নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ আগষ্ট, শাওণ মাহৰ ৩০ তাৰিখ

মেষঃ শুভ ৰং নীলা, সংখ্যা ৩, সুখ সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ কু–গ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷ প্রতিকাৰ–পুৱা গা ধুই তিতা গাৰে তুলশীৰ গুৰিত পানী ঢ়ালি লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব৷
বৃষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৫, আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব৷ হাতৰ পৰা বস্তু হেৰাব পাৰে৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷
মিথুনঃ শুভ ৰং বগা, সংখ্যা ৬, এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ ভুলে ক্ষতি কৰিব৷ শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব৷ প্রতিকাৰ– ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুৱাওক৷
কর্কটঃ শুভ ৰং ৰঙা, সংখ্যা ৮, বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ আর্থিক অনাটন দূৰ হ’ব৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ প্রতিকাৰ – শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ–পার্ৱতিক আৰাধনা কৰিব৷
সিংহঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩, যান–বাহন দুর্ঘটনা পতিত হ’ব পাৰে৷ শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ– এটা পাত্রত পানী লৈ সূর্যলৈ চাই জল অর্পণ কৰিব৷
কন্যাঃ শুভ ৰং কমলা, সংখ্যা ৫, কর্ম স্থান পৰিৱর্তন হ’ব পাৰে৷ পাৰিবাৰিক কন্দল হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– অগৰু চন্দন মিহলাই গোটেই ঘৰতে চতিয়াব৷
তুলাঃ শুভ ৰং হালধীয়া, সংখ্যা ২, সাহিত্য চর্চা কৰা সকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ যুটীয়া ব্যৱসায়ত হাত নিদিব৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– দোৰোণ ফুল পাঁচটা পানীৰে পূর্ণ পাত্রত লৈ সূর্যলৈ চাই অর্পণ কৰিব৷
বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ৭, সংযম ৰাখি কথা পাতিব৷ হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব৷ আনে লোৱা টকা ঘূৰাই পাব৷ প্রতিকাৰ – তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷
ধনুঃ শুভ ৰং সেউজীয়া, সংখ্যা ৪, ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ মূৰত আঘাত পাব পাৰে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ – হনুমান মন্দিৰত ফলমূল দি হনুমান চালিচা পাঠ কৰিব৷
মকৰঃ শুৰ ৰং আকাশী নীলা, সংখ্যা ১, চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্ত হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷ প্রতিকাৰ– লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব৷
কুম্ভঃ শুভ ৰং হালধীয়া, সংখ্যা ৪, অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷ প্রতিকাৰ – ঘৰৰ পৰা ওলাই যাওঁতে সূর্যক প্রণাম কৰি ওলাব৷ লগত এটা বেলপাত ৰাখিব৷
মীনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ২, হাতলৈ টকা আহিব কিন্তু জমা ৰাখিব নোৱাৰে৷ মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে৷ কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷ প্রতিকাৰ– ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্রূষা কৰিব৷ পাৰিলে এটা মিঠা ফল খুৱাব৷

You might also like