নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমান ৰাষ্ট্ৰৰ সন্মুখত দুটি-সন্তান নীতি বলবৎ কৰাৰ বাহিৰে আন উপায় নাইঃ জনসংখ্যা ফাউণ্ডেশ্যন

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ “জনসংখ্যা সমাধান ফাউণ্ডেশ্যন”ৰ স্থাপনা ২০১৭ চনত কৰা হৈছিল। ইয়াৰ উদ্দেশ্য, আন দাবীৰ লগতে, সকলোৰে বাবে দুটি-সন্তান নীতি নিৰ্ধাৰণ কৰা এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা আৰু আন্দোলন গঢ়ি তোলা। ভাৰতবৰ্ষ আগন্তুক এটা দশকৰ ভিতৰতে চীনক অতিক্ৰমী বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’বলৈ গৈ আছে। ক্ৰমহ্ৰাসমান সম্পদ আৰু কভিড-১৯ মহামাৰীয়ে কঢ়িয়াই অনা বৈশ্বিক আৰ্থিক মন্দাৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ভীমকায় বোজাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭ কোটি জনতাৰ দায়িত্ব লোৱাই ৰাষ্ট্ৰৰ বাবে সমস্যা হৈ দেখা দিছে। জনসংখ্যা বিস্ফোৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ, অত্যাধুনিক সেনাবাহিনী, বৈশ্বিক প্ৰতিযোগী কুশল কৰ্মশক্তি, আধুনিক আৰু সৰ্বস্পৰ্শী স্বাস্থ্যসেৱাৰ বাব আৱশ্যকীয় সম্পদৰ ওপৰত অত্যধিক চাপ পৰিছে। এই বৰ্ধিত জনসংখ্যাই ৰাষ্ট্ৰনিৰ্মাণ কাৰ্যৰ বাবে আয়ৰ স্ৰোত হোৱাৰ সলনী দেশৰ বহু অংশত সামাজিক অস্থিৰতাৰ কাৰণ হৈ ক্ষয়ৰোগৰ সৃষ্টি কৰিছে। সামাজিক ত্ৰুটিৰেখাসমূহত হেঁচা পৰিছে, ফলত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহে অস্থিৰতাৰ সৃষ্টি কৰিবলৈ প্ৰভূত সুযোগ লাভ কৰিছে।
ফাউণ্ডেশ্যনে বিশ্বাস কৰে যে বৰ্তমান ৰাষ্ট্ৰৰ সন্মুখত কঠোৰ দুটি-সন্তান নীতি বলবৎ কৰাৰ বাহিৰে আন উপায় নাই। যোৱা ১১ জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে দেশৰ ১৬২ খন জিলাৰ পৰা জিলা অধিকাৰীৰ জৰীয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। এই সম্পৰ্কত দেশৰ ৫১ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰও মাননীয় প্ৰধান মন্ত্ৰীলৈ যোৱা ১৭ জুলাই তাৰিখে প্ৰেৰণ কৰা হয়। কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বাধ্যবাধকতাৰ বাবে বহু জিলাৰ পৰা স্মাৰক প্ৰেৰণ কৰা সম্ভৱ নহ’ল। আজি, ১০ আগষ্ট ২০২০ তাৰিখে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অসম শাখাই মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, শ্ৰী গিৰিৰাজ সিং (কেন্দ্ৰীয় মন্ত্ৰী, মৎস্য, পশু আৰু দুগ্ধউৎপাদন বিভাগ), শ্ৰী জে পি নড্ডা (অধ্যক্ষ, ভাৰতীয় জনতা পাৰ্টি) আৰু মাননীয় আইন মন্ত্ৰীলৈ সংসদৰ আগন্তক অধিৱেশনতে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন উত্থাপন কৰি বলবৎ কৰাৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰি অসমতো ফাউণ্ডেশ্যনৰ কাৰ্যৰ শুভাৰম্ভ কৰিছে। উত্তৰ-পূব ভাৰতৰ ৰাইজৰ হৈ বৰলুইতৰ পাৰৰ মেঘদূত ভৱনৰ পৰা দিল্লীলৈ এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো — যি লাচিতে এদিন বিশাল মোগল সেনাক পৰাস্ত কৰিছিল, কেৱল জনসংখ্যা বৃদ্ধিৰ দ্বাৰাই লাচিতৰ দেশত আজি তেওঁলোক সৰ্বেসৰ্বা হ’বলৈ ওলাইছে। আমি আশা কৰোঁ অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দেশবাসীক আস্বস্ত কৰিব।
আগন্তুক দিনত ফাউণ্ডেশ্যনে এই আইনৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰি বিভিন্ন চেমিনাৰ, ৰাজহুৱা অনুষ্ঠান আৰু সজাগতা অভিযান কৰিব।

You might also like