নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ তিনিদিনীয়া বৈঠক আৰম্ভ

MyNEP প্ৰতিযোগিতাৰ প্ৰদৰ্শনীমূলক ভিডিঅ’ৰ অসমীয়া ৰূপান্তৰ উন্মোচন

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ গুৱাহাটীৰ প্ৰশান্ত পথস্থিত শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় কাৰ্যালয় ‘বিদ্যা ভাৰতী ভৱন’ত সোমবাৰৰ পৰা আৰম্ভ হোৱা পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ তিনিদিনীয়া বৈঠকৰ সন্ধিয়াৰ সত্ৰত বিদ্যা ভাৰতীৰ দ্বাৰা আয়োজিত MyNEP প্ৰতিযোগিতাৰ প্ৰদৰ্শনীমূলক ভিডিঅ’টোৰ অসমীয়া ৰূপান্তৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ভিডিঅ’টো উন্মোচন কৰে শিশু শিক্ষা সমিতি, অসমৰ যুটীয়া সম্পাদক জগন্নাথ ৰাজবংশীয়ে। উক্ত বৈঠকত উপস্থিত থাকে শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ। অনুষ্ঠানটোৰ আঁত ধৰে MyNEPৰ অসম প্ৰান্তৰ সংযোজক লালজী সোণাৰীয়ে। অনুষ্ঠানত ভিডিঅ’টো প্ৰস্তুতৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সঞ্জীৱ গগৈ, আৰ জে মেঘা আৰু সংবাদ প্ৰৱাহক ক শিশু শিক্ষা সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, অলপতে গৃহীত হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতি জনসমাজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে যোৱা ১১ ছেপ্তেম্বৰৰ পৰা ৰাষ্ট্ৰযোৰা সজাগতা অভিযান বিদ্যা ভাৰতীয়ে আৰম্ভ কৰিছে। এই নীতিৰ অন্তৰ্গত সংশোধনৰ পৰিসীমা, মাপকাঠি আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত বিস্তৃতভাৱে আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব। ২৫ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে অনলাইনযোগে সামাজিক মাধ্যম আৰু ৱেবচাইট (www.mynep.in)ৰ জৰিয়তে বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

My-NEP প্ৰতিযোগিতা মুঠ ১৩ টা ভাষাত আৰু ভাৰতকেন্দ্ৰিক, সমগ্ৰ শিক্ষা, জ্ঞান আধাৰিত আৰু গুণগত শিক্ষা এই চাৰিটা উপ বিষয়ত অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতাক তিনিটা শাখাত বিভাজিত কৰা হৈছে- নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এটা শাখা, স্নাতক পৰ্যায়ৰ বাবে দ্বিতীয় শাখা আৰু নাগৰিকসকলৰ বাবে তৃতীয়টো শাখা। প্ৰতিটো শাখাৰ বিজয়ী প্ৰতিযোগীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব।

আনহাতে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰতিযোগীয়ে লাভ কৰিব একোখনকৈ প্ৰমাণপত্ৰ। My-NEP প্ৰতিযোগিতাৰ অন্তৰ্গত হাতে অঁকা পেইন্টিং, মিম প্ৰস্তুতি, প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখা, ভাষণ প্ৰতিযোগিতা, ৰচনা লিখা প্ৰতিযোগিতা, চুটি ছবি (ফিল্ম) নিৰ্মাণ, ডিজিটেল ডিজাইনিং আৰু টুইটাৰ থ্ৰেড লিখন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই শ্ৰেণীৱদ্ধ প্ৰতিযোগিতাসমূহৰ বাহিৰেও ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন বিষয়ক সামৰি কুইজ প্ৰতিযোগিতাও অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰা হ’ব। বিজয়ী প্ৰতিযোগীসকলৰ নাম অহা ৫ অক্টোবৰ ২০২০ তাৰিখে ঘোষণা কৰা হ’ব বুলি জনাইছে আয়োজকসকলে।

You might also like