নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিৰ ১৫ সমষ্টিত প্রার্থী সলনিৰ সম্ভাৱনা বিজেপিৰ

নতুন দলৰ কুচকাৱাজৰ বিপৰীতে শাসকীয় দলৰ তৎপৰতা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   ২০২১ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰিয়ে আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত নতুন দলক লৈ চলি থকা ব্যাপক ৰাজনৈতিক চর্চাৰ মাজতে একাংশ যুৱ নেতাই ভিৰ কৰিছে শাসকীয় বিজেপিত৷ আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতাৰ লক্ষ্যৰে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰা এই যুৱ নেতাসকলক লৈয়ে উজনি অসমত আৰম্ভ হৈছে ব্যাপক ৰাজনৈতিক তৎপৰতা৷ বিজেপিৰ একাংশ বিধায়কৰ সমষ্টিত এইবাৰ প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ শেহতীয়াকৈ দলটোৰ এইসকল যুৱ নেতাই আৰম্ভ কৰা কাম–কাজে শাসকীয় দলটোৰ ভিতৰচ’ৰাতো সৃষ্টি কৰিছে তুমুল চর্চাৰ৷ উল্লেখ্য যে বিজেপিয়ে এইবাৰ উজনি অসমৰ ১৫খন আসনত নতুন মুখৰ প্রার্থী প্রক্ষেপৰ ইংগিত দিছে৷ কেইবাজনো বিধায়কৰ নিষ্ক্রিয়তাৰ সমান্তৰালকৈ উত্থাপিত দুর্নীতি–কেলেংকাৰিৰ অভিযোগৰ বাবে উজনি অসমৰ ৭খন জিলাত এইবাৰ গেৰুৱা দলটোৱে নতুন মুখৰ প্রার্থী প্রক্ষেপৰ বাবে ইতিমধ্যে সমষ্টিভিত্তিক সমীক্ষা আৰম্ভ কৰিছে৷ মুখ্যতঃ ইয়াকে লৈ তৎপৰ হৈ পৰিছে দলটোৰ কেইবাজনো যুৱ নেতা৷ এইক্ষেত্রত সর্বাধিক চর্চা চলিছে শিৱসাগৰ আৰু ডিব্রুগড় জিলাত৷ শিৱসাগৰ সমষ্টিত এইবাৰ প্রতিদ্বন্দ্বিতাৰ বাবে বিশেষভাৱে তৎপৰ হৈছে বিতোপন ৰাইদঙীয়া, ভবেন নাথ মহন, বিজিত গগৈ, অপৰাজিতা ভূঞা আৰু সুৰভি ৰাজকুঁৱৰীয়ে৷ আনহাতে ডিব্রুগড়ত এইবাৰ প্রার্থী হোৱাৰ সম্ভাৱনা আছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ ডিব্রুগড়ৰ বর্তমানৰ বিধায়ক প্রশান্ত ফুকনক আঁতৰাই মুখ্যমন্ত্রী সোণোৱালে প্রার্থিত্ব আগবঢ়ালে মাজুলীত টিকটৰ দাবীদাৰ হ’ব ভুবন গাম আৰু হেমচন্দ্র দলে৷ সোণাৰিত এইবাৰ প্রার্থিত্বৰ দাবীদাৰ হৈছে মুখ্যমন্ত্রীৰ ঘনিষ্ঠৰূপে পৰিচিত ৰঞ্জিত বৰুৱা, অনুপ সিং ৰাজপুৰোহিত আৰু কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া৷ ইফালে, নাহৰকটীয়া সমষ্টিটো এইবাৰ অগপৰ পৰা আনি বিজেপিয়ে প্রার্থিত্ব প্রদানৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত সমষ্টিটোত প্রার্থিত্বৰ দাবীদাৰ হ’ব ড০ হিমন্ত বিশ্ব শর্মাৰ ঘনিষ্ঠ তৰংগ গগৈ৷ একেদৰে সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিবলৈ তৎপৰতা চলাই আছে বিকুল ডেকাই৷ মার্ঘেৰিটা সমষ্টিত বর্তমানৰ বিধায়ক ভাস্কৰ শর্মাৰ বিৰুদ্ধে ছিণ্ডিকেটৰ একাধিক অভিযোগ উত্থাপিত হোৱা বাবে এইবাৰ প্রার্থিত্বক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ হেতুকে সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰাৰ প্রস্তুতি চলাইছে যুৱ নেতা লক্ষ্য কোঁৱৰ আৰু জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটাই৷ মৰাণ সমষ্টিত বর্তমানৰ বিধায়ক চক্র গগৈৰ নিষ্ক্রিয়তাৰ বাবে এইবাৰ সমষ্টিটোত নতুন মুখৰ আৱির্ভাৱ হোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত সমষ্টিটোত প্রার্থিত্ব লাভ কৰিব পাৰে দলৰ মুখপাত্র সুভাষ দত্ত অথবা অচ্যুত ফুকনে৷ সমষ্টিটোৰ আন এক দাবীদাৰ হ’ল অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই৷ তিনিচুকীয়া সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ তৎপৰতা চলাই আছে দলৰ উপ–সভাপতি পুলক গোহাঁয়ে৷ গোহাঁইৰ প্রার্থিত্ব ইতিমধ্যে নিশ্চিত বুলি জানিব পৰা গৈছে৷ যাৰ বাবে তিনিচুকীয়াৰ বর্তমানৰ বিধায়ক তথা মন্ত্রী সঞ্জয় কিষাণক ডুমডুমাৰ পৰা প্রার্থিত্ব দিয়াৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে এইবাৰ বিজেপিয়ে মিত্রদল অগপৰ পৰা কেইবাটাও সমষ্টি হাতলৈ অনাৰ বিপৰীতে আঞ্চলিক দলটোক আন ভালেকেইটা সমষ্টি এৰি দিয়াৰ সম্ভাৱনাক লৈও চর্চা অব্যাহত আছে৷ এনে অৱস্থাত মঙলদৈ, হাজো, পলাশবাৰী, বিহপুৰীয়া, চাবুৱা আৰু বিশ্বনাথ সমষ্টি অগপক এৰি দিয়াৰ বিপৰীতে অগপৰ দখলত থকা পাটাছাৰকুছি, কমলপুৰ, তেজপুৰ, লখিমপুৰ, নাহৰকটীয়া আৰু পশ্চিম গুৱাহাটী সমষ্টিত বিজেপিয়ে প্রার্থিত্ব দিয়াৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যিক বিজেপিয়ে নিজাববীয়াকৈ বিধায়কৰ পাৰদর্শিতাৰ ওপৰত এক সমীক্ষা চলাইছিল৷ এই সমীক্ষাৰ দ্বাৰা ১২৬টা সমষ্টিত বিধায়কৰ ৰিপ’ট কার্ড প্রস্তুত কৰিছে শাসকীয় দলটোৱে৷ দলীয় সূত্রই প্রকাশ কৰা মতে, এই ৰিপ’ট কার্ডৰ ভিত্তিতে মৰাণ, বিহপুৰীয়া, বিশ্বনাথ, ৰহা, হাজো, লামডিং, মার্ঘেৰিটা সমষ্টিত শাসকীয় দলটোৰ স্থিতি যথেষ্ট দুর্বল বুলি চিহ্ণিত হৈছে৷ যাৰ বাবে এই সমষ্টিকেইটাত নতুন মুখ প্রক্ষেপৰ যো–জা চলিছে৷ একে সময়তে যিবোৰ সমষ্টিত বিজেপিৰ বিধায়কৰ দুর্বল স্থিতি স্পষ্ট হৈছে, সেই সমষ্টিসমূহ মিত্রজোঁট অগপক এৰি দিয়াৰো চর্চা চলিছে৷ এনে প্রেক্ষাপটতে এইবাৰ দলটোৰ কেইবাজনো যুৱ নেতাই প্রার্থিত্বৰ দাবীৰে দলত তৎপৰ হৈ পৰাই নহয়, ইতিমধ্যে সমষ্টিত নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে৷ উজনি অসমেই নহয়, কামৰূপ আৰু নামনি অসমতো আন একাংশ যুৱ নেতাই প্রার্থিত্বৰ দাবীৰে কাম–কাজ আৰম্ভ কৰিছে৷ বিশেষকৈ পাটাছাৰকুছি, কমলপুৰ, তেজপুৰ, বঢ়মপুৰ আৰু লখিমপুৰত এইবাৰ প্রার্থী হোৱাৰ লক্ষ্যৰে কেইবাজনো যুৱ নেতাই নিজৰ দাবী উত্থাপন কৰিছে৷ এইসকলৰ ভিতৰত আছে দলৰ মুখপাত্র মনোজ বৰুৱা, ঋতুবৰণ শর্মা, জগদীশ দত্ত৷ আনকি প্রাক্তন সাংসদ ৰমেন ডেকায়ো প্রার্থিত্বৰ দাবীদাৰ হৈ পৰিছে৷ পাটাছাৰকুছিত এইবাৰ প্রার্থিত্বৰ দাবী তুলিছে দলটোৰ অন্যতম নেতা ফণী পাঠক আৰু জয়ন্ত মল্ল বৰুৱাই৷ সেইদৰে কমলপুৰত দিগন্ত কলিতা, তেজপুৰত ঋতুবৰণ শর্মা, হিৰণ্য ভূঞা আৰু অমিতাভ শইকীয়াই৷ ইফালে বঢ়মপুৰত প্রতিদ্বন্দ্বিতাৰ বাবে মন মেলিছে অভিজিৎ নাথ আৰু বিভূতি ভূষণ বৰঠাকুৰে৷ লখিমপুৰৰ প্রার্থিত্বৰ দাবীদাৰ মানৱ ডেকা৷ আনহাতে পশ্চিম গুৱাহাটী সমষ্টিত এইবাৰ বিজেপিয়ে প্রার্থিত্ব দিলে সমষ্টিটোৰ মূল দাবীদাৰ হৈছে দলৰ সংবাদ কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল৷ অৱশ্যে সমষ্টিটোত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়েও প্রতিদ্বন্দ্বিতা কৰাৰ বাবে কুচকাৱাজ চলাই আছে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বাবে সমষ্টি সলাবলৈ বিশেষ চেষ্টা চলোৱা বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ স্থানত প্রার্থিত্বৰ দাবীদাৰ হৈছে ৰোহিণী বৰা আৰু মুকুট দেৱনাথ৷ আঙুৰলতা ডেকাৰ স্বামী আকাশদীপ সমষ্টিটোৰ অন্যতম দাবীদাৰ৷ ৰহা সমষ্টিত এইবাৰ প্রতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে যুৱ নেতা সঞ্জীৱ হাজৰিকা, লামডিঙত শিবু মিশ্রৰ পৰিৱর্তে দাবীদাৰ আৰ এছ এছ নেতা শ্যামল ৰক্ষিত আৰু হোজাই সমষ্টিৰ দাবীদাৰ ৰামকৃষ্ণ ঘোষ৷ বিজেপিৰ দখলত থকা ৰঙাপৰা সমষ্টিত এইবাৰ টিকটৰ দাবীদাৰ হৈছে জিতেন বৰঠাকুৰ, জিতু কিষাণ, বাতাছ ওৰাং, তিতাবৰত প্রার্থিত্বৰ দাবীদাৰ হেমন্ত কলিতা আৰু কুমুদ চন্দ্র কছাৰী৷ সৰুপথাৰ সমষ্টিৰ বর্তমানৰ কংগ্রেছী বিধায়িকা ৰ’জলীনা তির্কীয়ে বিজেপিত যোগদানৰ সম্ভাৱনা আছে৷ যদি তির্কীয়ে বিজেপিত যোগদান কৰে, তেনেহ’লে সমষ্টিটোত তেৱেঁই হ’ব বিজেপিৰ প্রার্থী৷ ৰ’জলীনা তির্কী বিজেপিলৈ নাহিলে সৰুপথাৰত বিজেপিৰ দাবীদাৰ অমিয় কুমাৰ বৰা, বিশ্বজিৎ ফুকন আৰু ৰাজীৱ শইকীয়া৷ নাজিৰাত এইবাৰ বিজেপিৰ প্রার্থী হ’বলৈ তৎপৰতা চলাইছে প্রহ্লাদ গোৱালা আৰু প্রবীণ কোঁৱৰে৷ একেদৰে নাওবৈচা সমষ্টিৰ যুৱ নেতা গোবিন শইকীয়া প্রার্থিত্বৰ মুখ্য দাবীদাৰ৷ উল্লেখ্য যে প্রার্থিত্বক লৈ চলি থকা এনে কুচকাৱাজ তথা তৎপৰতাৰ বিপৰীতে কিন্তু দলে জানুৱাৰীৰ পূর্বে কোনো নেতাকে প্রার্থিত্বৰ দাবী উত্থাপন নকৰিবলৈ স্পষ্ট কৰি দিছে৷ আনকি শেহতীয়াকৈ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে অসম ভ্রমণ কৰি ঘোষণা কৰি গৈছে যে সাংগঠনিক কাম–কাজক একাষৰীয়া কৰি কোনো নেতা–কর্মীয়ে প্রার্থিত্বৰ বাবে দাবী কৰিব নোৱাৰিব৷ আনকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ডিচেম্বৰ মাহৰ পিছতহে প্রার্থিত্বৰ বাবে আবেদন কৰিব পাৰিব বুলি শেহতীয়াকৈ ঘোষণা কৰিছিল৷ কিন্তু এনে ঘোষণাৰ পিছতো দলৰ ভিতৰচ’ৰাত প্রার্থিত্বৰ দাবীৰে ব্যাপকভাৱে তৎপৰ হৈ পৰিছে বহুসংখ্যক যুৱ নেতা৷ আছু– জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে জন্ম দিয়া নতুন আঞ্চলিক দলৰ পৰা একাংশ জাতীয়তাবাদী নেতাই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে আৰম্ভ কৰা প্রচেষ্টাৰ সময়তে বিজেপিৰ প্রার্থিত্বৰে অহা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে দলৰ যুৱ নেতাসকলে আৰম্ভ কৰা তৎপৰতাক লৈও দলটোৰ ভিতৰত চর্চা চলিছে৷ মুখ্যতঃ নতুন দলক প্রত্যাহ্বান জনাবলৈ এইবাৰ বিজেপিয়ে দলৰ যুৱ নেতাক অধিক প্রাধান্য দিয়াৰো সম্ভাৱনা প্রবল৷

You might also like