নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা ছনু ছুদৰ মহানুভৱতা; অসমৰ মহিলাৰ টিউমাৰৰ অস্ত্রোপচাৰৰ বাবে আৰ্থিক সহায়

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ বলীউডৰ অভিনেতা ছনু ছুদে অসমৰ ৪৬ বছৰীয়া মহিলা গুড্ডীৰ মস্তিষ্কৰ টিউমাৰৰ অস্ত্রোপচাৰ কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰি পুনৰ এবাৰ মহানুভৱতাৰ পৰিচয় দিছে।

ক’ৰোনা মহামাৰীৰ সময়তে গুড্ডীৰ স্বামীয়ে চাকৰি হেৰুৱাই একপ্ৰকাৰৰ জুৰুলা হৈ পৰাৰ ফলত তেওঁৰ অস্ত্রোপচাৰৰ খৰচ বহন কৰিব পৰা নাছিল।

এই অস্ত্রোপচাৰৰ ব্যয় ধৰা হৈছিল ২ ৰ পৰা ২.৫ লাখ টকা।

দম্পতীটোৱে অৱশেষত ছনু ছুদৰ সৈতে যোগাযোগ কৰে আৰু অভিনেতাগৰাকীয়েও তেওঁলোকক আর্থিক সহায়ৰ আশ্বাস দিয়ে।

ইপিনে যোৱা ৮ আগষ্টত ছনু ছুদে এক টুইটৰ জৰিয়তে দেশৰ চিকিৎসকসকলক অস্ত্রোপচাৰৰ বাবে স্পঞ্চৰ কৰাৰ আবেদন কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ছনুৰ এই টুইটৰ পাছতে আগবাঢ়ি আহে হাৰিয়ানাৰ কাৰ্ণালৰ নিউৰোছার্জন ডাঃ অশ্বানী কুমাৰ।

ইয়াৰ পাছতে ছনু ছুদে মহিলাগৰাকীক গুৱাহাটীৰ পৰা কর্নাললৈ যোৱাৰো ব্যৱস্থা কৰে।

পাছত ২৮ আগষ্টত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু ১ ছেপ্টেম্বৰত তেওঁ অস্ত্রোপচাৰ কৰা হয়।
উল্লেখ্য যে এই অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হৈ যায়। বৰ্তমান সুস্থ হৈ হাস্পতালতে আছে মহিলাগৰাকী। ইফালে বুধবাৰে তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব।

গুড্ডী আৰু তেওঁৰ স্বামীয়ে তেওঁলোকক সহায় কৰাৰ বাবে ডাঃ অশ্বানী কুমাৰ আৰু অভিনেতা ছনু ছুদক অশেষ ধন্যবাদ জনাইছে।

You might also like