নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানবিধ্বস্ত খেতিপথাৰত শূঁৰ–চৰহা পোকৰ উপদ্রৱ, মূৰে–কপালে হাত কৃষকৰ

খেতিয়কৰ হাহাকাৰঃ মন্ত্রী অতুল বৰা ব্যস্ত দলীয় ৰাজনীতিত

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  চলিত বর্ষত কেইবাটাও প্রলয়ংকৰী বানে বিধ্বস্ত কৰা খেতি পথাৰত এইবাৰ শূঁৰ আৰু চৰহা পোকে চলোৱা উপদ্রৱত ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে কৃষকে৷ উজনিৰ পৰা নামনিলৈ বিভিন্ন স্থানত শ শ বিঘা কৃষিভূমিত শূঁৰ আৰু চৰহা পোকে কৰা আক্রমণত নষ্ট হৈছে ধান৷ বানপানীৰ পাছত কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে পুনৰ ধানখেতি কৰিছিল খেতিয়কে৷ লহপহকৈ বাঢ়ি অহা খেতিপথাৰত শূঁৰ আৰু চৰহা পোকে কৰা ভয়াৱহ আক্রমণত বিঘা বিঘা ভূমিৰ ধান নষ্ট হোৱাৰ উপক্রম হোৱাত মূৰে–কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকল৷ ইয়াৰ বিপৰীতে শূঁৰ আৰু চৰহা পোকৰ উপদ্রৱ নিয়ন্ত্রণ কৰিবলৈ এতিয়াও ব্যৱস্থা গ্রহণ কৰা নাই কৃষি বিভাগে৷ বিভাগীয় মন্ত্রী অতুল বৰা দলীয় ৰাজনীতিত ব্যস্ত হৈ থকাৰ সময়ত কৃষকসকলক বিপদত পেলোৱা শূঁৰ আৰু চৰহা পোকৰ উপদ্রৱ ৰোধ কৰিবলৈ কোনো সু–পৰিকল্পিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই বিয়াগোম বিভাগটোৱে৷ বিষয়া–কর্মচাৰীৰে গিজগিজাই থকা কৃষি বিভাগে আহৰি পোৱা নাই ক্ষতিগ্রস্ত কৃষকসকলৰ খবৰ ল’বলৈ৷ যাৰ পৰিপ্রেক্ষিতত একাংশ খেতিয়কে ভৰসা কৰিছে ভগৱানৰ ওপৰত৷ কাজিৰঙাত মন্ত্রীৰ উদাসীনতাত উপায়হীন হৈ পৰা খেতিয়কে কৃষিপথাৰত নাম–প্রসংগ কৰি নেদেখাজনৰ ওচৰত শূঁৰ পোকৰ উপদ্রৱ নাইকিয়া কৰাৰ প্রার্থনা জনাইছে৷ ইয়াৰ উপৰি ৰাজ্যৰ ভিন্ন প্রান্তত কৃষকসকলে শূঁৰ আৰু চৰহা পোকৰ আক্রমণ প্রতিহত কৰিবলৈ নিজাববীয়াকৈ গ্রহণ কৰিছে উদ্যোগ৷ বহু কৃষকে বজাৰৰ পৰা কীটনাশক ঔষধ কিনি আনি খেতিপথাৰত ছটিওৱাৰ ব্যৱস্থা কৰাৰ লগতে প্রাকৃতিকভাৱে শূঁৰ আৰু চৰহা পোক নাশ কৰিবলৈ লৈছে পদক্ষেপ৷ একাংশ স্থানত কৃষি বিভাগৰ কোনো কোনো বিষয়া উপস্থিত হৈছে যদিও কেৱল পৰামর্শ দিয়েই সামৰিছে দায়িত্ব৷ যাৰ বাবে উপায়হীন হৈ পৰিছে ৰাজ্যৰ কৃষক জনতা৷ বহু স্থানত বাঢ়নী পানীয়ে কৃষিপথাৰ সমূলঞ্চে নষ্ট কৰাৰ পাছত অত্যধিক দৰত কঠীয়া ক্রয় কৰি আনি খেতি কৰিছিল কৃষকসকলে৷ ক’ভিডৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ মাজত পৰিয়ালটোক পোহপাল দিয়াৰ শেষ ভৰসা হিচাপে কৃষকসকলে কৰা খেতিও নষ্ট হোৱাৰ উপক্রম ঘটাত মূৰ–কপালে হাত দিবলগীয়া হৈছে৷ স্বাভাৱিকতেই প্রশ্ণ হৈছে কেতিয়া সাৰ পাব বিয়াগোম কৃষি বিভাগে৷ প্রাপ্ত তথ্য অনুসৰি গোলাঘাট জিলাত শূঁৰ পোকৰ উপদ্রৱত ক্ষতিগ্রস্ত হৈছে ৫০০ বিঘাৰ শস্যভূমি৷ গোলাঘাটৰ দৰিয়াজানৰ এলেংদৰা পথাৰত ২০০ বিঘা, ৰহধলা পথাৰত ১০০ বিঘা, বোকাখাতত ২০০ বিঘা কৃষিভূমিত শূঁৰ পোকৰ উপদ্রৱ পৰিলক্ষিত হৈছে৷
ডিমৌত চৰহা পোকৰ উপদ্রৱ
ডিমৌ ৰাজহ চক্রৰ অন্তর্গত নিতাইপুখুৰী, পানীদিহিং আৰু থাওৰা মৌজাৰ শ শ বিঘা কৃষিভূমিত উপদ্রৱ কৰিছে চৰহা পোকে৷ তিনিটা মৌজাৰ শ শ কৃষিপথাৰত চৰহা পোকৰ আক্রমণৰ বাবে বগা পৰি জ্বলি গৈছে ধানৰ খেতি৷ ডিমৌ কৃষি বিভাগৰ কার্যালয়ৰ পৰা নিতাইপুখুৰী মৌজত কৃষি বিষয়াসকল উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে যদিও আন মৌজাসমূহৰ কৃষিপথাৰত আজিলৈ উপস্থিত হোৱা নাই কোনো বিষয়া–কর্মচাৰী৷ ফলত নিজৰ গাঁঠিৰ ধন ভাঙি কৃষকসকলে ঔষধ ছটিওৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে৷
বোকাজানত শ শ বিঘা কৃষিভূমি বিনষ্ট
প্রলয়ংকৰী বানে বিনষ্ট কৰা খেতিপথাৰত শূঁৰ পোকে কৰা আক্রমণত দিশহাৰা হৈ পৰিছে বোকাজানৰ খেতিয়কসকল৷ বোকাজান মহকুমাৰ অন্তর্গত ৰাঞ্চীগাঁও, বাঘজান, মাজগাঁও, নেপেৰপট্টিকে ধৰি বহু অঞ্চলত শূঁৰ পোকৰ উপদ্রৱত শ শ বিঘা কৃষিভূমি নষ্ট হৈছে৷ অঞ্চলটোৰ প্রায় ৬০ৰ পৰা ৭০ হেক্টৰ ভূমিত শূঁৰ পোকে ধান কুটি নষ্ট কৰাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে স্থানীয় খেতিয়কসকল৷ কিছুদিন পূর্বে হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীৰ সৈতে উটি অহা শূঁৰ পোকৰ জাকে নিশাৰ ভাগতে বহু হেক্টৰ কৃষিভূমি একপ্রকাৰ নষ্ট কৰি পেলায়৷ স্থানীয় কৃষকসকলে নিজেই বিভিন্ন কীটনাশক ঔষধ পথাৰত ছটিয়াইছে যদিও সুফল পোৱা নাই বুলি জানিব পৰা গৈছে৷ দুগৰাকী কৃষি বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ খেতিয়কসকলক কেৰাচিন, মালাথিয়ানডাছ, ছেভেনডাছ আদি ছটিয়াবলৈ পৰামর্শ দিছে৷ শীঘ্রে কৃষি বিভাগৰ পৰা কীটনাশক ঔষধ বিতৰণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰিয়েই দায়িত্ব সামৰিলে বিষয়াকেইজনে৷
চৰাইদেউ জিলাত শূঁৰ পোকৰ সন্ত্রাস
চৰাইদেউ জিলাৰ বৃহত্তৰ অঞ্চলৰ কৃষিভূমি শূঁৰ পোকে উপদ্রৱ চলোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষকসকল৷ জিলাখনৰ কৃষি বিভাগৰ ফালৰ পৰা কোনোধৰণৰ সহযোগিতা লাভ নকৰাত উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল৷ নিজাববীয়াকৈ কীটনাশক দৰব, স্প্রে মেচিন আদি ক্রয় কৰি পথাৰত হাতে–কামে নামি পৰিছে অঞ্চলটোৰ কৃষকসকল৷ জিলাখনৰ অন্তর্গত মাহমৰা সমষ্টিত শূঁৰ পোকৰ উপদ্রৱত সর্বাধিক ক্ষতিগ্রস্ত হৈছে খেতিপথাৰ৷ সমষ্টিটোৰ দবা, কাকতিবাৰী, টিমন, দিপলিং, মাহমৰা আদি অঞ্চলত শূঁৰ পোকৰ সন্ত্রাসত মূৰে–কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে৷ তদুপৰি সোণাৰি সমষ্টিৰ ভজো, টীয়ক, ৰজাবাৰী, সাপেখাতী আদি অঞ্চলতো উপদ্রৱ চলিছে শূঁৰ পোকৰ৷

You might also like