নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা সেনা নিয়োগ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ  এক ঐতিহাসিক গৌৰৱৰ অংশীদাৰ হ’ল অসম ৰাইফলছ। কিয়নো প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই সীমান্তত নিযুক্ত কৰিছে মহিলা সৈনিক আৰু সেয়া হৈছে অসম ৰাইফলছৰ মহিলা সৈনিক।

উত্তৰ কাশ্মীৰস্থত ভাৰত-পাক সীমান্তৰ কূপৱাৰাত এই সৈনিকসকলক নিযুক্ত কৰা হৈছে। বৰ্তমান অসম ৰাইফলছৰ মহিলা সৈনিকসকলে এল অ’ চিলৈ অহা-যোৱা কৰা ঠাইবোৰত চোকা নজৰ ৰখাৰ উপৰি শত্ৰু সকলো প্ৰচেষ্টা বিফল কৰাৰ দিশত ব্ৰতী হৈ আছে।

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ দৰে দুৰ্গম অঞ্চলত এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ মহিলাই পহৰা দিয়া দেখা গৈছে। অৱশ্যে অৰ্ধসামৰিক বাহিনীৰ মহিলা জোৱান বিগত দুই দশক ধৰি এনেধৰণৰ অঞ্চলবোৰত নিযুক্ত কৰা হৈছিল।

সেনা সূত্ৰ অনুসৰি, সীমান্ত অঞ্চলত নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহত মহিলাসকলক ব্যৱহাৰ কৰে, তেনেস্থলত মহিলা সেনাৰ দ্বাৰা তালাচী চলোৱাত সুবিধা হোৱাৰ লগতে এনে নিষিদ্ধ সৰবৰাহৰ ক্ষেত্ৰত দৃঢ় স্থিতি ল’ব পৰা যাব।

উল্লেখ্য সীমান্তত নিযুক্ত অসম ৰাইফলছৰ মহিলা সেনাই টহলদাৰী কৰা ভিডিঅ’ বা ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে বহুল প্ৰচাৰ হোৱাও দেখা গৈছে।

You might also like