নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ আগষ্টৰ পৰা UNLOCK-4.0, কি কি নতুন নিৰ্দেশনা?

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ ৰাজ্যত আনলক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য কৰি অসম চৰকাৰে ২ আগষ্টত জাৰি কৰিছিল আনলক-৩.০ৰ গাইড লাইন। অহা ১৪ আগষ্টৰ সন্ধিয়া ৭বজালৈ অসমত এই নিৰ্দেশাৱলী কাৰ্যকৰী কৰি হৈ থাকিব। ইয়াৰ পাছতে আজি জাৰি কৰা হ’ল আনলক-৪.০ৰ নীতি নিৰ্দেশনা। সোমবাৰৰ পৰা অৰ্থাত ১৬ আগষ্টৰ পৰা পুৱা ৫বজাৰ পৰা ৯ বজালৈ খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান। ঠিক সেইদৰে আন্তঃজিলা যাতায়াত সোমবাৰ আৰু মঙলবাৰৰ বিপৰীতে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব। সন্ধ্যা ৯.৩০ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন।

আনহাতে বন্ধ থাকিব চিনেমা হল, ছুইমিং পুল, প্ৰেক্ষাগৃহ, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।

You might also like