নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰলৈ পূজা দিবলৈ যোৱা ভক্তক ধর্মীয় সংখ্যালঘুৰ আক্রমণ

অযোধ্যাত ভূমি পূজনৰ দিনাই ঠেলামৰাত ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ   অযোধ্যাত বহু প্রতীক্ষিত ৰাম মন্দিৰৰ ভূমি পূজন–শিলান্যাস কৰাৰ দিনটোতে শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তর্গত গৰুডুবাত সংঘটিত হ’ল এক ভয়ংকৰ কাণ্ড৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি গৰুডুবাৰ সমীপৱর্তী ভৰা শিঙৰীৰ ছুটি পাহাৰস্থিত হৰ–গৌৰী মন্দিৰলৈ বাইক ৰেলী কৰি যোৱা বজৰং দলৰ কর্মী আৰু ভক্তক আক্রমণৰ লক্ষ্য কৰি লয় ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ একাংশ লোকে৷ অকল আক্রমণ কৰাই নহয়, দুষ্কৃতিকাৰীয়ে এখন টাটা মেজিক বাহন আৰু তিনিখনৰো অধিক বাইক জ্বলাই দিয়ে৷ জ্বলাই দিয়া বাহনখন আৰু বাইককেইখন বজৰং দলৰ কর্মীসকলে ব্যৱহাৰ কৰিছিল৷ তদুপৰি ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ দুষৃকতিকাৰীৰ আক্রমণত বজৰং দলৰ কমেও ১২জন সদস্য আহত হৈছে৷ আহতসকলক ইতিমধ্যে চিকিৎসাধীন কৰা হৈছে৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোতে বিৰাজ কৰিছে তীব্র উত্তেজনা৷ জানিব পৰা মতে, ৰাম মন্দিৰৰ ভূমি পূজন–শিলান্যাসৰ লগত সংগতি ৰাখি বজৰং দলৰ কর্মীসহ শতাধিক ভক্তই ছুটি পাহাৰস্থিত হৰ–গৌৰী মন্দিৰত পূজা দিবলৈ গৈছিল৷ কিন্তু বাইক ৰেলী কৰি যোৱা এই দলটোক ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ একাংশ দুষৃকতিকাৰীয়ে আগভেটি ধৰি বাধা প্রদান কৰে৷ ইয়াতে ক্ষান্ত নাথাকি দুষ্কৃতিকাৰীসকলে শ্রীৰামৰ জয়ধ্বনি দিয়াক লৈ প্রশ্ণ কৰে বজৰং দলৰ কর্মীসহ ভক্তৰ দলটোক৷ বিষয়টোক কেন্দ্র কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ উদ্ভৱ হয় আৰু দুষ্কৃতিকাৰীয়ে  আক্রমণত বজৰং দলৰ কমেও ১২জন কর্মী আহত হয়৷ এই ঘটনাৰ পাছতে দুয়োপক্ষই হাতে হাতে লাঠী, চোকা অস্ত্র লোৱাত অঞ্চলটোত উত্তেজনা বৃদ্ধি পায়৷ ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ এক বিশাল দল মোতায়েন কৰা হৈছে৷ তদুপৰি শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্র প্রতাপ সিং আৰু আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তকে ধৰি শীর্ষ বিষয়াবর্গ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুও৷ আটাইতকৈ ভয়াৱহ কথাটো হ’ল– পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা উপায়ুক্ত মানবেন্দ্র প্রতাপ সিঙৰ কনভয়ৰ ওপৰতো গৰুডুবাত একাংশ উন্মত্ত লোকে আক্রমণ চলায়৷ তদুপৰি ঢ়েকীয়াজুলি ৰাজহ চক্রৰ চক্র বিষয়া কমলজ্যোতি বৰাৰ গাড়ী ভাঙি চূচূর্মৈ কৰে৷
গৰুডুবাত শোণিতপুৰ উপায়ুক্তৰ কনভয়ত আক্রমণ
ঠেলামৰাৰ গৰুডুবাত আজি সংঘটিত সাম্প্রদায়িক সংঘর্ষ অতি দুর্ভাগ্যজনক৷ –বুধবাৰে গৰুডুবাৰ ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত সন্ধিয়া তেজপুৰলৈ উভতি আহি এইদৰে কয় শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে৷ মন কৰিবলগীয়া যে বিক্ষিপ্ত ঘটনাটো সন্দর্ভত তেজপুৰ ক’ট চাৰিআলিত সংবাদ মাধ্যমৰ আগত উপায়ুক্ত সিঙে কয় যে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন–শিলান্যাসৰ লগত সংগতি ৰাখি একাংশই ঠেলামৰাৰ সমীপৱর্তী ভৰা শিঙৰী অঞ্চলত ধর্মীয় কার্যসূচী ৰূপায়ণৰ বাবে যোৱাৰ সময়তে গৰুডুবাত দুই ধর্মাৱলম্বী লোকৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷ ইয়াতে দুয়োপক্ষৰ কেইবাখনো বাহনৰ ক্ষতিসাধন হোৱাত পৰিস্থিতিৰ অৱনতি ঘটে৷ জানিব পৰা মতে গৰুডুবাৰ এঘৰত আবদ্ধ হৈ থকা ৬জন লোকক আৰক্ষীৰ সহযোগত উপায়ুক্তৰ তৎপৰতাত উদ্ধাৰ কৰাৰ পাছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে৷ একাংশ উত্তেজিত লোকে লাঠী আৰু শিলাবর্ষণেৰে উপায়ুক্তৰ কনভয়ত আক্রমণ কৰে৷ ফলত উপায়ুক্তৰ বাহনখনৰ সন্মুখৰ আইনা ভগাৰ লগতে নিৰাপত্তা বাহিনীৰ বাহনৰ চালকজনো প্রহূত হয়৷ আনকি ঢ়েকীয়াজুলি ৰাজহ চক্র বিষয়া কমলজ্যোতি বৰাৰ গাড়ী ভাঙি চুর্চূমৈ কৰে৷ গৰুডুবাৰ দুয়োফালে দুই পক্ষৰ পাঁচ শতাধিক লোক সমৱেত হৈ সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আৰক্ষীয়ে শূন্যলৈ কেইবাজাঁই গুলীচালনা কবিলগীয়া হয়৷ আজিৰ এই ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে যদিও সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণাধীন৷ আজি সংঘটিত এই বিক্ষিপ্ত ঘটনা সন্দর্ভত আক্ষেপ প্রকাশ কৰি উপায়ুক্ত সিঙে সকলো পক্ষকে শান্তি–শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে এই সমগ্র ঘটনা পর্যবেক্ষণ কৰিছে অসম আৰক্ষীৰ উত্তৰ সংমণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শক প্রশান্ত কুমাৰ ভূঞাই৷ ইফালে, গৰুডুবা আৰু ভৰাশিঙৰী গাঁৱৰ সাম্প্রতিক আইন–শৃংখলাজনিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা উপায়ুক্তই এক নির্দেশযোগে ঠেলামৰা আৰু ঢ়েকীয়াজুলি আৰক্ষী থানা এলেকাত আজি নিশা ১০ বজাৰ পৰা বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে৷

You might also like