নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ মুস্কান কিয় চৰ্চাত…

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  তেজৰ সম্পৰ্কতকৈও গাঢ় হয় কিছুমান হৃদয়ৰ সম্পৰ্ক৷ তাকেই যেন প্ৰমাণ কৰিলে শিৱসাগৰৰ মুস্কান বেগমে৷ এজনী ইছলামধৰ্মী ছোৱালী হৈয়ো শ্মশানত এজন হিন্দু যুৱকক মুখা অগ্নি কৰে মুস্কানে৷

তেজৰ সম্পৰ্ক নথকা পিতৃমাতৃৰ মৰমৰ পৰা বঞ্চিত এজন হিন্দু যুৱকক ভাতৃ পাতি লৈছিল মুস্কানে৷ কিন্ত হঠাৎ আহিল সেই দুঃসংবাদটো৷ মুস্কানে পাতি লোৱা ভায়েকজনৰ মৃত্যু হয়৷ মূৰত সৰগ ভাগি পৰিল মুস্কানৰ৷ সদায় সুখেদুখে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া মুস্কানে অৱশেষত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে৷ শ্মশানত উপস্থিত হৈ মুস্কানে ভায়েকৰ মুখাগ্নি কৰি কথা ৰাখিলে৷

 ছ’চিয়েল মিডিয়াৰ যোগে নিজেই এই কথা জনাইছে মুস্কানে। আনহাতে মুস্কানৰ এই সাহসক শলাগিছে সকলোৱে।

You might also like