নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি বছৰত তিনি শতাধিক সদস্যৰ মাত্র ৫জনক নিযুক্তি

শ্বহীদ–নির্যাতিত পৰিয়ালক চৰম বঞ্চনা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   অসম চুক্তি দফাই দফাই ৰূপায়ণ কৰা হ’ব বুলি নির্বাচনী প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰৰ কার্যকালত অসম আন্দোলনৰ শ্বহীদ–নির্যাতিত পৰিয়ালৰ বহু সদস্যই আজিও নাপালে চৰকাৰী সংস্থাপন৷ যাৰ পৰিণতিত শ্বহীদ–নির্যাতিত পৰিয়ালৰ বহু সদস্যই আজিও এটা চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ফলত চৰকাৰী নিযুক্তিৰ নামত চৰকাৰে শ্বহীদ–নির্যাতিত পৰিয়ালৰ সদস্যক বঞ্চনা কৰা বুলি অভিযোগ উঠিছে৷ সদৌ অসম শ্বহীদ–নির্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মাণিক চন্দ্র দেৱনাথে জনোৱা মতে, ২০১৬ চনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগত মুঠ ৮৫৫টা শ্বহীদ–নির্যাতিত পৰিয়ালৰ ভিতৰত তিনি শতাধিক সদস্যই স্থায়ী নিযুক্তি বিচাৰি আবেদন কৰিছিল৷ কিন্তু ইয়াৰ ভিতৰত চৰকাৰে ২০১৮ চনত জলসম্পদ বিভাগত মাত্র ৫জন সদস্যকহে নিযুক্তি দিলে৷ ফলত বাকী সদস্যসকলে চৰকাৰী সংস্থাপন লাভৰ আশাত বন্দী হৈ দিন অতিবাহিত কৰিব লগা গৈছে৷ তেওঁ কয় যে বিভিন্ন বিভাগৰ ফাইল নম্বৰৰ তালিকাত থকা বাকী আবেদনকাৰীৰ নাম সংগ্রহ কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে৷ মুখ্য সম্পাদক দেৱনাথে লগতে জনোৱা মতে শ্বহীদৰ তেজ আৰু ত্যাগৰ দলিল অসম চুক্তিৰ ৬নং দফাত শ্বহীদ–নির্যাতিত পৰিয়ালৰ বঞ্চিত প্রার্থীসকলক নিযুক্তিৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰাকে ধৰি আন কেইবাটাও দাবী সমাধানৰ বাবে শ্বহীদ–নির্যাতিত পৰিয়াল পৰিষদৰ কার্যকৰী সভাপতি কুশল পাঠক, উপ–সভাপতি বিনন্দ নির্মলীয়া, সুৰেন্দ্র নাথ দাস আৰু মুখ্য সম্পাদক মাণিক চন্দ্র দেৱনাথে আজি অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক দিছপুৰত সাক্ষাৎ কৰি স্মাৰক–পত্র প্রদান কৰে৷ পৰিষদৰ আন দাবীকেইটা হ’ল– অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰা, জিলা উপায়ুক্তসকলৰ দ্বাৰা সত্য প্রমাণিত পংগু নির্যাতিতসকলক আর্থিক সাহায্য প্রদান কৰা, শ্বহীদ নির্যাতিত পৰিয়ালৰ নিকটাত্মীয়ৰ সন্তান, নাতি–নাতিনী, ভতিজা–ভতিজী আৰু বোৱাৰীক মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিং কলেজত নামভর্তিকৰণৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা, চৰকাৰী সংস্থাপনৰ ক্ষেত্রত ৪৫ বছৰ ঊর্ধ্বৰ প্রার্থীক বয়সৰ ক্ষেত্রত ৰেহাই দিয়াৰ ব্যৱস্থা কৰা আদি৷

You might also like