নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ হ’ল অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া; ৪ মাহ চলিব শাৰীৰিক–লিখিত পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ সুদীর্ঘ ৩ বছৰৰ প্রতীক্ষাৰ অন্তত অসম আৰক্ষীত আৰম্ভ হ’ল কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়া৷ তিনি বছৰ পূর্বেই অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে৷ তাৰ পাছত পদৰ সংখ্যা বৃদ্ধি কৰি পুনৰ দুবাৰকৈ বিজ্ঞাপন প্রকাশ কৰা হয়৷ বিজ্ঞাপন অনুসৰি আৰক্ষীত নিযুক্তি সম্পন্ন হ’বলগীয়া ৬,৬৬২টা কনিষ্টবল পদৰ বিপৰীতে আবেদন কৰে ৰাজ্যখনৰ মুঠ ৪.১৩ লাখ নিবনুৱাই৷ দীর্ঘদিন ধৰি লাখ লাখ নিবনুৱাই নিযুক্তি পৰীক্ষাৰ বাবে আশাৰে বাট চাই আছিল যদিও বিভিন্ন কাৰণত এই পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল৷

অৱশেষত কালিৰে পৰা কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাৰ বাবে প্রৱেশ–পত্রসমূহ মুকলি কৰি দিয়া হৈছে৷ প্রার্থীসকলে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ ৱেবছাইটৰ পৰা প্রৱেশ–পত্র ডাউনলোড কৰিব পাৰিব৷ উল্লেখ্য যে নিযুক্তি সম্পন্ন হ’বলগীয়া পদসমূহৰ ভিতৰত আছে ২,৩৯১টা নিৰস্ত্র আৰু ৪,২৭১টা সশস্ত্র কনিষ্টবলৰ পদ৷ আবেদনকাৰী মুঠ ৪.১৩ লাখ প্রার্থীৰ ভিতৰত প্রথম পর্যায়ত ২.৪০ লাখ প্রার্থীৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব৷ ক’ৰোনাজনিত পৰিস্থিতিৰ বাবে দুটা পর্যায়ত অনুষ্ঠিত হ’ব নিযুক্তি পৰীক্ষা৷

প্রথম পর্যায়ত ১৫খন জিলাৰ প্রার্থীসকলক শাৰীৰিক পৰীক্ষালৈ আমন্ত্রণ জনোৱা হ’ব৷ সেই অনুসৰি অহা ৮ ছেপ্ঢেম্বৰৰ পৰা এই জিলাকেইখনৰ কনিষ্টবল পদৰ প্রার্থীসকলৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷

অৱশ্যে তাৰ পূর্বেই কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্রাম্য) জিলাত নিযুক্তি পৰীক্ষা আৰম্ভ হ’ব৷ অহা ২৪ আগষ্টৰ পৰা জিলা দুখনৰ ১০০জনকৈ প্রার্থীক শাৰীৰিক পৰীক্ষালৈ আমন্ত্রণ জনোৱা হ’ব৷ ক’ৰোনা পৰিস্থিতিত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ এই সিদ্ধান্ত লৈছে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে৷ ১৫খন জিলাৰ যাৱতীয় পৰীক্ষা সম্পন্ন হোৱাৰ পাছত অৱশিষ্ট জিলাকেইখনৰ প্রার্থীসকলৰ বাবে প্রৱেশ–পত্রসমূহ মোকলাই দিয়া হ’ব৷ অহা নৱেম্বৰ মাহৰ ভিতৰত সমগ্র শাৰীৰিক আৰু লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে জানিবলৈ দিয়ে৷ তেওঁ কয় যে শাৰীৰিক পৰীক্ষা সম্পূর্ণ স্বচ্ছ হ’ব৷ দৌৰত অংশ লোৱা প্রার্থীসকলৰ শৰীৰত সংলগ্ণ হ’ব আৰ এফ আই ডি শ্বিপ৷ ইয়াৰ জৰিয়তে পৰীক্ষাত অৱতীর্ণ হোৱাৰ পাছতে প্রার্থীসকলে নির্দিষ্ট দূৰত্ব অতিক্রম কৰাৰ সময় আৰু ইয়াৰ বিপৰীতে লাভ কৰা নম্বৰ জানিব পাৰিব৷

You might also like