নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্থডক্স চাহ উৎপাদকক দিয়া হ’ব ৰাজসাহায্যঃ বিত্তমন্ত্ৰী ড০ শৰ্মাৰ সংবাদমেলত ঘোষণা

নিয়মীয় বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ৰাজ্যৰ চাহ বাগানসমূহলৈ বৃহৎ ৰাজ সাহায্য ঘোষণা চৰকাৰৰ। আজি জনতা ভৱনত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এখন সংবাদমেলত এই কথা ঘোষণা কৰে।

বাণিজ্যিক ঋণ লোৱা বাগানসমূহে সূদৰ ৩ শতাংশ ৰাজ সাহায্য পোৱাৰ লগতে ৰপ্তানিৰ যোগ্য অৰ্থডক্স চাহ প্ৰস্তুতকৰ্তাসকলে পাব কেজিত ৭ টকাকৈ ৰাজ সাহায্য। আনহাতে অৰ্থডক্স চাহ উৎপাদকক মেচিন ক্ৰয় কৰাৰ ক্ষেত্ৰত মূলধনৰ ওপৰত ২৫ শতাংশ ৰাজসাহায্য দিয়া হব।

পূৰ্বতে অৰ্থডক্স চাহ উৎপাদন কৰা বাগানক টী বোৰ্ডে ১০০ কেজিৰ বিপৰীতে ৩০০ টকা আগবঢ়াইছিল আৰু এতিয়া এইবছৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে প্ৰতি কেজিত ৭ টকাকৈ সাহায্য আগবঢ়াব। টী বোৰ্ড আৰু অসম চৰকাৰৰ সাহায্য মিলি এই সাহায্যৰ পৰিমাণ হ’ব প্ৰতিকেজিত ১০ টকা।

অৰ্থডক্স চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমীয়া চাহক এটা বিশেষ স্তৰ দিয়াৰ সংকল্পৰে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে আছাম টী কৰ্পোৰেচনৰ অন্তৰ্গত সকলো চাহ বাগিচাতে দুৰ্গাপূজা উপলক্ষে ২০ শতাংশ বোনাছ প্ৰদানৰ কথা ঘোযণা কৰি মন্ত্ৰীগৰাকীয়ে আন চাহ বাগিচাৰ স্বত্বাধিকাৰীসকলকো এই বোনাচ প্ৰদানৰ বাবে আহ্বান জনায়।

You might also like