্ধে ঐক্য সেনাই শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ৷ সংগঠনটোৰ কেন্দ্রীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই বিধায়কজনৰ মন্তব্যক চৰম অপমানজনক আৰু দুর্ভাগ্যজনক আখ্যা দিছে৷ ৭২ ঘণ্টাৰ ভিতৰত বিতর্কিত বিধায়কজনক গ্রেপ্তাৰ নকৰিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে ঐক্য সেনা, অসমে৷
মুখ্যমন্ত্রীক শীঘ্রে বিচাৰৰ দাবী ড০ পৰমানন্দ ৰাজবংশীৰ
বিধায়ক শিলাদিত্য দেৱৰ বিতর্কিত মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা অসম কলাতীর্থৰ সঞ্চালক ড০ পৰমানন্দ ৰাজবংশীয়ে৷ তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয়–‘কোনো জেহাদীক কেন্দ্রীয় চৰকাৰে পদ্মসন্মান দিব নোৱাৰে৷ অসমীয়া উপন্যাস সাহিত্যিৰ মালিক সাহিত্যিাচার্য চৈয়দ আব্দুল মালিকক জেহাদী বুলি কোৱা চৰকাৰৰ প্রতিনিধিৰ এয়া গুৰুতৰ অপৰাধ৷ সেয়েহে মুখ্যমন্ত্রীয়ে এই অপৰাধ শীঘ্রে বিচাৰ কৰা উচিত৷ তেজপুৰ সাহিত্য সভায়ো বিধায়ক শিলাদিত্যৰ এনে মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰিছে৷ সভাপতি ড০ ভূপেন শইকীয়া আৰু সম্পাদক দেৱব্রত শইকীয়াই কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে ৰাইজৰ প্রতিনিধিয়ে কৰা এনে মন্তব্যই অসম সাহিত্য সভাকে নহয়, প্রতিগৰাকী অসমীয়াক মর্মাহত কৰিছে৷ তেওঁলোকে বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰিছে৷
মৰিগাঁৱত শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ
সদৌ মৰিগাঁও জিলা গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ জালুগুটি আঞ্চলিক সমিতিৰ কার্যকৰী সভাপতি খলিলুৰ ৰহমান আৰু যুটীয়া সম্পাদক চাজিদুৰ ৰহমানে জালুগুটি আৰক্ষী চকীত শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷
শিলাদিত্যৰ পুত্তলিকা দাহ
উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰস্থিত কেন্দ্রীয় কার্যালয়ৰ সন্মুখত আজি বিজেপি বিধায়ক শিলাদিত্য দেৱৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ শিলাদিত্য গ’ বেক, অসম চৰকাৰ হায় হায়, শিলাদিত্যক গ্রেপ্তাৰ কৰক আদি শ্লোগানেৰে পৰিষদৰ সদস্যসকলে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷ কেন্দ্রীয় সমিতিৰ কার্যকৰী সভাপতি মনিৰুল ইছলাম বৰাই কয় যে অসমীয়া মুছলমানসকল উদাৰ আৰু সহজ–সৰল৷ শিলাদিত্যৰ দৰে নেতাই অসমীয়া মুছলমানসকলৰ এনে সৰলতাক দুর্বলতা বুলি ভাবি বাৰম্বাৰ অপমান কৰি আহিছে৷ এনে সাম্প্রদায়িক ব্যক্তিক গ্রেপ্তাৰ নকৰিলে অহা বিধানসভা নির্বাচনত বিজেপিয়ে ইয়াৰ ফল ভোগ কৰিব লাগিব৷
বিধায়ক শিলাদিত্যৰ আছুৰ প্রতিকৃতি দাহ
সাহিত্যাচার্য চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে অশালীন মন্তব্যৰে বিতর্কিত সোমাই পৰা বিজেপি বিধায়ক শিলাদিত্য দেৱক দেৰগাঁও আঞ্চলিক ছাত্র সন্থাই তীব্র ভাষাৰে গৰিহণা দিছে৷ অসমৰ জাতীয় জীৱনৰ মহীৰূহ চৈয়দ আব্দুল মালিকক অপমান কৰা কার্যক আছুৱে কোনো কাৰণতে সহ্য নকৰে আৰু বিতর্কিত বিধায়কজনৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্রহণ কৰাৰ দাবী উত্থাপন কৰে৷ গোলাঘাট মহকুমা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক ৰিমাংকুজ্যোতি শইকীয়াৰ নেতৃত্বত দেৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক মিলন খাটনিয়াৰ, উপ–সভাপতি চগিৰ আহমেদৰ লগতে আছুৰ বিষয়ববীয়া আৰু সদস্যসকলে প্রতিবাদ সাব্যস্ত কৰা লগতে বিধায়ক শিলাদিত্যৰ প্রতিকৃতি দাহ কৰি নাহৰণি চাৰিআলিত বিভিন্ন শ্লোগানেৰে উত্তপ্ত পৰিৱেশ সৃষ্টি কৰে৷
চতিয়াত গোচৰ গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ
বিতর্কিত মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰি অহা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, সু–সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কৰা বিতর্কিত মন্তব্যই সম্প্রতি ৰাজ্যখনত তোলপাৰ লগাইছে৷ সকলো সচেতন লোকেই বিধায়ক শিলাদিত্যৰ এনে মন্তব্যৰ তীব্র নিন্দা কৰাৰ সময়তে সদৌ অসম গৰিয়া–মৰিয়া–দেশী জাতীয় পৰিষদে আজি চতিয়া থানাত এখন এজাহাৰ দাখিলেৰে বিধায়কজনৰ গ্রেপ্তাৰৰ দাবী কৰে৷ এজাহাৰখনত উল্লেখ কৰা মতে, অসমৰ সাহিত্য জগতৰ অন্যতম পুৰোধা ব্যক্তি, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, সাহিত্য অকাডেমি বঁটা বিজয়ী চৈয়দ আব্দুল মালিকক হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে বৌদ্ধিক জেহাদী বুলি মন্তব্য কৰা ঘটনাই খিলঞ্জীয়া অসমীয়া সমাজখনক অপমান আৰু লজ্জিত কৰিছে৷ চৈয়দ আব্দুল মালিক ইছলামধর্মী আছিল বাবেই বংগমূলীয় নেতাজনে জেহাদী বুলি গালি পৰা কার্য কোনো কাৰণে গ্রহণযোগ্য নহয়৷ বিধায়কজনৰ এনে বিতর্কিত মন্তব্যই ধর্মৰ নামত সমাজখন দুভাগ কৰাৰ লগতে সাম্প্রদায়িক সম্প্রীতিও বিঘ্ণিত কৰিব পাৰে৷ ভাৰতীয় দণ্ডবিধি আৰু আন উপযুক্ত আইনৰ ধাৰাত বিতর্কিত বিধায়কজনক গ্রেপ্তাৰ কৰিবলৈ এজাহাৰখনৰ জৰিয়তে আৰক্ষীক সংগঠনটোৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷ আজি দিনৰ ১১ বজাত সংগঠনটোৰ কেন্দ্রীয় সম্পাদক মইনুল ইছলামে সদস্যসকলৰ সৈতে চতিয়া থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ হাতত এজাহাৰখন দাখিল কৰে৷

You might also like